জুবিন গাৰ্গ ন্যায়ৰ বাবে সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ হোৱাৰ বাবে গৰিমাৰ আহ্বান

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ
জুবিন গাৰ্গ আৰু তেওঁৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ
 
মুন্নী বেগম / গুৱাহাটী 
 
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পিছতে ন্যায়ৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সামাজিক মাধ্যমত এক আৱেগিক পোষ্টযোগে জুবিনৰ ন্যায়ৰ যুঁজ কেৱল পৰিয়ালৰ মাজত সীমাবদ্ধ নাৰাখি সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে গৰিমাই। 
 
উল্লেখযোগ্য যে, ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত ১৩ অক্টোবৰত হাফলং কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ মূল অভিযুক্ত অমৃতপ্ৰভা মহন্তই।
 
 
গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টত প্ৰশ্ন কৰিছে যে, "আমি গোটেইটো অসম পৰিয়াল, জুবিন পৰিয়াল হ’ব নোৱাৰোনে? প্ৰতিজন অসমীয়াকে তেওঁ নিজৰ বুলি ভবা নাছিল জানো?" জুবিন পৰিয়ালতকৈও অধিক ৰাইজৰ আছিল বুলি উল্লেখ কৰি সন্মিলিত শক্তিৰে ন্যায়ৰ যুঁজ আগবঢ়াই নিয়াৰ আহ্বান জনায় তেওঁ।
 
গতিকে সকলো জুবিনৰ পৰিয়ালেহে কৰিব লাগিব বুলি নাভাবি আপোনালোক সকলো পৰিয়ালৰ সদস্য হৈ পৰকচোন। পৰিয়ালতকৈ জুবিন বেছি ৰাইজৰহে আৰু পৰিয়ালটোতকৈ ৰাইজৰ সন্মিলিত শক্তিৰ প্ৰভাৱো বেছি। এতিয়া মাত্ৰ কেইটামান অসুৰৰ সন্মুখত আমাৰ সন্মিলিত বিয়াগোম শক্তিয়েও বিজয় লাভ কৰিব নোৱাৰিবনে? গোটেই ৰাজ্যখনতো ঠিয় হৈছে অসুৰকেইটাৰ বিপক্ষে? কাৰণ এই গোচৰটো #StateofAssam Vs #Accused 
 
ফেচবুক পোষ্টত গৰিমাই লগতে লিখিছে, "বিপক্ষৰ বহুত আলোচনা চলিছে। আমাক হতাশ কৰি ভাঙি পেলাবলৈ যিবোৰ চক্ৰান্তই মুৰ ডাঙি উঠিছে, সেই সকলোবোৰ নিশ্চয়কৈ আমাৰ শত্ৰু! অপযশ, অবমাননাৰ বোকা কেৱল‌ আমালৈয়ে নহয়, প্ৰাণৰ শিল্পীজনলৈও অবিৰতভাৱে চটিওৱাৰ প্ৰয়াস চলি আছে যাতে গোচৰটোৰ কোনো মীমাংসা সঠিকভাৱে নহওঁক.. দোষীকেইটা সাৰি ওলাই যাওঁক। পৰিয়ালক অপমান, অনুৰাগীক অপমান, ভালপোৱা মানুহক অপমান আৰু এতিয়া সংবাদকৰ্মীকো অপমান.. কি সাহসত আৰু কিহৰ অহংকাৰত  ইমান দূৰাচাৰ?
 
গোচৰটোক কেন্দ্ৰ কৰি বিভিন্ন অপপ্ৰচাৰ চলাৰ অভিযোগ উত্থাপন কৰি গৰিমাই পোষ্টটোত লিখিছে, মনত ৰাখিব আমি‌ দোষী নহয়। জুবিনে মোক কয়, " The best thing happened to my life is you"। তাতকৈ ডাঙৰ স্বীকৃতি আৰু সন্মান মোৰ বাবে একোৱেই হ'ব নোৱাৰে। মই কি মই জানো আৰু তেওঁ জানে, অসমৰ‌ ৰাইজে জানে (নুবুজাসকলে বাৰু কেতিয়াও নুবুজে)... নেদেখাজনেও দেখি আছে। কাৰো জাপি দিয়া অপবাদলৈ মই ভয় নকৰোঁ।  
 
তেওঁ লগতে লিখিছে, "ন্যায় আমাৰ প্ৰাপ্য।‌ আমাক ন্যায় লাগিবই। যিটো সত্য আৰু শুদ্ধ সেয়াহে বিচাৰিছোঁ। অভিজ্ঞ তদন্তকাৰী বিষয়াৰ দলে আইনী প্ৰক্ৰিয়াৰে দোষাৰোপ কৰা অপৰাধীৰহে‌ শাস্তি বিচাৰিছোঁ, কোনো নিৰপৰাধীক কষ্ট দিব বিচৰা নাই। তেন্তে আমাৰ নায্য প্ৰদানত ইমান আপত্তি আৰু চক্ৰান্ত কিহৰ?
 
একে সময়তে সাংবাদিকৰ প্ৰতি কৰা আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমক সত্য উদ্ঘাটনত সাহসী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। পামী বৰঠাকুৰে সাংবাদিকৰ প্ৰতি কৰা আচৰণক দুৰ্ভাগ্যজনক আখ্যা দি কয় যে, সাংবাদিকসকলে কেৱল নিজৰ হৈ নহয়, সমগ্ৰ ৰাইজৰ হৈ প্ৰশ্ন উত্থাপন কৰে। সেয়েহে তেওঁলোকৰ প্ৰশ্ন সোধাৰ অধিকাৰত বাধা দিয়াটো উচিত নহয়। কিছুসংখ্যক অধিবক্তাই বিষয়টোক নিজৰ ধৰণে উপস্থাপন কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ কৰে পামী বৰঠাকুৰে। অৱশ্যে সকলো অধিবক্তাক তেওঁ এই অভিযোগৰ আওতাত অনা নাই।
 
বৰঠাকুৰে কয় যে, বৰ্তমান সময়ত সংবাদ মাধ্যমৰ দায়িত্ব অধিক বৃদ্ধি পাইছে। প্ৰতিটো দিশ নিৰপেক্ষভাৱে ৰাইজৰ সন্মুখত দাঙি ধৰাৰ আহ্বান জনাই তেওঁ মন্তব্য কৰে, এতিয়া সাংবাদিকতাৰ প্ৰকৃত পৰীক্ষাৰ সময়।