আৰিফুল ইছলাম/গুৱাহাটী
কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ বিখ্যাত প্ৰশিক্ষক প্ৰয়াত ৰমাকান্ত আচৰেকাৰে যিদৰে ক্ৰিকেট কিংবদন্তিৰ পুত্ৰ অৰ্জুনকো প্ৰশিক্ষণ দিয়াৰ সৌভাগ্য লাভ কৰিছিল, ঠিক তেনেকৈয়ে অসমৰ আচৰেকাৰখ্যাত নবাব আলীয়েও অসমৰ প্ৰাক্তন অধিনায়ক পৰাগ দাসৰ লগতে তেওঁৰ পুত্ৰ ৰিয়ান পৰাগকো একেবাৰে আৰম্ভণিৰ পৰা গঢ় দিয়াৰ সৌভাগ্য অৰ্জন কৰিছিল। ৰিয়ান পৰাগ হৈছে অসমৰ পৰা টীম ইণ্ডিয়াত স্থান পোৱা প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। খেলুৱৈ হিচাপে তেওঁ বহু শতক অৰ্জন কৰিব নোৱাৰিলেও অসম তথা ভাৰতৰ বাবে শতকৰো অধিক খেলুৱৈ প্ৰস্তুত কৰিছে। শতাধিক খেলুৱৈ প্ৰস্তুত কৰা এই কিংবদন্তি প্ৰশিক্ষকগৰাকীক অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসে আগবঢ়াব ওলাইছে ২০২৬ চনৰ অসম জাতীয় বিদ্যালয় সন্মান।
অসম জাতীয় বিদ্যালয়ে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অসামান্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি প্রদানৰ পৰম্পৰা অব্যাহত ৰাখিছে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ন্যাসে অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ বাবে অসম জাতীয় বিদ্যালয় সম্মান আগবঢ়োৱাৰ কথা শনিবাৰে এখন সংবাদমেলত ঘোষণা কৰে। অসমৰ ক্ৰিকেট জগতৰ এগৰাকী বিশিষ্ট আৰু কিংবদন্তি প্রশিক্ষক নবাব আলীৰ লগতে বিশিষ্ট লেখক, সমাজকর্মী, অনুবাদক আৰু চাহ খেতিয়ক দেবীপ্রসাদ বাগ্রোডিয়া, আৰু এৰী ৰেচম বিশেষজ্ঞ আৰু হস্তশিল্প উদ্যোগী নৰমোহন দাসক ২০২৬ বৰ্ষৰ বাবে অসম জাতীয় বিদ্যালয় সন্মান আগবঢ়োৱা হ'ব।
নবাব আলীয়ে এজন শিশুক উইকেটকিপিং কৌশল শিকাইছে
অহা ১ নৱেম্বৰত অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত-মাতৰ গধূলি অনুষ্ঠানত এইকেইগৰাকী বিশিষ্ট ব্যক্তিক অসম জাতীয় বিদ্যালয় সন্মান প্রদান কৰা হ'ব। এই সন্মানৰ সৈতে সম্বর্ধনাপত্র, স্মাৰক, ৩০ হেজাৰ টকাৰ আর্থিক মাননি আৰু আন আন উপহাৰৰ টোপোলা থাকিব।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিংবদন্তি প্ৰশিক্ষক নবাব আলীয়ে কয়; "এই সন্মানৰ বাবে অসম জাতীয় বিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জনাইছোঁ। ঐতিহ্যমণ্ডিত অসম জাতীয় বিদ্যালয় হৈছে অসমৰ আগশাৰী শ্ৰেষ্ঠ বিদ্যালয় সমূহৰ ভিতৰত অন্যতম সন্মানীয় এখন শিক্ষানুষ্ঠান। অত্যন্ত ভাল লাগিছে এই সন্মান দিয়াৰ বাবে। মই প্ৰশিক্ষণ দিয়া খেলুৱৈ সমূহৰ ভিতৰত ৰিয়ান পৰাগ হৈছে ভাৰতীয় মুখ্য দলত স্থান পোৱা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। গতিকে ইয়াৰ বাবেই মই এই সন্মান পোৱা বুলি ভাবি লৈছোঁ।"
ক্ৰিকেট প্ৰশিক্ষণৰ বাবে জীৱন উচৰ্গা কৰা ‘ক্ৰিকেটৰ নৱাব’খ্যাত নবাব আলীয়ে ১৯৮৫ চনৰ পৰা অসমৰ হৈ খেলা প্ৰায়বোৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰৰ সৃষ্টি কৰিছে। ৫০ জনতকৈ অধিক প্ৰথম শ্ৰেণীৰ (ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী আদি) খেলুৱৈ আৰু ১০০ জনৰো অধিক ৰাষ্ট্ৰীয় বয়স শাখাৰ বিভিন্ন প্ৰতিযোগিতাৰ খেলুৱৈ সৃষ্টি কৰি নবাব আলীয়ে অৱশেষত সেইদিনা প্ৰকৃত সফলতাৰ সোৱাদ লাভ কৰে, যেতিয়া ৰিয়ান পৰাগে টীম ইণ্ডিয়াৰ নীলা জাৰ্ছী পৰিধান কৰি খেলপথাৰত নামিছিল।
নবাব আলীয়ে শিশু প্ৰশিক্ষাৰ্থীসকলক বেটিং শিকাইছে
নবাব আলীয়ে কেৱল পৰাগ দাস আৰু ৰিয়ান পৰাগকে গঢ় দিয়া নহয়, তেওঁ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ছৈয়দ জাকাৰিয়া জুফ্ৰি, নিশান্ত বৰদলৈ, বিশ্বজিৎ চৌধুৰী, গৌতম শৰ্মা, জাভেদ জামান আদিৰ দৰে ক্ৰিকেটাৰক প্ৰশিক্ষণ দিয়াৰ পিছত এতিয়া তেওঁলোকৰ দ্বিতীয় প্ৰজন্মৰ পুত্ৰকো লালন-পালন কৰি আহিছে।
সদায় ফিট আৰু শান্ত স্বভাৱৰ ৬০ উৰ্ধৰ নবাবদা এনে এজন ব্যক্তি, যিয়ে অসমৰ পৰা জাতীয় দলত স্থান লাভ কৰা ক্ৰিকেটাৰ জন্ম দিয়াৰ অভিযানত নামি পৰাৰ পিছৰে পৰা কেতিয়াও কোনো ধৰণৰ বেমাৰৰ সন্মুখীন হোৱা নাই। ১৯৮৫ চনৰ পৰাই তেওঁ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ নামৰ এক প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে আৰু কেতিয়াও এটা ছেছনো মিছ কৰা নাই।
১৯৭৮ চনত তেতিয়াৰ বিচিচিআই ইষ্ট জ’নৰ প্ৰশিক্ষক ইদুল বি আইবাৰা (Edul B Aibara)ৰ পৰা শিকি অহা কথাখিনিৰে ১৫ বছৰ বয়সতে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা আলীয়ে ১৯৮১-৮২ আৰু ১৯৮৩-৮৪ ছিজনত চি কে নাইডু ট্ৰফী স্কুল ক্ৰিকেট প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল। চমু ক্ৰিকেট কেৰিয়াৰত তেওঁ ১৯৮৪-ৰ পৰা ১৯৮৬ চনলৈ নুৰুদ্দিন ট্ৰফীৰ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত গুৱাহাটী জিলা দলক প্ৰতিনিধিত্ব কৰিছিল।
নবাব আলীয়ে এজন প্ৰশিক্ষাৰ্থীক বেটিংৰ এটা কৌশল শিকাইছে
শৈশৱৰ পৰাই ক্ৰীড়া সংগঠন আৰু প্ৰশিক্ষণৰ প্ৰতি নবাবদাৰ বিশেষ আগ্ৰহ আছিল। সেয়ে তেওঁ ১৯৮৪ চনত অসমৰ ৰাজ্যিক ক্ৰীড়া পৰিষদে আয়োজন কৰা এক শিবিৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পিছত প্ৰশিক্ষণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে।
"শৰ্মা গুৱাহাটীৰ পৰা বদলি হোৱাৰ পিছত ১৯৮৫ চনৰ ভিতৰত নেহৰু ষ্টেডিয়ামৰ এটা চুকত এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হৈছিল আৰু সেই প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ হোৱাৰ বাবেই মই কনিষ্ঠসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলোঁ।" - আৱাজ দ্য ভইচৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলীয়ে কয়।
১৯৯২ চনৰ পৰা ২০১৮ চনলৈকে দীৰ্ঘদিন ধৰি গুৱাহাটী ক্ৰীড়া সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি তেওঁ এজন নিপুণ ক্ৰীড়া সংগঠক হিচাপেও পৰিচয় দিয়ে। তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰই পিছলৈ তেওঁৰ সমসাময়িক প্ৰয়াত আব্দুল ৰোব, ৰাতুল দাস, আশ্ৰাফুৰ ৰহিম (ৰাজু) আদিৰ সহায়ত পূৰ্ণাংগ প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপ লাভ কৰে আৰু ইয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ নামেৰে নামাকৰণ কৰা হয়।
বছৰৰ পিছত বছৰ ধৰি এইদৰে ক্ৰিকেটাৰ গঢ়া অভিযান অব্যাহত ৰাখিছে নবাব আলীয়ে
বৰ্তমান যদিও গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম নাই, কিন্তু যোৱা বছৰলৈকে এই নেহৰু ষ্টেডিয়াম আছিল বহু প্ৰতিভাৱান ক্ৰিকেটাৰৰ অন্যতম গ্ৰুমিং গ্ৰাউণ্ড। তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আৰম্ভণিৰ প্ৰায় ২৫-৩০ জন প্ৰশিক্ষাৰ্থীৰ ভিতৰত আছিল অসমৰ প্ৰাক্তন অধিনায়ক ৰাজিন্দৰ সিং, জাহিৰ আহমেদ আৰু বৰ্তমানৰ বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া আদি। আজি এই কেন্দ্ৰটোৱে ৩৫০ জনলৈকে প্ৰশিক্ষাৰ্থীক ক্ৰিকেটৰ প্ৰশিক্ষণ আগবঢ়াই আছে।
নবাবদাই গঢ় দিয়া কেইজনমান শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ ভিতৰত আছে ছৈয়দ জাকাৰিয়া জুফ্ৰি, আবু নাছিম আহমেদ, পৰাগ দাস, নিশান্ত বৰদলৈ, খনীন শইকীয়া, ৰিয়ান পৰাগ, মৃগেন তাকুকদাৰ, পলাশ জ্যোতি দাস, ছাদেক ইমৰান চৌধুৰী ইত্যাদি।