চণ্ডীগড়
ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গিলে নিউ চণ্ডীগড়ত অসমৰ বিৰুদ্ধে পঞ্জাবৰ ৰঞ্জি ট্ৰফীৰ দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথমখন মেচত অংশগ্ৰহণ নকৰে। অৱশ্যে, ১৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ছত্তীছগড়ৰ বিৰুদ্ধে দলটোৰ দ্বিতীয়খন মেচত তেওঁ খেলপথাৰত নমাৰ সম্ভাৱনা আছে।
অসমৰ বিৰুদ্ধে মেচখনত পঞ্জাবক নেতৃত্ব দিব ভাৰতৰ প্ৰাক্তন অনূৰ্ধ্ব-১৯ দলৰ অধিনায়ক উদয় ছাৰণে।
ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিয়ে উপলব্ধ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলক ৰঞ্জি ট্ৰফীৰ অন্ততঃ এখন মেচত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি, ৰবীন্দ্ৰ জাদেজাই সৌৰাষ্ট্ৰৰ হৈ, কে এল ৰাহুলে কৰ্ণাটকৰ হৈ, গুৰনূৰ ব্ৰাৰে পঞ্জাবৰ হৈ আৰু আকাশ দীপে বংগৰ হৈ খেলপথাৰত নামিছে।
পঞ্জাবৰ প্ৰথমখন মেচত গিলৰ অনুপস্থিতিৰ কাৰণ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে, ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ছত্তীছগড়ৰ বিৰুদ্ধে দ্বিতীয়খন মেচত তেওঁ খেলাৰ সম্ভাৱনা আছে।
নিউজিলেণ্ড ভ্ৰমণলৈ যোৱাৰ পূৰ্বে খেলৰ অনুশীলন আৰু ছন্দ ঘূৰাই পোৱাৰ বাবে তেওঁ ৰঞ্জি ট্ৰফীৰ এই মেচখনত অংশগ্ৰহণ কৰিব পাৰে। নিউজিলেণ্ডত টেষ্ট শৃংখলাৰ প্ৰস্তুতিৰ অংশ হিচাপে তেওঁ প্ৰথম তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত খেলাৰ সম্ভাৱনা আছে।