নেপালৰ ধ্বংসাৱশেষৰ তলত পোত খোৱা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ৯ দিনৰ পিছত জীৱন্ত উদ্ধাৰ ২ জন

Story by  atv | Posted by  Munni Begum • 1 h ago
নেপালৰ ধ্বংসাৱশেষৰ তলত পোত খোৱা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ৯ দিনৰ পিছত জীৱন্ত উদ্ধাৰ ২ জন
নেপালৰ ধ্বংসাৱশেষৰ তলত পোত খোৱা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ৯ দিনৰ পিছত জীৱন্ত উদ্ধাৰ ২ জন
 
কাঠমাণ্ডু
 
নেপালৰ ত্ৰিশূলী অঞ্চলত ধ্বংসাৱশেষৰ তলত পোত খোৱা এটা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা দুজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। নেপালৰ কমেও ৩ খন জিলাত ভয়াৱহ বানপানী আৰু আকস্মিক বানৰ ঘটনা সংঘটিত হোৱাৰ ন দিন পিছত এই উদ্ধাৰ অভিযান সফল হয়। এই ঘটনাই সুৰংগটোৰ ভিতৰত এতিয়াও আন লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনাৰ প্ৰতি নতুন আশা জগাই তুলিছে। 
 
স্থানীয় টেলিভিছন চেনেলসমূহে প্ৰকাশ কৰা ভিডিঅ’ আৰু ছবিত ত্ৰিশূলী ৩এ জলবিদ্যুৎ প্ৰকল্পৰ পৰা মাটিত সম্পূৰ্ণৰূপে পোত খোৱা দুজন কৰ্মীক উদ্ধাৰকাৰীয়ে কান্ধত কঢ়িয়াই লৈ অহা দেখা যায়। উদ্ধাৰকাৰীসকলে এই ঘটনাক এক “অলৌকিক ঘটনা” বুলি অভিহিত কৰিছে। 
 
নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে জনোৱা মতে, উদ্ধাৰ হোৱা দুজন লোকৰ নাম কবীৰ মহাৰ্জন আৰু সঞ্জয় শ্বাহ। ৩০ বছৰীয়া সঞ্জয় শ্বাহ নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ (NEA) মেকানিকেল ফ’ৰমেন। আনহাতে, ৪৫ বছৰীয়া কবীৰ মহাৰ্জন ত্ৰিশূলী ৩এ জলবিদ্যুৎ প্ৰকল্পৰ তত্বাৱধায়ক।
 
দুয়োজনৰে হাত-ভৰিত আঘাত পোৱাৰ কথা জানিব পৰা গৈছে। বানপানীৰ ফলত সুৰংগটোৰ প্ৰৱেশদ্বাৰ ধ্বংসাৱশেষে ঢাকি পেলোৱাৰ পিছত তেওঁলোকে সুৰংগৰ ভিতৰত খোজকাঢ়ি আগবাঢ়িবলৈ চেষ্টা কৰাৰ ফলত এই আঘাত হোৱা বুলি ধাৰণা কৰা হৈছে। 
 
উদ্ধাৰ হোৱা কৰ্মী কবীৰ মহাৰ্জনৰ ভাতৃ আমিৰ মহাৰ্জনে সংবাদ সংস্থাক কয়, “মই অত্যন্ত সুখী। এতিয়া যেন মোৰ বুকুখন অলপ পাতল লাগিছে।”
 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, সঞ্জয় শ্বাহৰ অৱস্থা সুস্থিৰ। তেওঁক বিমানযোগে ৰাজধানী কাঠমাণ্ডুৰ উত্তৰ-পশ্চিমে অৱস্থিত বাট্টাৰলৈ লৈ যোৱা হয়। আনহাতে, কবীৰ মহাৰ্জনক কাঠমাণ্ডুৰ ছাউনী হাস্পতাললৈ লৈ যোৱা হয়। এইখন এখন সামৰিক হাস্পতাল আৰু তাত তেওঁক আইচিইউত চিকিৎসাধীন কৰা হৈছে।
 
২৭ আগষ্টৰ পূৰ্বে অঞ্চলটোত সংঘটিত এক ভয়াৱহ হিমবাহ আৰু শিলাখণ্ড খহি পৰাৰ ঘটনাৰ পিছত বোকা আৰু ধ্বংসাৱশেষৰ প্ৰচণ্ড সোঁতে অঞ্চলটো প্লাৱিত কৰি পেলাইছিল। এই ঘটনাৰ পিছৰে পৰা জলবিদ্যুৎ প্ৰকল্পসমূহত কাম কৰা শ শ কৰ্মীৰ সন্ধান পোৱা হোৱা নাছিল।
 
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি,  ত্ৰিশূলী ৩এৰ সুৰংগত উদ্ধাৰ অভিযান চলি থকাৰ সময়ত ভিতৰৰ পৰা আন লোকৰ কণ্ঠস্বৰো শুনিবলৈ পোৱা গৈছে। ত্ৰিশূলী ৩এ জলবিদ্যুৎ প্ৰকল্পৰ ভূগৰ্ভস্থ বিদ্যুৎকেন্দ্ৰলৈ যোৱা সুৰংগটোৰ দৈৰ্ঘ্য ৪ কিলোমিটাৰতকৈও অধিক।
 
ইয়াৰ উপৰি আন প্ৰায় ছয়টা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগতো উদ্ধাৰ অভিযান চলি আছে। এই সুৰংগসমূহৰ ভিতৰত ১৫০ জনতকৈ অধিক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। শক্তিমন্ত্ৰী বিৰাজ ভক্ত শ্ৰেষ্ঠই এক বিবৃতিত কয়, “যেতিয়ালৈকে উশাহ আছে, তেতিয়ালৈকে আশা আছে!ক্ষতিগ্ৰস্ত সকলো সুৰংগত উদ্ধাৰ অভিযান অব্যাহত আছে। সকলোৱে এই প্ৰচেষ্টাত সহযোগিতা আৰু প্ৰাৰ্থনা অব্যাহত ৰাখক। আমি এতিয়াও আশা হেৰুৱা নাই।”
 
স্থানীয় কৰ্তৃপক্ষৰ মতে, নেপালৰ ১২টা জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায় ৯০০ কৰ্মীৰ সন্ধান পোৱা হোৱা নাই। ইয়াৰে প্ৰায় ৫০০ জন সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। বৃহৎ উদ্ধাৰ অভিযানৰ অংশ হিচাপে অভিযন্তাসকলে এই সুৰংগসমূহৰ ভিতৰলৈ বায়ু পাম্প কৰি আছে।
 
নেপালত সংঘটিত এই ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ঘটনাত কমেও ১,২৫৯ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মতে, এতিয়াও ৫,০০০ৰো অধিক লোক সন্ধানহীন হৈ আছে।
 
ইফালে, বুধবাৰৰ নিশা চীনে জনোৱা মতে, সীমান্তৰ তিব্বতৰ ফালে ২১ জন লোকৰ মৃত্যু হৈছে আৰু ৫৪১ জন লোক সন্ধানহীন হৈ আছে। নেপালৰ যোগাযোগমন্ত্ৰী বিক্ৰম তিমিলচিনাই এতিয়াও অধিক লোকক জীৱন্তে উদ্ধাৰ কৰাৰ আশা প্ৰকাশ কৰিছে। তেওঁ নিজৰ ফেচবুক পেজত লিখিছে, “আমি আৰু অধিক লোকৰ উদ্ধাৰৰ বাবে অপেক্ষা কৰি আছোঁ।”