পাকিস্তানত শ্বপিং মল নিৰ্মাণৰ বাবে ভাঙিলে ২০০ বছৰীয়া গুৰুদ্বাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
পাকিস্তানত শ্বপিং মল নিৰ্মাণৰ বাবে ভাঙিলে ২০০ বছৰীয়া গুৰুদ্বাৰ
পাকিস্তানত শ্বপিং মল নিৰ্মাণৰ বাবে ভাঙিলে ২০০ বছৰীয়া গুৰুদ্বাৰ
 
নতুন দিল্লী
 
পুনৰ পাকিস্তানৰ বিৰুদ্ধে শিখ ধৰ্মৰ ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ পাকিস্তানে পুনৰ ভাঙিলে ২০০ বছৰীয়া এটা গুৰুদ্বাৰ।
 
শেহতীয়াকৈ বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰত প্ৰায় ২০০ বছৰ পুৰণি ঐতিহাসিক গুৰদ্বাৰা শ্ৰী গুৰু সিং সভাখন বুলডোজাৰেৰে সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। এসময়ত শিখ সম্প্ৰদায়ৰ ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ থকা ঠাইখন এতিয়া শ্বপিং মলৰ বাবে পৰিকল্পনা কৰা হৈছে।
 
যাৰ ফলত, স্থানীয় শিখ সম্প্ৰদায়, নাগৰিক, ঐতিহ্য সংৰক্ষণবিদসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। এই ঘটনাই পুনৰবাৰ পাকিস্তানৰ সংখ্যালঘুসকলৰ মাজত ধৰ্মীয় ঐতিহ্যৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
 
উল্লেখযোগ্য যে, দেশ বিভাজনৰ পূৰ্বে এই অঞ্চলটোত শিখ ধৰ্মৰ লোকে বসবাস কৰিছিল। বিভাজনৰ পিছত যেতিয়া অধিক সংখ্যক শিখ পৰিয়াল ভাৰতলৈ প্ৰব্ৰজন কৰিছিল, তেতিয়া এনে বহু ঐতিহাসিক অট্টালিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পাকিস্তানৰ ইভেকিউই ট্ৰাষ্ট প্ৰপাৰ্টি ব’ৰ্ডৰ ওপৰত পৰিছিল। এই সংস্থাটোৱে পাকিস্তানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৰু ঐতিহাসিক সম্পত্তিৰ তদাৰক কৰি আহিছিল। কিন্তু তাৰ পাছতো পুনৰবাবে দেশখনত সংঘটিত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।