নিকুঞ্জ নাথ / গুৱাহাটী
বিশ্ব ফুটবলৰ ইতিহাসত এক বৰ্ণিল আৰু অনন্য যুগৰ অৱসান ঘটিল। সেউজীয়া দলিচাত নীলা-বগা জাৰ্ছী পৰিধান কৰি যিগৰাকী জাদুকৰে কোটি কোটি ফুটবলপ্ৰেমীক সপোন দেখুৱাইছিল, যাৰ দুভৰিৰ যাদুত থমকি ৰৈছিল সময়, সেই কিংবদন্তি লিয়নেল মেছিয়ে অৱশেষত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিলে।
২০২০ চনত মাৰাডোনাৰ আকস্মিক মৃত্যুৱে সমগ্ৰ ফুটবল বিশ্বক যি গভীৰ শোকত পেলাইছিল, তাৰ পিছত মেছিয়েই আছিল অনুৰাগীসকলৰ বাবে জীৱন্ত কিংবদন্তি তথা সান্ত্বনাৰ উৎস। এতিয়া মেছিৰ এই অৱসৰ ঘোষণাই সমৰ্থকসকলৰ বাবে দ্বিতীয়টো মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে।
৩৯ বছৰীয়া বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে সামাজিক মাধ্যমত নিজ হাতে লিখা এখন আৱেগিক পত্ৰযোগে ৰাজহুৱা কৰা এই সিদ্ধান্তই বিশ্বজুৰি ফুটবল অনুৰাগীৰ হৃদয়ত গভীৰ আঘাত হানিছে, যদিও সকলোৱে স্বীকাৰ কৰিছে যে এক গৌৰৱোজ্জ্বল যাত্ৰাৰ এয়াই এক যথাৰ্থ সামৰণি।
ফুটবল কিংবদন্তি লিয়নেল মেছি
আৰ্জেণ্টিনাৰ ফুটবলত '১০ নম্বৰ' জাৰ্ছীটো কেৱল এটা সংখ্যা বা খেলুৱৈৰ পৰিচয় নহয়, ই এক ৰাষ্ট্ৰীয় আৱেগ, এক জীৱন্ত ইতিহাস আৰু কোটি কোটি অনুৰাগীৰ বাবে এক পবিত্ৰ প্ৰতীক। ১৯৮৬ চনৰ বিশ্বকাপত ডিয়েগো মাৰাডোনাই এই ১০ নম্বৰ জাৰ্ছী পৰিধান কৰি যি ঈশ্বৰপ্ৰদত্ত যাদু প্ৰদৰ্শন কৰিছিল আৰু একক প্ৰচেষ্টাৰে দেশলৈ বিশ্বকাপ আনিছিল, সেয়া বিশ্ব ফুটবলৰ এক অমৰ গাঁথা। মাৰাডোনাৰ সেই বিশাল আৰু গধুৰ উত্তৰাধিকাৰ কান্ধত তুলি লৈয়েই লিয়নেল মেছিয়ে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল।
আৰ্জেণ্টিনাৰ নীলা-বগা শিবিৰত এতিয়া আৰু কোনো মাৰাডোনা বা মেছি নাই, যিয়ে খেলপথাৰত নামিলেই অনুৰাগীয়ে জিকাৰ নিশ্চিতি পাব। এই শূন্যতা কেৱল আৰ্জেণ্টিনাৰ বাবেই নহয়, সমগ্ৰ ফুটবল বিশ্বৰ বাবে এক গভীৰ শূন্যতা, যিয়ে প্ৰতিগৰাকী অনুৰাগীৰ হৃদয়ত এক গভীৰ আৰু দীৰ্ঘদিনীয়া বিষাদৰ ছাঁ পেলাই যাব।
১৯৮৭ চনৰ ২৪ জুনত আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ চহৰত জন্মগ্ৰহণ কৰিছিল লিয়নেল আন্দ্ৰেছ মেছিয়ে। এটি সাধাৰণ শ্ৰমিক পৰিয়ালত জন্মলাভ কৰা মেছিৰ ফুটবলৰ প্ৰতি আছিল জন্মগত আকৰ্ষণ। মাত্ৰ পাঁচ বছৰ বয়সতেই স্থানীয় ক্লাব গ্ৰেণ্ডোলিৰ হৈ তেওঁ ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ১১ বছৰ বয়সত তেওঁৰ জীৱনলৈ নামি আহে এক বৃহৎ প্ৰত্যাহ্বান- তেওঁৰ শৰীৰত ‘গ্ৰোথ হৰমনৰ অভাৱ’ ধৰা পৰে। চিকিৎসাৰ বৃহৎ ব্যয় বহন কৰাটো তেওঁৰ পৰিয়ালৰ বাবে অসম্ভৱ আছিল।
লিয়নেল মেছি
তেনে সময়তে স্পেইনৰ বিখ্যাত ফুটবল ক্লাব এফ চি বাৰ্চিলোনাৰ স্প'ৰ্টিং ডিৰেক্টৰ কাৰ্লোছ ৰেক্সাচৰ চকুত পৰে মেছিৰ অসাধাৰণ প্ৰতিভা। ৰেক্সাচে এখন সাধাৰণ টিছু পেপাৰত চুক্তিবদ্ধ হৈ মেছিৰ চিকিৎসাৰ সকলো দায়িত্ব লয়। তাৰ পাছতেই মাত্ৰ ১৩ বছৰ বয়সত মেছিয়ে পৰিয়ালৰ সৈতে স্পেইনলৈ উৰা মাৰে আৰু বাৰ্চিলোনাৰ বিখ্যাত একাডেমী ‘লা মাছিয়া’ত যোগদান কৰি বিশ্বজয়ৰ আখৰা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত বাৰ্চিলোনা, পি এছ জি আৰু বৰ্তমানৰ ইণ্টাৰ মায়ামিৰ হৈ তেওঁ যি অভিলেখ আৰু সফলতা অৰ্জন কৰিলে, সেয়া ক্ৰীড়া ইতিহাসৰ এক সোণালী অধ্যায়।
নীলা আৰু বগা জাৰ্ছীত দুটা দশকজুৰি সৰ্বস্ব উজাৰি দিয়াৰ পাছত মেছিয়ে তেওঁৰ আৰ্জেণ্টিনাৰ যাত্ৰাৰ অন্তিম পৃষ্ঠাখন সামৰাৰ সিদ্ধান্ত লৈছে। আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা নিশ্চিত কৰি এই আৰ্জেণ্টাইন ছুপাৰষ্টাৰগৰাকীয়ে জনায় যে তেওঁৰ কেৰিয়াৰৰ অনন্য পৰিচয় হৈ পৰা জাতীয় দলৰ জাৰ্ছীটো তেওঁ আৰু পৰিধান নকৰে।
তেওঁ প্ৰকাশ কৰা অনুসৰি, ২০২৬ চনৰ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰাজয়ৰ মাত্ৰ দুদিন পাছতেই তেওঁ এই সিদ্ধান্ত লৈছিল। চলিত মাহৰ আৰম্ভণিতে পিতৃ জৰ্জ মেছিৰ আকস্মিক দেহাৱসানে তেওঁক গভীৰভাৱে মৰ্মাহত কৰে। পিতৃৰ মৃত্যুৰ পাছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰি অহাৰ এই সিদ্ধান্ত পূৰ্বতকৈও অধিক নিশ্চিত বুলি তেওঁ প্ৰকাশ কৰে।
খেলপথাৰত ফুটবলৰ জাদুকৰ লিয়নেল মেছি
অৱশ্যে, ৰাষ্ট্ৰীয় দলৰ পৰা বিদায় লোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ সম্পূৰ্ণৰূপে ফুটবল খেল ত্যাগ কৰিছে। ২০২৫ চনত তেওঁ ‘ইণ্টাৰ মায়ামি চি এফ’ৰ সৈতে নিজৰ চুক্তি বৃদ্ধি কৰিছিল, যি ২০২৮ চনৰ ‘মেজৰ লীগ ছকাৰ’ (MLS) ছিজনৰ শেষলৈকে বলবৎ থাকিব।
অনুৰাগীলৈ মেছিৰ আৱেগিক বাৰ্তা
ইনষ্টাগ্ৰামত প্ৰকাশ কৰা পত্ৰখনত মেছিয়ে লিখিছেঃ "হাতত সময় অতি কম আৰু অধ্যায়সমূহ বন্ধ হ'বলৈ ধৰিছে; এইটো এনে এক অধ্যায় যিয়ে মোক অতিশয় কষ্ট দিছে। ৰাষ্ট্ৰীয় দলৰ অংশ হৈ থকাটো মই ভাল পাওঁ, পাইছিলোঁ আৰু সদায় পাই যাম। মোৰ যি আছিল সকলো মই উজাৰি দিলোঁ; এতিয়া দিবলৈ মোৰ ওচৰত আৰু একো বাকী নাই। ইয়াৰ উপৰি বহু প্ৰতিভাশালী যুৱ খেলুৱৈ ওলাই আহিছে যিসকলে সুযোগ পোৱাৰ সম্পূৰ্ণ যোগ্য।"
"যোৱা ২০ বছৰ ধৰি আপোনালোকে আগবঢ়োৱা সকলো মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ। ষ্টেডিয়ামৰ ভিতৰৰ পৰা আপোনালোকৰ জয়ধ্বনি শুনাটো মই খুবেই মিছ কৰিম। এতিয়াৰে পৰা মই আপোনালোকৰেই এজন হৈ পৰিম আৰু বাহিৰৰ পৰাই সদায় দলক সমৰ্থন তথা উৎসাহিত কৰি যাম, ভাল আৰু বেয়া উভয় সময়তেই, বিশেষকৈ কঠিন সময়বোৰত আৰু অধিক।"
"এই সুন্দৰ অথচ কঠিন যাত্ৰাত সদায় মোৰ কাষত থকাৰ বাবে আৰু সংগ দিয়াৰ বাবে মোৰ পৰিয়ালক ধন্যবাদ। যাত্ৰাটোৰ অংশীদাৰ হোৱা প্ৰতিগৰাকী প্ৰশিক্ষক, সতীৰ্থ খেলুৱৈ আৰু বিষয়ববীয়াক অশেষ ধন্যবাদ। মই মোৰ সৈতে কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি আৰু মুহূৰ্তবোৰ লৈ গুচি যাম।"
"মোৰ সতীৰ্থসকলৰ সৈতে মিলি আপোনালোকক এনে কিছুমান মুহূৰ্ত উপহাৰ দিয়াৰ মানসিক শান্তি আৰু গৌৰৱ লৈ মই বিদায় লৈছোঁ, যিবোৰ আমি কেৱল সপোনতহে ভাবিব পাৰিছিলোঁ। আপোনালোক সকলোৰে সৈতে এই সকলোবোৰ অনুভৱ কৰাটো আছিল অপূৰ্ব আৰু উন্মাদনাপূৰ্ণ। মই আপোনালোকক ভাল পাওঁ!"
"মোক আৰ্জেণ্টিনীয় হিচাপে গঢ়ি তোলাৰ বাবে ধন্যবাদ ভগৱান। আগলৈ বঢ়া, আৰ্জেণ্টিনা!"
বক্তব্যত তেওঁ লগতে উল্লেখ কৰে, "ফাইনেলৰ দুদিন পাছত, ২১ জুলাইতেই মই এই কথাবোৰ লিখিছিলোঁ। আজি মোৰ দেউতাৰ সৈতে ঘটি যোৱা ঘটনাটোৰ পাছত, মই পূৰ্বতকৈও অধিক নিশ্চিত হৈ পৰিছোঁ।"
আৰ্জেণ্টিনাৰ সৈতে মেছিৰ কেৰিয়াৰ
২০৭ খন আন্তঃৰাষ্ট্ৰীয় মেচত ১২৫ টা গ'লৰ সৈতে লিয়নেল মেছিয়ে নিজকে আৰ্জেণ্টিনাৰ সৰ্বকালৰ সৰ্বাধিক গলদাতা আৰু দেশৰ হৈ সৰ্বাধিক মেচ খেলা খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে।
২০০৫ চনত মাত্ৰ ১৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় ছিনিয়ৰ দলত অভিষেক ঘটাৰ জৰিয়তে মেছিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা আৰম্ভ হৈছিল। জাৰ্মানীত অনুষ্ঠিত ২০০৬ চনৰ বিশ্বকাপৰ দলত তেওঁ অন্তৰ্ভুক্ত হয়, যিয়ে বিশ্ব ফুটবলৰ অন্যতম উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সূচনা কৰিছিল। সেই প্ৰতিযোগিতাতে তেওঁ চমকপ্ৰদ প্ৰভাৱ পেলাইছিল আৰু সেই সময়ত বিশ্বকাপ খেলা আৰ্জেণ্টিনাৰ সৰ্বকনিষ্ঠ খেলুৱৈ তথা সৰ্বকনিষ্ঠ গ'লদাতা হিচাপে পৰিগণিত হৈছিল। ছাৰ্বিয়া এণ্ড মণ্টেনেগ্ৰ’ৰ বিৰুদ্ধে খেলা প্ৰথম বিশ্বকাপ মেচতেই মেছিয়ে গ'ল কৰিবলৈ সক্ষম হৈছিল।
অৱশ্যে কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত আৰ্জেণ্টিনাৰ হৈ সফলতা অৰ্জন কৰাটো সহজ নাছিল। ২০১০ চনৰ বিশ্বকাপত আৰ্জেণ্টিনা কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱাত হতাশাত ডুব যায়। ইয়াৰ চাৰি বছৰ পাছত ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা উপনীত হৈছিল যদিও জাৰ্মানীৰ হাতত পৰাস্ত হয়। দুবছৰ পাছত ২০১৬ চনত কোপা আমেৰিকাৰ ফাইনেলত চিলিৰ বিৰুদ্ধে পুনৰ হৃদয়ভংগকাৰী পৰাজয়ৰ সন্মুখীন হোৱাত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথাও ঘোষণা কৰিছিল। কিন্তু পাছত দেশবাসীৰ অনুৰোধত সিদ্ধান্ত পুনৰ্বিবেচনা কৰি তেওঁ পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহে।
অৱশেষত ২০২১ চনত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰফীৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰে। মাৰাকানাত অনুষ্ঠিত ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি মেছিয়ে আৰ্জেণ্টিনাক কোপা আমেৰিকা জয়ৰ পথ প্ৰশস্ত কৰে। সমগ্ৰ টুৰ্ণামেণ্টখনত তেওঁ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল; আৰ্জেণ্টিনাই দিয়া ১২ টা গলৰ ভিতৰত ৯ টাতেই তেওঁ হয় নিজে গল কৰিছিল নতুবা সহায় (এছিষ্ট) কৰিছিল।
লিয়নেল মেছি
কিন্তু মেছিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সকলোতকৈ গৌৰৱোজ্জ্বল অধ্যায়টো আহে ২০২২ চনত। কাটাৰ বিশ্বকাপত আৰ্জেণ্টাইন অধিনায়কগৰাকীয়ে ধাৰাবাহিকভাৱে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ১৯৮৬ চনৰ পাছত দেশখনক প্ৰথমটো বিশ্বকাপ খিতাপ দখল কৰাত নেতৃত্ব দিয়ে। ফ্ৰান্সৰ বিৰুদ্ধে অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলখনত মেছিয়ে দুটা গল দিয়ে আৰু পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনাই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। তেওঁ সাতটা গল আৰু তিনিটা এছিষ্টেৰে গোল্ডেন বল লাভ কৰে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে নিজৰ দাবীক চিৰস্থায়ী কৰে।
বিশ্বকাপত লিয়নেল মেছিৰ পৰিসংখ্যা
মুঠ প্ৰতিযোগিতা: ৬ খন (২০০৬, ২০১০, ২০১৪, ২০১৮, ২০২২ আৰু ২০২৬)
মুঠ মেচ: ৩৪ খন
খেলপথাৰত কটোৱা সময়: ৩,০৫৪ মিনিট
গল: ২১ টা
এছিষ্ট(সহায়): ১২ টা
লিয়নেল মেছিৰ এই অৱসৰ কেৱল আৰ্জেণ্টিনাতে নহয়, বিশ্বজুৰি সমগ্ৰ ক্ৰীড়া জগততেই এক গভীৰ আৰু অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিব। তেওঁ কেৱল এজন খেলুৱৈয়েই নাছিল, তেওঁ আছিল ফুটবলৰ এক জীৱন্ত কবিতা। যোৱা দুটা দশক ধৰি সেউজ খেলপথাৰত তেওঁ যি ফুটবলৰ যাদু সৃষ্টি কৰি গ’ল, যিবোৰ সপোন বাস্তৱায়িত কৰি দেখুৱালে, সেয়া ফুটবলৰ ইতিহাসত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ ৰ'ব। ৰাষ্ট্ৰীয় দলৰ ১০ নম্বৰ জাৰ্ছীত তেওঁক আৰু দেখা নাযাব সঁচা, কিন্তু তেওঁৰ সেই অনুপম শৈলী, নম্ৰতা আৰু অদম্য যুঁজাৰু মানসিকতা চিৰদিন বিশ্ববাসীৰ হৃদয়ত আৰু ফুটবলৰ পাতত অমলিন হৈ জিলিকি থাকিব।