নতুন দিল্লী
উপসাগৰীয় অঞ্চলত সামৰিক উত্তেজনা বৃদ্ধি পোৱা আৰু বাণিজ্যিক জাহাজসমূহৰ ওপৰত অব্যাহত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয় (DGMA)-এ হৰমুজ প্ৰণালীৰে যাত্ৰা কৰা জাহাজত ভাৰতীয় নাবিক নিয়োগ নকৰিবলৈ জাহাজ মালিক, জাহাজ পৰিচালক আৰু নিযুক্তি আৰু নিযুক্তি সেৱা অনুজ্ঞাপত্ৰ (আৰ পি এছ এল) কোম্পানীসমূহক পৰামৰ্শ দিছে।
বুধবাৰে প্ৰকাশ কৰা এক পৰামৰ্শমূলক জাননীত ভাৰত চৰকাৰৰ সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয়ে স্পষ্টকৈ উল্লেখ কৰে যে, "ভাৰতীয় নাবিকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ, লগতে ভাৰতীয় জাহাজসমূহৰ নিৰাপত্তা নিশ্চিত কৰাটো সঞ্চালকালয়ৰ মূল দায়িত্ব।"
সাম্প্ৰতিক সময়ত মোম্বাছা বি, আল বাহিয়াহ, জিএফএছ গেলেক্সি, এমটি ৱেডিয়ান, আৰু আল ৰেকাইয়াটকে ধৰি কেইবাখনো বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত আক্ৰমণৰ কথা উল্লেখ কৰি সঞ্চালকালয়ে কয় যে, এই ঘটনাসমূহে সংঘাতগ্ৰস্ত অঞ্চলত কৰ্মৰত নাবিক আৰু বাণিজ্যিক জাহাজসমূহৰ বাবে বিপদৰ মাত্ৰা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিছে।
জাননীত কোৱা হৈছে যে, পাৰস্য উপসাগৰ অঞ্চলত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি, ভাৰতীয় নাবিকৰ হতাহতি আৰু বাণিজ্যিক জাহাজসমূহৰ ওপৰত অব্যাহত আক্ৰমণৰ প্ৰেক্ষাপটত ভাৰতীয় নাবিকসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে।
সঞ্চালকালয়ে পাৰস্য উপসাগৰ, হৰমুজ প্ৰণালী আৰু ইয়াৰ কাষৰীয়া সমুদ্ৰ অঞ্চলত চলাচল কৰা জাহাজসমূহৰ কেপ্টেইনসকলক সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। লগতে নেভিগেশ্যনেল সতর্কবাণী, নিৰাপত্তা পৰামৰ্শ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সকলো আপডেট নিয়মীয়াকৈ অনুসৰণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় জাহাজ আৰু বন্দৰ অনুস সকলো প্ৰযোজ্য জাহাজ সুৰক্ষা ব্যৱস্থা আৰু কোম্পানীৰ নিৰাপত্তা ব্যৱস্থা কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে।
একেদৰে সঞ্চালকালয়ে জাহাজ মালিক, জাহাজ পৰিচালক আৰু আৰ পি এছ এল কোম্পানীসমূহক পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে হৰমুজ প্ৰণালীৰে চলাচল কৰা জাহাজত ভাৰতীয় নাবিক নিয়োগ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।
জৰুৰী পৰিস্থিতিৰ সৃষ্টি হ'লে নাবিক আৰু জাহাজসমূহক তাৎক্ষণিকভাৱে ডিজি কমিউনিকেচন চেণ্টাৰ (MMDAC) অথবা ভাৰতীয় নৌসেনাৰ তথ্য সংযোজন কেন্দ্ৰ-ভাৰত মহাসাগৰীয় অঞ্চল (আইএফচি-আইঅ’আৰ)ৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিবলৈও কয়।
উল্লেখযোগ্য যে, শেহতীয়া দিনকেইটাত আমেৰিকা আৰু ইৰানৰ মাজত অব্যাহত সামৰিক আক্ৰমণ- প্ৰত্যাক্ৰমণৰ ফলত পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ সামুদ্ৰিক নিৰাপত্তা পৰিস্থিতি অধিক জটিল হৈ পৰিছে। এই পৰিস্থিতিৰ প্ৰেক্ষিততে ভাৰত চৰকাৰে দেশৰ নাবিকসকলৰ জীৱন আৰু সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি এই সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰিছে।