হিমালয়ৰ ভয়াৱহ বান সাধাৰণ ঘটনা নহয়,ই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলি উল্লেখ নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
কাঠমাণ্ডু
 
যোৱা সপ্তাহত হিমালয় অঞ্চলত সংঘটিত ভয়াৱহ বান কোনো সাধাৰণ বান নাছিল, বৰং জলবায়ু পৰিৱৰ্তনৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক আছে বুলি মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে। এই ঘটনাক লৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। 
 
চীন-নেপাল সীমান্তৰ ওচৰত হিমবাহ খহি পৰাৰ ফলত সৃষ্টি হোৱা বৰফশীতল পানী আৰু ধ্বংসাৱশেষৰ প্ৰচণ্ড সোঁতে বৃহৎ অঞ্চলত তাণ্ডৱ চলায়। এই বানত কমেও ৯৩৯জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪,৫০০জন লোক সন্ধানহীন হৈ আছে। নেপাল চৰকাৰে জনোৱা মতে, বানৰ ফলত হোৱা ক্ষতিৰ পুনৰ নিৰ্মাণৰ ব্যয় কেইবা বিলিয়ন ডলাৰ পৰ্যন্ত হ’ব পাৰে।
 
সোমবাৰে নিশা সামাজিক মাধ্যমত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে কয়, “ৰাছুৱাৰ ভোতে কোশী নদীৰ বান কোনো সাধাৰণ বান নাছিল।”
 
তেওঁ কয় যে হিমালয় অঞ্চলত বৰফ আৰু তুষাৰৰ এক বৃহৎ অংশ খহি পৰাৰ ফলত সৃষ্টি হোৱা এই বান অঞ্চলটোৰ অন্যতম বৃহৎ প্ৰাকৃতিক দুৰ্যোগ।
 
যদিও হিমবাহ খহি পৰাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, তথাপি বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহসমূহ দ্ৰুতগতিত গলি যোৱাৰ ফলত এনে দুৰ্যোগৰ আশংকা বৃদ্ধি পাইছে। বিজ্ঞানীসকলৰ মতে, বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আগতকৈ অধিক দ্ৰুতগতিত বৰফ গলিবলৈ ধৰিছে।
 
প্ৰধানমন্ত্ৰী শ্বাহে লগতে কয়, “এই ঘটনাই দেখুৱাইছে যে, জলবায়ু পৰিৱৰ্তনৰ সৈতে হিমালয় অঞ্চলত আমি সন্মুখীন হোৱা বিপদৰ আশংকাও বৃদ্ধি পাইছে। সেয়েহে এই অঞ্চলটোৰ প্ৰতি সকলো সময়তে সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা আছে।"
 
প্ৰায় ৩ কোটি জনসংখ্যাৰ নেপাল এখন মূলতঃ গ্ৰাম্য দেশ। জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী সেউজগৃহ গেছৰ নিৰ্গমনত ধনী আৰু ঔদ্যোগিক দেশসমূহৰ তুলনাত নেপালৰ অৱদান অতি কম। তথাপি জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বোজা দেশখনে যথেষ্ট বহন কৰিবলগীয়া হৈছে।
 
এই পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেপালে নিজৰ দাবী অধিক শক্তিশালীভাৱে উত্থাপন কৰা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, “জলবায়ু পৰিৱৰ্তনৰ ফলত আমি সন্মুখীন হোৱা এনে দুৰ্যোগৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত অধিক শক্তিশালীভাৱে উত্থাপন কৰাৰ এয়া উপযুক্ত সময়।”
 
হিমালয় আৰু হিন্দুকুশ পৰ্বতমালাৰ হিমবাহসমূহ কেৱল পাহাৰীয়া অঞ্চলৰ বাবেই নহয়, সমগ্ৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই হিমবাহসমূহৰ পৰা পোৱা পানীৰ ওপৰত পাহাৰীয়া অঞ্চলৰ প্ৰায় ২৪ কোটি লোক নিৰ্ভৰশীল। ইয়াৰ উপৰি তলৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ নদী উপত্যকাসমূহত বাস কৰা প্ৰায় ১৬৫ কোটি লোকৰ বাবেও এই পানীৰ উৎস অত্যন্ত গুৰুত্বপূৰ্ণ।
 
২০২৩ চনত নেপাল ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্তোনিঅ’ গুটেৰেছে হিমালয় অঞ্চলত দ্ৰুতগতিত হিমবাহ গলি যোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ সতৰ্ক কৰি কৈছিল যে “পৃথিৱীৰ ছাদ” ক্ৰমাৎ খহি পৰিছে।
 
যোৱা বুধবাৰৰ ভয়াৱহ দুৰ্যোগৰ পাছত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিভাগৰ মুৰব্বী ছাইমন ষ্টিয়েলে এই ঘটনাক পাহাৰীয়া পৰিৱেশ কিমান ঠুনুকা হ’ব পাৰে তাৰ এক “ভয়াৱহ সোঁৱৰণি” বুলি অভিহিত কৰে। 
 
ইফালে, ইতিমধ্যে সীমিত সম্পদ আৰু অৰ্থনৈতিক চাপৰ সন্মুখীন হৈ থকা নেপালৰ বাবে এনে বৃহৎ পৰিসৰৰ দুৰ্যোগৰ মোকাবিলা কৰা আৰু পুনৰ নিৰ্মাণৰ কাম আগবঢ়োৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।


শেহতীয়া খবৰ