নতুন দিল্লী
পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে ভাৰতে কেইবা নিযুত ধনৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ জৰিয়তে পেলেষ্টাইনত এখন বিশেষ চিকিৎসালয়, এটা কৃত্ৰিম অংগ সংৰোপণ কেন্দ্ৰ আৰু এটা বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হ'ব। ব্ৰাছেলছত অনুষ্ঠিত পেলেষ্টাইনৰ দাতা গোটৰ বৈঠকত আৰু নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা ঘোষণা কৰে।
ইজৰাইলৰ সৈতে চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ চোৱাচিতা কৰা এই গোটটোলৈ বৰঙণি আগবঢ়োৱা শীৰ্ষ দাতাসকলৰ ভিতৰত ভাৰত অন্যতম।
নতুন দিল্লীত থকা ভাৰতৰ বাবে পেলেষ্টাইনৰ ৰাষ্ট্ৰদূত আব্দুলা এম আবু শ্বাৱেছে পেলেষ্টাইনৰ বাবে ভাৰতে গ্ৰহণ কৰা এই তিনিটা নতুন উন্নয়নমূলক প্ৰকল্পৰ ঘোষণাক আদৰণি জনায়। তেওঁ এই পদক্ষেপসমূহক "অতি তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ" বুলি অভিহিত কৰে, যিয়ে চলি থকা সংঘাতৰ মাজত জৰুৰী মানৱীয় আৰু অৰ্থনৈতিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।
সংবাদ সংস্থা ANI-ৰ সৈতে হোৱা কথা-বতৰাত আবু শ্বাৱেছে কয় যে প্ৰথমটো প্ৰকল্পই পেলেষ্টাইনত এখন নতুন চিকিৎসালয় স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব।
"ইয়াৰে একেবাৰে প্ৰথমটো হৈছে ২০১৭ চনত মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনত এখন নতুন চিকিৎসালয় স্থাপনৰ বাবে কৰা প্ৰতিশ্ৰুতি পূৰণ কৰা। মই ভাবো, বৰ্তমান আমি পশ্চিম পাৰৰ জেনিনত এই প্ৰকল্পৰ ৰূপায়ণ আৰম্ভ কৰাৰ একেবাৰে চূড়ান্ত পৰ্যায়ত আছো," আবু শ্বাৱেছে কয়।
প্ৰস্তাৱিত কৃত্ৰিম অংগ সংৰোপণ কেন্দ্ৰটোৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে চলি থকা সংঘাতৰ সময়ত গাজাত হেজাৰ হেজাৰ পেলেষ্টাইনীয়ে নিজৰ অংগ হেৰুৱাবলগীয়া হৈছে।
"আপোনালোকে হয়তো জানে যে চলি থকা ইজৰাইলৰ গণহত্যামূলক যুদ্ধৰ সময়ত গাজাত প্ৰায় ৫,০০০ৰ পৰা ৬,০০০ পেলেষ্টাইনীয়ে জীৱন সলনি কৰি পেলোৱা অংগচ্ছেদৰ সন্মুখীন হৈছে। পেলেষ্টাইনত আমাক বৰ্তমান এনেধৰণৰ প্ৰকল্পৰ অতিশয় প্ৰয়োজন," তেওঁ এইদৰে কয়। লগতে তেওঁ জানিবলৈ দিয়ে যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে হোৱা প্ৰথমখন বৈঠকত তেওঁ এই প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিছিল।
আবু শ্বাৱেছে ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন শৰণাৰ্থী ত্ৰাণ আৰু কৰ্ম সংস্থা (UNRWA) লৈ ভাৰতে শেহতীয়াকৈ ৫ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও স্মৰণ কৰে আৰু ইয়াক মানৱীয় সাহায্যৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অৱদান বুলি অভিহিত কৰে।
ভাৰতে ঘোষণা কৰা বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত পেলেষ্টাইনৰ প্ৰতিনিধিগৰাকীয়ে কয় যে বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতা আৰু পেলেষ্টাইনৰ অৰ্থনীতিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখিলে এই প্ৰকল্পটো একেবাৰে সঠিক সময়ত আহিছে।
"আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু ই একেবাৰে সঠিক সময়ত হাতত লোৱা হৈছে, বিশেষকৈ দুটা মূল কাৰণত। বৃত্তিমুখী প্ৰশিক্ষণৰ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সুবিধা আৰু দক্ষতা আছে। যোৱা ১,০১০ দিনৰ গণহত্যামূলক যুদ্ধৰ সময়ত ইজৰাইলে পেলেষ্টাইনৰ অৰ্থনীতিক স্তব্ধ কৰি দিবলৈ কোনো সুৰুঙা এৰা নাই। এনেধৰণৰ প্ৰকল্পই পেলেষ্টাইনৰ সামগ্ৰিক অৰ্থনীতিক বৰ্তাই ৰখাত, উন্নত কৰাত আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব," তেওঁ কয়।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰাৰ সময়ত দিয়া ভাষণত মন্ত্ৰী জয়শংকৰে কয়, "UNRWA (ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন শৰণাৰ্থী ত্ৰাণ আৰু কৰ্ম সংস্থা)-ই ভাৰতক ইয়াৰ শীৰ্ষ উদীয়মান দাতা হিচাপে স্বীকৃতি দিছে।" তেওঁ এই তিনিটা পদক্ষেপৰ কথা ঘোষণা কৰাৰ লগতে কয় যে এইবোৰ "দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ প্ৰতি আমাৰ দীৰ্ঘদিনীয়া সমৰ্থনৰ সৈতে সংগতিপূৰ্ণ।"
পেলেষ্টাইনৰ এই সংকটকালত ভাৰতৰ এনে মানৱীয় পদক্ষেপে কেৱল দুয়োখন দেশৰ মাজৰ সম্পৰ্ককে সুদৃঢ় কৰা নাই, বৰং বিশ্ববাসীৰ আগত ভাৰতৰ মানৱ দৰদী দৃষ্টিভংগীকো পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে। এই প্ৰকল্পসমূহে যুদ্ধবিধ্বস্ত অঞ্চলটোৰ হেজাৰ হেজাৰ নিৰীহ জনতাক এক নতুন জীৱনৰ সন্ধান দিব বুলি আশা কৰা হৈছে।