নতুন দিল্লী
ভাৰতীয় সেনাই নিজৰ সামৰিক শক্তি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিশ্বপ্ৰসিদ্ধ 'জেভলিন' এণ্টি-টেংক গাইডেড মিছাইল ছিষ্টেম ক্ৰয়ৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতে আমেৰিকাৰ 'ফৰে'ন মিলিটেলী চেলছ' প্ৰক্ৰিয়াৰ অধীনত এই ক্ৰয়ৰ বাবে এখন 'লেটাৰ অব অফাৰ এণ্ড এক্সেপটেন্স'ত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে।
আমেৰিকাৰ দূতাবাসে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে -ভাৰতক ৪৫.৭ মিলিয়ন ডলাৰত ১০০টা কান্ধত লৈ নিক্ষেপ কৰিব পৰা জেভলিন এণ্টি-টেংক গাইডেড মিছাইল আৰু অন্যান্য সঁজুলি বিক্ৰী কৰাৰ বিষয়ে আমেৰিকান চৰকাৰে আমেৰিকান কংগ্ৰেছক অৱগত কৰাৰ ৯ মাহৰ পাছত এই চুক্তি স্বাক্ষৰ কৰা হৈছে।
আনহাতে প্ৰেছ বিজ্ঞপ্তিতটোত উল্লেখ্য কৰিছে যে,এই চুক্তিয়ে কেবল সামগ্ৰিক ক্ৰয়তেই সীমাবদ্ধ নাথাকি দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগৰ সহ-উৎপাদন আৰু পাৰস্পৰিক প্ৰতিৰক্ষা ঘাটি শক্তিশালী কৰাৰ নতুন পথ মুকলি কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰদূত চেৰ্গিঅ' গৰে ইয়াক ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা সম্পৰ্কৰ এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে।