এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কিৰ্গিস্তানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  atv | Posted by  Munni Begum • 55 m ago
এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কিৰ্গিস্তানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কিৰ্গিস্তানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
বিশকেক
 
ভাৰতীয় সময়মতে দেওবাৰে নিশা মধ্য এছিয়াৰ দেশ কিৰ্গিস্তানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  দেশখনত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। বিমানবন্দৰত দেশখনৰ মন্ত্ৰীসভাৰ অধ্যক্ষ আডিলবেক কাচিমালিয়েভে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। দেশখনৰ ৰাজধানী বিশকেকত উপস্থিত হোৱাৰ লগে লগে প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।   
 
উষ্ম আদৰণি সম্পৰ্কে এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে, কিৰ্গিজ বিষয়াসকলে আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞ আৰু তেওঁ আগন্তুক দ্বিপাক্ষিক বৈঠক আৰু এছচিঅ' শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ ওপৰতো আলোকপাত কৰিছে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, "কিৰ্গিজ প্ৰজাতন্ত্ৰ (কিৰ্গিস্তান) মন্ত্ৰীসভাৰ অধ্যক্ষ আডিলবেক কাচিমালিয়েভ ডাঙৰীয়াই জনোৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞ। দ্বিপাক্ষিকভাৱে বিভিন্ন নেতাক সাক্ষাৎ কৰি সোমবাৰে ​​আৰু মঙলবাৰে এছচিঅ' শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম।"
আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ৰ উষ্ম আদৰণিক অতি বিশেষ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "ভাৰতৰ পৰা বিশকেকলৈ' আজি সন্ধিয়া ভাৰতীয় সমাজে অতি বিশেষ আদৰণি জনাইছে।"
 
ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে বিশকেকত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে আৰু ভাৰত আৰু কিৰ্গিস্তানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ অৱদানৰ শলাগ লয়। এক্সৰ এটা পোষ্টত মন্ত্ৰালয়ে লিখিছে, "বিশকেকত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে। ভাৰত আৰু কিৰ্গিস্তানৰ মাজত বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ শক্তি, উৎসাহ আৰু মূল্যৱান অৱদানৰ শলাগ লয়।"
 
কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছাদিৰ ঝাপাৰ'ভৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰীয়ে বিশকেক ভ্ৰমণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত আলোচনা আৰু সহযোগিতা আগবঢ়াই নিয়াৰ বাবে ১০ খন সদস্য ৰাষ্ট্ৰ, ১৫ খন অংশীদাৰ দেশ আৰু দুখন পৰ্যবেক্ষক দেশক একত্ৰিত কৰা ২৬ সংখ্যক এছচিঅ' শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশখনত প্ৰধানমন্ত্ৰী উপস্থিত হৈছে। এই সন্মিলনৰ লগতে প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে উজবেকিস্তান ভ্ৰমণ কৰিছিল। দেশখনৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ'য়েভৰ সৈতে বিস্তৃত আলোচনাৰ অন্তত তেওঁ কিৰ্গিস্তানত উপস্থিত হয়। উজবেকিস্তান ভ্ৰমণৰ সময়ত ভাৰত আৰু উজবেকিস্তানে সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰি বাণিজ্য আৰু বিনিয়োগ, আন্তঃগাঁথনি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা, জটিল খনিজ পদাৰ্থ, শক্তি, মহাকাশ, কৃষি, স্বাস্থ্যসেৱা, ঔষধ, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে সন্মত হয়।
 
২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যও দুয়োখন দেশে নিৰ্ধাৰণ কৰিছে । দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠক সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে এক পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেওঁ লিখিছে, "ধন্যবাদ উজবেকিস্তান! ৰাষ্ট্ৰপতি মিৰ্জিঅ'য়েভৰ উষ্ম আদৰণি, মনোযোগ আৰু ভাৰত-উজবেকিস্তানৰ বন্ধুত্বৰ প্ৰতি ব্যক্তিগত দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা।"