গুৱাহাটী
অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ বৰহামত অনুষ্ঠিত ৱৰ্ল্ড বৌলছ চেম্পিয়ন অৱ চেম্পিয়নছৰ পুৰুষৰ একক শাখাত ব্ৰঞ্জৰ পদক জয়েৰে অসমৰ খেলুৱৈ পুতুল সোণোৱালে এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে।
শেহতীয়াকৈ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত কানাডাৰ বিশ্ব চেম্পিয়ন ৰিয়ান বেষ্টাৰক পৰাস্ত কৰি খলকনি তোলা সোণোৱালে শনিবাৰে বৰহামত শীৰ্ষ বছাইকৃত তথা বিশ্বৰ ৩ নম্বৰ স্থানৰ স্কটলেণ্ডৰ খেলুৱৈ ইয়ান মেকলিনৰ হাতত ছেমিফাইনেলত ০-২ (৫-৮, ৪-৮) ব্যৱধানত পৰাস্ত হৈ নিজৰ এই চমৎকাৰ যাত্ৰাৰ সামৰণি মাৰে।
ৱৰ্ল্ড বৌলছ চেম্পিয়ন অৱ চেম্পিয়নছত সোণোৱালে ভাৰতক প্ৰতিনিধিত্ব কৰা এইটো আছিল তৃতীয়বাৰ। একেখন চেম্পিয়নশ্বিপতে অসমৰ আন এগৰাকী খেলুৱৈ বংগীতা হাজৰিকায়ো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু অতি কম ব্যৱধানৰ বাবে তেওঁ নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়ায়ো একেখন চেম্পিয়নশ্বিপতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
সভাপতি দুৰ্গাদাস বড়োৰ নেতৃত্বত লন বালিং এছ’চিয়েশ্যন অসমে সোণোৱালক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ ভৱিষ্যতলৈ আৰু অধিক সফলতা কামনা কৰিছে।
উল্লেখযোগ্য যে, সোণোৱাল অসম আৰক্ষীৰ এজন কৰ্মচাৰী আৰু বিগত কেইবা বছৰ ধৰি তেওঁ ভাৰতৰ ১ নম্বৰ খেলুৱৈ হিচাপে স্থান লাভ কৰি আহিছে।