ইৰান-আমেৰিকাৰ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ

Story by  atv | Posted by  [email protected] • 1 h ago
ডেন ড্ৰিস্কল
ডেন ড্ৰিস্কল
 
নতুন দিল্লী
 
ইৰান যুদ্ধৰ মাজতে ডেন ড্ৰিস্কলে আমেৰিকাৰ সেনা সচিব পদৰ পৰা পদত্যাগ কৰিছে। সোমবাৰে হোয়াইট হাউছে তেওঁৰ পদত্যাগৰ কথা নিশ্চিত কৰে। অৱশ্যে তেওঁ কিয় এই পদ এৰিলে সেয়া জানিব পৰা হোৱা নাই। যোৱা বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত তেওঁ সেনা সচিব পদত যোগদান কৰিছিল।
 
আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ড্ৰিস্কলৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ সৈতে কেইবামাহো ধৰি সংঘাত চলি আছিল। খবৰ অনুসৰি পেন্টাগনত কাৰ কিমান ক্ষমতা আৰু প্ৰভাৱ থাকিব সেই লৈ দুয়োৰে মাজত মতানৈক্য তুংগত উপনীত হৈছিল।
 
হেগছেথে প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব লোৱাৰ পিছত আমেৰিকান সেনাৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক বদলি কৰিবলৈ আৰম্ভ কৰে। যোৱা এপ্ৰিল মাহত তেওঁ সেনাৰ শীৰ্ষ বিষয়া জেনেৰেল ৰাণ্ডী জৰ্জক অপসাৰণ কৰিছিল। ইউৰোপ আৰু আফ্ৰিকাত আমেৰিকাৰ বাহিনীৰ দায়িত্বত থকা জেনেৰেল ক্রিষ্টোফাৰ ড’নাহুৱেও পদত্যাগ কৰিছিল৷
 
জৰ্জক অপসাৰণৰ খবৰ শুনি ড্ৰিস্কলে ৰাজহুৱাভাৱে ক্ষোভ প্ৰকাশ কৰিছিল। ইয়াৰ পিছত হেগছেথে জৰ্জৰ ঠাইত জেনেৰেল ক্রিষ্টোফাৰ লেনিভক আনিছিল। ড্ৰিস্কলৰ কাৰ্যকালত আৰম্ভ হোৱা সেনাবাহিনীৰ কিছুমান আধুনিকীকৰণ প্ৰকল্প তেওঁ বন্ধ কৰি দিয়ে। জানিব পৰা মতে, সেই সময়ৰ পৰাই এই সংঘাত আৰম্ভ হৈছিল।
 
ড্ৰিস্কল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ বন্ধু আছিল। ট্ৰাম্প প্ৰশাসনত যোগদান কৰাৰ পূৰ্বে তেওঁ ভেন্সৰ উপদেষ্টা হিচাপেও কাম কৰিছিল। সেনাবাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনত তেওঁৰ ভূমিকা আছিল। আনকি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰো ঘনিষ্ঠ আছিল। ট্ৰাম্পে তেওঁক ইউক্ৰেইনক পুনৰ আলোচনাৰ মেজলৈ অনাৰ দায়িত্ব দিছিল।
 
উল্লেখযোগ্য যে, ২০০৭ চনৰ পৰা ২০১১ চনলৈকে আমেৰিকান সেনাবাহিনীত আৰ্মাৰ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ড্ৰিস্কলে ২০০৯ চনৰ পৰা ২০১০ চনলৈকে ইৰাকত নিয়োজিত হৈ আছিল। তেওঁৰ পিতৃ আৰু ককাকো আমেৰিকান সেনাবাহিনীৰ বিষয়া আছিল। ২০২৪ চনত ট্ৰাম্পে তেওঁক সেনা সচিব পদৰ বাবে মনোনীত কৰিছিল। সেই সময়ত তেওঁ ড্ৰিস্কলক “পৰিৱৰ্তনৰ কাৰিকৰ” বুলি অভিহিত কৰিছিল।


শেহতীয়া খবৰ