মানৱতাৰ বিৰুদ্ধে অপৰাধৰ পৰিসৰত সন্ত্ৰাসবাদক অন্তৰ্ভুক্ত কৰাৰ পোষকতা ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
মানৱতাৰ বিৰুদ্ধে অপৰাধৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত বিশ্বজুৰি ব্যৱস্থা গ্ৰহণৰ বাবে নতুন চুক্তিয়ে সন্ত্ৰাসবাদক সামৰি লোৱা উচিত। ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় আইনী কাঠামো শক্তিশালী কৰাৰ আহ্বান জনাই ভাৰতে এই কথা দৃঢ়তাৰে উল্লেখ কৰিছে।
 
ৰাষ্ট্ৰসংঘত ভাৰতৰ মিছনৰ কাউন্সেলৰ আৰ মৈথিলীয়ে সোমবাৰে কয়, "সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা অপৰাধ আৰু অত্যাচাৰ, যদি সেয়াই প্ৰয়োজনীয় মান পূৰণ কৰে, তেতিয়া সেইবোৰক 'মানৱতাৰ বিৰুদ্ধে অপৰাধ'ৰ পৰিকাঠামোৰ ভিতৰত উপযুক্তভাৱে অন্তৰ্ভুক্ত কৰিব লাগে।"
 
২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু শাস্তি সম্পৰ্কীয় সন্মিলন সন্দৰ্ভত আইনী বিষয়সমূহৰ সৈতে জড়িত সাধাৰণ পৰিষদৰ ষষ্ঠ সমিতিৰ বৈঠকত তেওঁ এনেদৰে মন্তব্য কৰিছে।
 
সন্ত্ৰাসবাদী কাৰ্যৰ গম্ভীৰ প্ৰকৃতি আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই কথাটো খচৰা অনুচ্ছেদসমূহৰ (আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ) সামগ্ৰিক দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে আৰু কেৱল বৰ্তমানৰ আইনী শাসন ব্যৱস্থাসমূহক নতুন চুক্তিলৈ পৰিৱৰ্তন নকৰাকৈ বিবেচনা কৰা উচিত বুলি মৈথিলীয়ে  উল্লেখ কৰিছে। 
 
ভাৰতৰ হৈ বক্তব্য প্ৰদান কৰি মৈথিলীয়ে গুৰুত্ব আৰোপ কৰে যে, ৰাষ্ট্ৰীয় আইনী আৰু ন্যায়িক ব্যৱস্থাৰ জৰিয়তে মানৱতাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ, তদন্ত আৰু গোচৰ চলোৱাৰ প্ৰাথমিক দায়িত্ব ৰাষ্ট্ৰৰ। 
 
যিকোনো নতুন চুক্তি বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থাৰ নকল নহয়, ইয়াৰ পৰিপূৰক হ’ব লাগিব বুলিও তেওঁ কয়। তেওঁ বৰ্তমানৰ আন্তৰাষ্ট্ৰীয় নিয়মক নতুন চুক্তিত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰে।
 
তেওঁ কয় যে, দেশসমূহে "নিজৰ ৰাষ্ট্ৰীয় আইন অনুসৰি গুৰুতৰ মানৱ অধিকাৰ উলংঘা আৰু গণ অত্যাচাৰৰ বাবে ন্যায় আৰু জবাবদিহিতা নিশ্চিত কৰাৰ দায়িত্ব বহন কৰে।" 
 
তেওঁ লগতে কয় যে, চুক্তিয়ে এই সিদ্ধান্তক শক্তিশালী কৰিব লাগিব যে, মানৱতাৰ বিৰুদ্ধে অপৰাধৰ পৰা মানুহক ৰক্ষা কৰাৰ প্ৰাথমিক দায়িত্ব দেশসমূহৰ ওপৰত থাকিব। লগতে তেওঁ কয় যে, দেশসমূহে নিজৰ নাগৰিকে সংঘটিত কৰা "মানৱ অধিকাৰৰ আটাইতকৈ গুৰুতৰ উলংঘা আৰু গণ অত্যাচাৰ"ৰ বাবে ন্যায় আৰু জবাবদিহিতা নিশ্চিত কৰক।  
 
অভিযুক্তৰ অধিকাৰ আৰু ভুক্তভোগীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দেশসমূহৰ বিচাৰ ক্ষমতাৰ প্ৰাধান্য থাকিব লাগে বুলি তেওঁ কয়। মৈথিলীয়ে কয় যে, মানৱতাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু শাস্তি প্ৰদানৰ লক্ষ্যৰে লোৱা ব্যৱস্থাসমূহে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু দেশসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতিক সম্পূৰ্ণৰূপে সন্মান কৰিব লাগিব।
 
২০০৪ চনত সাধাৰণ পৰিষদে এক প্ৰস্তাৱযোগে ২০২৮ চনত মানৱতাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু শাস্তি প্ৰদানৰ সন্মিলন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল। ইয়াত দুখন প্ৰস্তুতিমূলক সন্মিলন অনুষ্ঠিত কৰা হৈছিল। প্ৰথমখন সন্মিলন জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল আৰু তাত সন্মিলনৰ আলোচনা আৰু খচৰা প্ৰস্তুত কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ মতে, এই সন্মিলনৰ লক্ষ্য হৈছে মানৱতাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰত আইনগতভাৱে বাধ্যতামূলক চুক্তি গ্ৰহণ কৰা।