নতুন দিল্লী
দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে জাপান অ’পেনৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে৷ ৰবিবাৰে টকিঅ'ত অনুষ্ঠিত ফাইনেলত দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধুৱে আকৰ্ষণীয় আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি জাপানৰ তিনিবাৰৰ বিশ্ব চেম্পিয়ন আকানে য়ামাগুচিক ২১-১৭, ২১-১৭ ছেটত পৰাস্ত কৰি খিতাপ দখল কৰে। প্ৰায় দুবছৰৰ পাছত প্ৰথমটো খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়৷
ভাৰতীয় বেডমিণ্টনৰ তাৰকা পি ভি সিন্ধুই জাপান অ'পেন ছুপাৰ ৭৫০ খিতাপ জয় কৰাৰ পিছত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। প্ৰায় ছয় বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ খিতাপ জয় কৰাৰ পিছত চকুলো টুকি সিন্ধুৱে কয়, নিজৰ ওপৰত থকা অটল বিশ্বাসেই তেওঁক পুনৰ সফলতাৰ শিখৰলৈ ঘূৰাই আনিছে। এতিয়া তেওঁৰ লক্ষ্য হৈছে অহা মাহত অনুষ্ঠিত হ'বলগীয়া বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰা।
জয়ৰ পিছত আৱেগিক হৈ পৰা সিন্ধুৱে কয়, "এই বিজয় মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। মই নিজৰ ওপৰত বহুত পৰিশ্ৰম কৰিছিলোঁ। জয় নিশ্চিত হোৱাৰ পিছত মোৰ চকুত পানী আহিছিল।"
সিন্ধুৰ বাবে এইটো আছিল প্ৰায় ১৯ মাহৰ পিছত প্ৰথমটো খিতাপ। ইয়াৰ পূৰ্বে তেওঁ ২০২৪ চনৰ ডিচেম্বৰত ছৈয়দ মোদী ইণ্টাৰনেশ্যনেল জয় কৰিছিল। আনহাতে, ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপ জয়ৰ পিছত এইটো তেওঁৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ। ইয়াৰ মাজত তেওঁ ২০২২ চনৰ ছিংগাপুৰ অ'পেন ছুপাৰ ৫০০ও জয় কৰিছিল।
সিন্ধুৱে কয়, "অনেকে ভাবিছিল মোৰ সময় শেষ হৈ গ'ল নেকি। কিন্তু মই কেতিয়াও নিজৰ ওপৰত থকা বিশ্বাস হেৰুৱোৱা নাছিলোঁ। সদায় বিশ্বাস কৰিছিলোঁ যে, মই পুনৰ সফল হ'ব পাৰিম। এই সফলতাৰ বাবে মই মোৰ পৰিয়াল, প্ৰশিক্ষক আৰু সমগ্ৰ সমৰ্থনকাৰী দলক ধন্যবাদ জনাইছোঁ।"
এই জয়ে অহা ১৭ আগষ্টৰ পৰা ২৩ আগষ্টলৈ ভাৰতত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে সিন্ধুৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিছে। বৰ্তমানলৈকে তেওঁৰ নামত বিশ্ব চেম্পিয়নশ্বিপৰ পাঁচটা পদক আছে, যাৰ ভিতৰত ২০১৯ চনৰ ঐতিহাসিক সোণৰ পদকো অন্তৰ্ভুক্ত। এইবাৰ যদি তেওঁ আৰু এটা পদক জয় কৰিবলৈ সক্ষম হয়, তেন্তে বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত ছয়টা পদক জয় কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ইতিহাস গঢ়িব।
জাপান অ'পেনৰ সফলতাক বিশ্ব চেম্পিয়নশ্বিপৰ বাবে আদৰ্শ প্ৰস্তুতি বুলি উল্লেখ কৰি সিন্ধুৱে কয়, "মই এই গতি, আত্মবিশ্বাস আৰু মানসিক শান্তি অক্ষুণ্ণ ৰাখিব বিচাৰোঁ। এতিয়া মোৰ লক্ষ্য একেটা ছন্দ বজাই ৰাখি আগবাঢ়ি যোৱা।"
এইবাৰৰ সফলতাৰ মূল চাবিকাঠি কি আছিল বুলি সোধাত সিন্ধুৱে কয়, "প্ৰত্যেকখন খেলতে শান্ত হৈ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। কেতিয়াবা আগবাঢ়ি থাকোঁতে অতি সোনকালে পইণ্ট শেষ কৰিব বিচাৰি ভুল হৈ যায়। কিন্তু মোৰ প্ৰশিক্ষকে সদায় কৈছিল 'যি হ'ল, সেয়া পাহৰি পৰৱৰ্তী পইণ্টত মন দিয়া। মই সেই কথাই অনুসৰণ কৰিছিলোঁ।"
তেওঁ লগতে কয় যে, আক্ৰমণাত্মক খেললৈ পুনৰ ঘূৰি অহা আৰু ক'ৰ্টত মুক্তভাৱে চলাচল কৰিব পৰাটোৱেও এই সফলতাৰ অন্যতম কাৰণ। "মোৰ শক্তি আক্ৰমণাত্মক খেল। যদি মই অনাৱশ্যক ভুল কমাব পাৰোঁ, তেন্তে খেলৰ ফলাফল সলনি কৰিব পাৰি।"
ফাইনেলখনৰ বিষয়ে ক'বলৈ গৈ সিন্ধুৱে কয়, "মই আগবাঢ়ি আছিলোঁ যদিও কেতিয়াও নিজকে নিশ্চিন্ত অনুভৱ কৰা নাছিলোঁ। শীৰ্ষস্থানীয় খেলুৱৈৰ বিৰুদ্ধে এটা পইণ্টো সহজ নহয়। প্ৰতিটো পইণ্টৰ বাবে যুঁজিব লাগে। মই শেষলৈকে একে আগ্ৰাসী মনোভাৱ বজাই ৰাখিছিলোঁ।"
জয়ৰ পিছত সিন্ধুৱে তেওঁৰ প্ৰশিক্ষক ইৰৱানছ্যাহ আদি প্ৰতামা, ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক ৱেইন লম্বাৰ্ড, সমগ্ৰ সমৰ্থনকাৰী দল, পিতৃ-মাতৃ, স্বামী ভেংকটা দত্ত ছাই আৰু শাহু-শহুৰক ধন্যবাদ জনায়। তেওঁ কয়, "মোৰ চাৰিওফালে থকা মানুহবোৰে সদায় মোক সঠিক পথ দেখুৱাইছে। তেওঁলোকৰ সহায় অবিহনে এই সফলতা সম্ভৱ নহ'লহেঁতেন। এই বিজয়ে নিশ্চয় মোক আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে অধিক আত্মবিশ্বাস যোগাব।"