নেপালত ধ্বংসলীলাৰ মাজতো আশাৰ ৰেঙনিঃ এজন শিক্ষকৰ উপস্থিত বুদ্ধিয়ে ৰক্ষা কৰিলে ১৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন

Story by  atv | Posted by  Munni Begum • 53 m ago
এজন শিক্ষকৰ উপস্থিত বুদ্ধিয়ে ৰক্ষা কৰিলে ১৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন
এজন শিক্ষকৰ উপস্থিত বুদ্ধিয়ে ৰক্ষা কৰিলে ১৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন
 
নতুন দিল্লী
 
প্ৰকৃতিৰ ভয়াৱহ ৰূপৰ মাজতো কেতিয়াবা এনে কিছুমান সাহস আৰু উপস্থিত বুদ্ধিৰ নিদৰ্শন দেখিবলৈ পোৱা যায়, যিয়ে অন্ধকাৰৰ মাজতো এক আশাৰ বন্তি জ্বলাই তোলে। নেপালৰ শেহতীয়া বিধ্বংসী বানপানীৰ সময়ত ঘটা এনে এক ঘটনাই এতিয়া সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। 
 
নেপালৰ বিধ্বংসী বানত সন্ধানহীন হোৱা আপোনজনক বিচাৰি হাহাকাৰ কৰা পৰিয়ালসমূহৰ হৃদয় বিদাৰক দৃশ্যৰ মাজতে, সাহস আৰু উপস্থিত বুদ্ধিৰ কাহিনীয়ে এই দুৰ্যোগৰ সময়ত আশাৰ এক ৰেঙনি কঢ়িয়াই আনিছে।
এনে এক কাহিনী হৈছে নুৱাকোটৰ ত্ৰিভুবন ত্ৰিশূলী মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেন্দ্ৰ দাৱাদীৰ, যাৰ ক্ষিপ্ৰ পদক্ষেপে এক প্ৰচণ্ড বানপানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলোৱাৰ সময়ত ১৬৪৩ গৰাকী নিস্পাপ শিশুৰ প্ৰাণ ৰক্ষা কৰিছিল।
 
নদীৰ উজনিৰ এখন গাঁও বানত উটি যোৱাৰ খবৰ পোৱাৰ কেইমিনিটমানৰ ভিতৰতে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ৪৭ বছৰীয়া দাৱাদীক ছ’চিয়েল মিডিয়াত এতিয়া এজন প্ৰকৃত 'হিৰো' বা নায়ক হিচাপে প্ৰশংসা কৰা হৈছে।
 
তেওঁ লগে লগে বিদ্যালয়ৰ ঘণ্টা বজাই দিয়ে আৰু শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলক ততাতৈয়াকৈ নিৰাপদ ওখ ঠাইলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিদ্যালয়লৈ আহি থকা স্কুল বাছৰ চালকসকললৈ ফোন কৰি বিদ্যালয়লৈ নাহিবলৈ নিৰ্দেশ দিয়ে।
 
তেওঁ চালকসকলক কয়, "ইয়ালৈ নাহিব। উভতি যাওক।"
 
অৱশ্যে এখন বাছ ইতিমধ্যে বিদ্যালয়ৰ কাষ পাইছিলহি। দাৱাদীয়ে বাছখন এখন দলঙৰ ওচৰলৈ অহা দেখি চালকজনক উভতি যাবলৈ ইংগিত দিয়ে। বাছখন উভতি যোৱাৰ মাত্ৰ কেই মুহূৰ্তমানৰ পিছতে বানপানীৰ প্ৰচণ্ড সোঁতত দলংখন খহি পৰে।
 
তাৰ ঠিক পিছতেই বানপানীৰ ঢল আহি বিদ্যালয় পালেহি। তিনিমহলীয়া অট্টালিকাটো একেবাৰে উটি গ'ল, যাৰ ফলত ভৱনটোৰ কোনো চিন-মোকামেই বাকী নাথাকিল। কিন্তু ভাগ্যক্ৰমে আটাইকেইগৰাকী, অৰ্থাৎ ১৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী সুৰক্ষিত অৱস্থাত থাকে।
 
হিমালয় অঞ্চলত হিমবাহজনিত খহনীয়াৰ ফলত পানী, বৰফ, শিল আৰু আৱৰ্জনা হঠাতে নিৰ্গত হোৱাৰ ফলত সৃষ্টি হোৱা এই দুৰ্যোগে নেপাল আৰু চুবুৰীয়া তিব্বতত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। এই প্ৰতিবেদন লিখাৰ সময়লৈকে পোৱা তথ্য অনুসৰি, নেপালত মৃত্যুৰ সংখ্যা ৭০০ তকৈও অধিক হৈছেগৈ আৰু এতিয়াও হাজাৰ হাজাৰ লোক সন্ধানহীন হৈ আছে। তিব্বততো আন ১৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
 
অৱশ্যে এই মৰ্মান্তিক দুৰ্যোগত বিদ্যালয়খনৰ কৰ্মচাৰীৰ দুজন সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হয়। ৩২ বছৰীয়া সমাজবিদ্যাৰ শিক্ষক সন্তোষ পৰিয়াৰ নদীৰ কাষৰ নিজৰ ভাড়াতীয়া কোঠালৈ উভতি যোৱাৰ পিছত বানত উটি যায়, আনহাতে বিদ্যালয়ৰ চাফাই কৰ্মী ছুলতান লামাই বিদ্যালয়ৰ দুৱাৰ বন্ধ কৰিবলৈ উভতি যোৱাৰ সময়ত প্ৰাণ হেৰুৱায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
দাৱাদীয়ে পিছত বিবিচি নেপালীক জানিবলৈ দিয়া মতে, তেওঁ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ তৎক্ষণাত এই সিদ্ধান্ত ল'বলগীয়া হৈছিল।
 
"যদি আমি ততাতৈয়াকৈ সিদ্ধান্ত নল'লোহেঁতেন, যদি ১০ মিনিট পলম হ'লহেঁতেন, তেন্তে ছাত্ৰ-ছাত্ৰী আৰু মইকে ধৰি আমাৰ কোনেও আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ জীয়াই নাথাকিলোহেঁতেন," তেওঁ কয়।
 
অধ্যক্ষগৰাকীৰ সিদ্ধান্ত তেতিয়া আৰু অধিক দৃঢ় হৈ পৰিছিল যেতিয়া এগৰাকী অভিভাৱক বিদ্যালয়লৈ দৌৰি আহিছিল আৰু বানপানী দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বিষয়ে সকীয়াই দিছিল।
 
"অভিভাৱকসকলে কোনো গুৰুতৰ কাৰণ নোহোৱাকৈ লৰালৰিকৈ নাহে, সেয়েহে মই নিশ্চিত হৈছিলো যে শিশুবোৰক উলিয়াই নিয়াৰ ক্ষেত্ৰত মই এক ছেকেণ্ডো পলম কৰা উচিত নহয়," দাৱাদীয়ে কয়। "মই সিদ্ধান্ত লৈছিলো যে মই আৰু পলম কৰা উচিত নহয়। আনকি বানপানী নাহিলহেঁতেন যদিও, এয়া মাত্ৰ এদিনৰ শ্ৰেণী ক্ষতি হোৱাৰ কথাহে আছিল।"
 
অঞ্চলটোত বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। কিছুমানে খোজকাঢ়ি পলায়ন কৰাৰ বিপৰীতে আন কিছুমানক ওখ ঠাইলৈ যাবলৈ সহায় কৰা হয়। অৱশেষত তেওঁলোকে এজোপা বোধি বৃক্ষৰ তলত আশ্ৰয় লয় আৰু সেই সময়তে বানপানীয়ে বিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা অট্টালিকাসমূহ উটুৱাই নিয়ে।
 
এই ধ্বংসলীলাৰ সাক্ষী হোৱা স্থানীয় বাসিন্দাসকলে কয় যে মাত্ৰ কেইঘণ্টামানৰ আগলৈকে সেই স্থানত বিদ্যালয়ৰ ভৱনটো, ওচৰৰ এখন বজাৰ আৰু অন্যান্য নিৰ্মাণসমূহ থিয় হৈ আছিল।
 
ইমানৰ পিছতো দাৱাদীয়ে নিজৰ ভূমিকাৰ প্ৰতি অতি নম্ৰ মনোভাৱ পোষণ কৰিছে। "মই গৌৰৱ অনুভৱ কৰিছো যে আমি ইমানবোৰ জীৱন ৰক্ষা কৰিব পাৰিলো," তেওঁ কয়।
 
শ শ লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু হাজাৰ হাজাৰ পৰিয়ালক সন্ধানহীন আত্মীয়ৰ সন্ধানত হাহাকাৰ কৰিবলৈ বাধ্য কৰা এক ভয়াৱহ দুৰ্যোগৰ মাজত তেওঁৰ এই সাহসী কাৰ্যই সৰ্বাধিক চৰ্চিত কাহিনীসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। যি সময়ত প্ৰতিটো ছেকেণ্ড অতি গুৰুত্বপূৰ্ণ আছিল, সেই সময়ত ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাক সকলোতকৈ ওপৰত ৰখা অধ্যক্ষগৰাকীৰ সিদ্ধান্তই বিদ্যালয়খনত সংঘটিত হ'বলগীয়া এক বৃহৎ ট্ৰেজেডীৰ পৰা ৰক্ষা কৰিলে।