বিশ্বকাপৰ যোগ্যতা অৰ্জন পৰ্যায়ৰ মেচসমূহত ইৰানে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি নিজৰ গ্ৰুপত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল। এই পৰ্যায়ত দলটোৱে সাতখন মেচত জয়লাভ কৰি শক্তিশালী প্ৰতিদ্বন্দ্বীসকলক পিছ পেলাই বিশ্বকাপৰ টিকট নিশ্চিত কৰিছিল। ইৰানৰ এই সাফল্যৰ আঁৰৰ মূল কাণ্ডাৰীগৰাকীয়েই আছিল দলটোৰ অভিজ্ঞ ষ্ট্ৰাইকাৰ মেহদী তাৰেমী। তেওঁৰ ধাৰাবাহিক আৰু আক্ৰমণাত্মক প্ৰদৰ্শনে দলটোক শক্তিশালী কৰি তুলিছে।
৩৩ বছৰীয়া তাৰেমীক বৰ্তমান ইৰানৰ ফুটবল জগতৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়। যোগ্যতা অৰ্জন পৰ্যায়ৰ ১৫ খন মেচত ১০ টা গল দি তেওঁ নিজৰ দলক কেইবাখনো গুৰুত্বপূৰ্ণ মেচত জয়ৰ সোৱাদ দিছিল। খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ এয়া হ'ব তৃতীয়খন বিশ্বকাপ আৰু এইবাৰো তেওঁৰ পৰা এক অনবদ্য প্ৰদৰ্শন আশা কৰা হৈছে।
ইৰানৰ বিশ্বকাপৰ ইতিহাস যথেষ্ট উত্থান-পতনেৰে ভৰা। দলটোৱে এতিয়ালৈকে ছখন বিশ্বকাপত অংশগ্ৰহণ কৰিছে যদিও কেতিয়াও গ্ৰুপ পৰ্যায়ৰ ডেওনা পাৰ হ'ব পৰা নাই। পিছে এইবাৰ ইৰানৰ ফুটবল অনুৰাগীসকল আশাবাদী যে তেওঁলোকৰ প্ৰিয় দলটোৱে ইতিহাস ৰচিব আৰু প্ৰথমবাৰৰ বাবে নক-আউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব।
গ্ৰুপ পৰ্যায়ত ইৰানে কেইবাটাও শক্তিশালী দলৰ মুখামুখি হ'ব। তেওঁলোকে নিউজিলেণ্ড, বেলজিয়াম আৰু ইজিপ্তৰ দৰে দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। ফুটবল বিশেষজ্ঞসকলৰ মতে, যদিহে ইৰানে যোগ্যতা অৰ্জন পৰ্যায়ৰ দৰেই সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিব পাৰে, তেন্তে তেওঁলোকে এই দলসমূহক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব।
ইৰানৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে অভিজ্ঞ খেলুৱৈ আৰু উদীয়মান যুৱ প্ৰতিভাৰ এক সুন্দৰ সংমিশ্ৰণেৰে এই দলটো গঠন কৰিছে। দলটোত এনে কেইবাগৰাকীও খেলুৱৈ অন্তৰ্ভুক্ত আছে যিসকলে ইউৰোপ আৰু এছিয়াৰ আগশাৰীৰ লীগসমূহত খেলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো বিশাল অভিজ্ঞতা অৰ্জন কৰিছে। ইৰানে বিশ্বকাপৰ বাবে তেওঁলোকৰ চূড়ান্ত দলটো তলত দিয়া ধৰণে ঘোষণা কৰিছেঃ
ইৰানৰ ২৬ জনীয়া বিশ্বকাপ দলঃ
গ'লৰক্ষকঃ আলিৰেজা বেইৰানভাণ্ড, হুছেইন হুছেইনী, পায়াম নিয়াজমাণ্ড।
ডিফেণ্ডাৰঃ ডেনিয়েল ইৰি, এহছান হাজছাফী, ছালেহ হাৰদানী, হুছেইন কানানী, শ্বোজা খলিলজাদেহ, মিলাদ মহম্মদী, আলী নেমাতি, ওমিদ নৌৰাফকান, ৰামিন ৰেজিয়ান।
মিডফিল্ডাৰঃ ৰৌজবেহ চেশ্মী, ছৈয়দ এজাতুল্লাহি, মেহদী ঘাইদী, সামান ঘোদ্দোছ, মহম্মদ ঘোৰবানী, আলিৰেজা জাহানবখ্শ, মহম্মদ মোহেবী, আমিৰ মহম্মদ ৰাজঘিনিয়া, মেহদী তোৰাবী আৰু আৰিয়া ইউছেফী।
ফৰৱাৰ্ডঃ আলি আলিপুৰ, ডেনিছ দৰগাহী, আমিৰহোছেইন হোছেইনজাদেহ, আমিৰহোছেইন মেহমুদী আৰু মেহদী তাৰেমি।
প্ৰতিনিধিত্বমুলক ফটো
বিশ্বকাপৰ পূৰ্বে ঘোষণা হোৱা এই দলটোৱে এতিয়া ইৰানৰ ফুটবল অনুৰাগীসকলৰ মনত আশাৰ নতুন সঞ্চাৰ কৰিছে। এতিয়া সকলোৰে দৃষ্টি কেৱল এটা কথাৰ ওপৰতেই নিবদ্ধ- ইৰান দলে নিজৰ অতীতৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ মজিয়াত এক নতুন ইতিহাস ৰচিব পাৰিবনে? মেহদী তাৰেমি আৰু তেওঁৰ সতীৰ্থসকলে যদিহে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়, তেন্তে এইবাৰৰ ফিফা বিশ্বকাপ নিঃসন্দেহে ইৰানৰ ফুটবল ইতিহাসৰ এক সোণালী অধ্যায় হিচাপে পৰিগণিত হ'ব।