১৫ অক্টোবৰলৈকে বাতিল ৰিয়াধৰ পৰা চলাচল কৰা বিমান সেৱা

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
য়েমেনৰ ইৰান-সমৰ্থিত  হাউথী বিদ্ৰোহীয়ে ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ বিমানবন্দৰত বাৰে বাৰে আক্ৰমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়াই সোমবাৰে ৰিয়াধলৈ আৰু ৰিয়াধৰ পৰা চলাচল কৰা বিমান সেৱা ১৫ অক্টোবৰলৈকে বাতিল ৰখাৰ সময়সীমা বৃদ্ধি কৰিছে।
 
এই পৰিস্থিতিৰ ফলত ইণ্ডিগ', এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু আকাশা এয়াৰৰ দৰে আন ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহেও ছৌদি আৰৱৰ আক্ৰান্ত গন্তব্যস্থানসমূহলৈ বিমান সেৱা বাতিল কৰিবলৈ বাধ্য হৈছে।
 
শেহতীয়া আক্ৰমণসমূহৰ ফলত সমগ্ৰ অঞ্চলটোত বিমান সেৱা অধিক ব্যাহত হৈছে। ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা বৃহত্তৰ সংঘাতক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ সংস্থাসমূহে নিৰন্তৰভাৱে নিজৰ বিমান চলাচলৰ সময়সূচী সলনি কৰি আছে। আক্ৰমণ আৰু তাৰ পৰৱৰ্তী নিৰাপত্তাজনিত ভাবুকিৰ পিছত ছৌদি কৰ্তৃপক্ষই বৰ্তমানৰ বাবে ৰিয়াধ বিমানবন্দৰৰ কাৰ্যকলাপ বন্ধ ৰাখিছে। 
 
এয়াৰ ইণ্ডিয়াৰ উপৰি আন কেইবাটাও ভাৰতীয় বিমান পৰিবহণ সংস্থাইও ছৌদি আৰৱলৈ বিমান চলাচল স্থগিত ৰাখিছে। ইণ্ডিগ'ই ৰিয়াধ আৰু দামমামলৈ চলাচল কৰা বিমানৰ সেৱা বাতিলৰ সময়সীমা বৃদ্ধি কৰি ১৫ অক্টোবৰলৈ নিৰ্ধাৰণ কৰিছে।
 
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ১২ অক্টোবৰৰ বাবে দামমাম আৰু জেদ্দালৈ চলাচল কৰা বিমান সেৱা বাতিল কৰিছে। লগতে ৰিয়াধলৈ চলাচল কৰা বিমান সেৱা ১৫ অক্টোবৰলৈকে স্থগিত ৰাখিছে। আনহাতে, আকাশা এয়াৰেও জেদ্দা আৰু ৰিয়াধলৈ বিমান সেৱা ১৩ অক্টোবৰলৈকে বন্ধ ৰাখিছে। 
 
সোমবাৰে ছৌদি আৰৱে পুনৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে। য়েমেনত চৰকাৰী বাহিনীক সমৰ্থন আগবঢ়োৱা ছৌদি নেতৃত্বাধীন মিত্ৰজোঁটে আকাশমাৰ্গেৰে আহি থকা আক্ৰমণকাৰী প্ৰক্ষেপণাস্ত্ৰ চিনাক্ত কৰাৰ কথা সদৰী কৰে। অৱশ্যে শেহতীয়া আক্ৰমণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে তাৎক্ষণিকভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
 
যোৱা এসপ্তাহত হাউথী বিদ্ৰোহীসকলে ছৌদি আৰৱৰ বিমানবন্দৰ আৰু শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত সংঘাতৰ পৰিসৰ অধিক সম্প্ৰসাৰিত হৈছে আৰু সমগ্ৰ অঞ্চলটোত ইয়াৰ প্ৰভাৱ বিয়পি পৰিছে।
 
এই আক্ৰমণসমূহৰ ফলত ছৌদি আৰৱৰ আকাশমাৰ্গৰ একাংশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, ৰিয়াধ বিমানবন্দৰৰ কাৰ্যকলাপ ব্যাহত হৈছে আৰু ৰাজধানীখনৰ ওপৰেৰে বিমান চলাচলৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে।
 
পৰিস্থিতিৰ অনিশ্চয়তা অব্যাহত থকাৰ বাবে বিমান পৰিবহণ সংস্থাসমূহে যাত্ৰীৰ সুৰক্ষা আৰু বিমান চলাচলৰ নিৰাপত্তাক সৰ্বাধিক গুৰুত্ব দিবলগীয়া হৈছে। ইয়াৰ ফলত ভাৰত আৰু ছৌদি আৰৱৰ মাজত যাতায়াত কৰা যাত্ৰীসকলৰ বাবে বিমান সেৱা বাতিলৰ সময়সীমা বৃদ্ধি পোৱাৰ লগতে ভ্ৰমণৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।