আজি অসম আহি পাব নেপালত আৱদ্ধ ৮ অসমীয়া

Story by  atv | Posted by  [email protected] • 44 m ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
নতুন দিল্লী
 
দেওবাৰৰ পৰা নেপালত নিৰুদ্দেশ হৈ থকা ৮ গৰাকী লোক আজি অসমলৈ উভতি আহিব । নেপালত নিৰুদ্দেশ হৈ থকা ৮ গৰাকী ব্যক্তি উদ্ধাৰ হোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰি কৰিছে। উদ্ধাৰ কৰা লোকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ কথাও সদৰি কৰে সামাজিক মাধ্যমত।
 
মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে নিশা সামাজিক মাধ্যমত কৰা এক প'ষ্টত কয়- "নেপালত নিৰাপদে উদ্ধাৰ হোৱা অসমৰ আঠজন ব্যক্তিৰ সৈতে কথা মই এইমাত্ৰ কথা পাতিলোঁ। ইয়াৰ বাবে মই বৰুণ চৌধাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পংকজ বৰ্মা, সমৰ বেজবৰুৱা, গৌতম দাস, গোপাল দেবনাথ, সোণেশ্বৰ নাৰ্জাৰী, সৰবিছন মাৰাক, ছিলভা মাৰাক আৰু এলফিছন চাংমা বৰ্তমান সুৰক্ষিত আৰু দেওবাৰে তেওঁলোক ঘৰলৈ কাইলৈ উভতি আহিব।"
 
তেওঁ কয়, বৰ্তমানো নিখোজ হৈ থকাসকলক বিচাৰি উলিয়াই আৰু অতি সোনকালে তেওঁলোকৰ নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। এইটো সম্ভৱ কৰি তোলাৰ বাবে আৰু এই কঠিন সময়ত আমাৰ লগত থিয় দিয়াৰ বাবে বৰুণজীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা। আপোনাৰ সময়োপযোগী সহায় আমাৰ সকলোৰে বাবে বহুমূলীয়া।"
 
উল্লেখযোগ্য যে, শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নেপালৰ বানৰ পিছৰে পৰা ১২ গৰাকী অসমীয়া লোক সন্ধানহীন হৈ থকাৰ কথা সদৰী কৰিছিল। লগতে এখন তালিকাও প্ৰকাশ কৰিছিল। পিছে উক্ত তালিকাৰ ভিতৰত শনিবাৰে নিশা মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰা ৮ গৰাকী লোকৰ মাজত কেৱল সমৰ বেজবৰুৱা আৰু সোণেশ্বৰ নাৰ্জাৰীৰ কথাহে উল্লেখ কৰিছে। গতিকে নেপালত নিৰুদ্দেশ হৈ থকা অসমৰ লোকৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।