ৰিয়াধ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা

Story by  atv | Posted by  Nikunja Nath • 2 h ago
ৰিয়াধ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা
ৰিয়াধ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণৰ ঘটনাক ভাৰতৰ তীব্ৰ গৰিহণা
 
নতুন দিল্লী
 
ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এক ভয়ংকৰ মিছাইল আক্ৰমণে কাঢ়ি নিয়ে ১২ জন নিৰীহ লোকৰ প্ৰাণ৷ আহত হয় ৩০০ৰো অধিক লোক। এই ৰক্তক্ষয়ী আক্ৰমণক লৈ এতিয়া সৰৱ হৈ পৰিছে ভাৰতকে ধৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়।
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দেওবাৰে ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৩ আৰু ৪ নং টাৰ্মিনেলত হোৱা এই ধাৰাবাহিক মিছাইল আক্ৰমণক "সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য" বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে। যোৱা এক দশকতকৈয়ো অধিক সময়ৰ ভিতৰত ছৌদি আৰৱৰ মাটিত হোৱা এইটো আটাইতকৈ ভয়ংকৰ আক্ৰমণ। ইয়াত ছৌদি আৰৱ, বাংলাদেশ, আমেৰিকা, পেলেষ্টাইনকে ধৰি কেইবাখনো দেশৰ নাগৰিকে প্ৰাণ হেৰুৱাইছে। নতুন দিল্লীয়ে ছৌদি আৰৱৰ সাৰ্বভৌমত্ব ৰক্ষাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই অঞ্চলটোত দ্ৰুত শান্তি ঘূৰি অহাৰ আশা প্ৰকাশ কৰিছে।
এই আক্ৰমণৰ বাবে ছৌদি নেতৃত্বাধীন মিত্ৰজোঁটে ইৰান সমৰ্থিত য়েমেনৰ হুথি বিদ্ৰোহীক জগৰীয়া কৰিছে। যোৱা জুলাইত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত হোৱা চাৰিবছৰীয়া যুদ্ধবিৰতি ভংগ হোৱাৰ পিছৰে পৰা হুথিসকলে ছৌদি আৰৱৰ বিমানবন্দৰ আৰু তৈল প্ৰতিষ্ঠানসমূহক ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছে। আক্ৰমণৰ পিছতে বিমানবন্দৰটোৰ সকলো বিমানৰ গতিপথ সলনি কৰি কাম-কাজ সাময়িকভাৱে স্থগিত ৰখা হয়। ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰিস্থিতি ক্ষিপ্ৰতাৰে পৰ্যবেক্ষণ কৰি থকা বুলি জানিবলৈ দি প্ৰয়োজন সাপেক্ষে হুথিৰ বিৰুদ্ধে ছৌদি আৰৱৰ সামৰিক অভিযানত যোগদান কৰাৰো ইংগিত দিছে।
 
নিৰীহ লোকৰ তেজেৰে ৰাঙলী হোৱা এই আক্ৰমণে কেৱল ছৌদি আৰৱকেই নহয়, সমগ্ৰ বিশ্বৰ নিৰাপত্তালৈ এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰসংঘৰ শান্তি-প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত মধ্যপ্ৰাচ্যৰ এই জটিল সংঘাতে এতিয়া কি দিশ লয় আৰু আমেৰিকাৰ দৰে মহাশক্তিয়ে আগন্তুক দিনত কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সমগ্ৰ বিশ্বৰ বাবে এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে।