থাইলেণ্ডক পৰাস্ত ভাৰতৰ; মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অভিলেখ গঢ়িলে দীপ্তি শৰ্মাই

Story by  atv | Posted by  Munni Begum • 1 h ago
দীপ্তি শৰ্মা
দীপ্তি শৰ্মা
 
ডুবাই
 
দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলা এছিয়া কাপৰ মেচত থাইলেণ্ডক ৯৪ ৰাণৰ বৃহৎ ব্যৱধানত ভাৰতীয় মহিলা দলে পৰাস্ত কৰে। এই মেচখনত ভাৰতীয় দলৰ অন্যতম অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই এক গুৰুত্বপূৰ্ণ অভিলেখ ৰচনা কৰিছে। দীপ্তি শৰ্মা মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয় মেচখনত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে। 
 
মেচখনত থাইলেণ্ডে টছত জয়ী কৰি প্ৰথমে বলিং কৰে। আনহাতে ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্বেফালী বাৰ্মাই সৰ্ধাধিক ৩৬ টা বলত ৬৪ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে। 
 
আনহাতে ভাৰতীয় দলত টি২০ত অভিষেক ঘটা প্ৰতিকা ৰাৱালে ২২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিজ্ঞ স্মৃতি মান্ধানাইও অতি সংগ্ৰামৰ অন্তত ১৯ ৰাণৰ ইনিংছ খেলে। থাইলেণ্ডৰ হৈ ছুলীপৰ্ণ লাওমিয়ে সৰ্বাধিক ৪ অভাৰত ৩ টা উইকেট লাভ কৰে। 
 
থাইলেণ্ডৰ সন্মুখত খেলখনত জয়ী হ'বলৈ ১৬০ ৰাণৰ লক্ষ্য আছিল যদিও ভাৰতীয় বলাৰসকলে তীব্ৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে। দীপ্তি শৰ্মাই সৰ্বাধিক প্ৰদৰ্শনেৰে ১ অভাৰ ১ টা বলত এক ৰাণো নিদিয়াকৈ ৩ টা উইকেট দখল কৰে। ইয়াৰ লগে লগে দীপ্তি শৰ্মাই টি২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। 
 
দীপ্তি শৰ্মাই ১৫০ খন মেচত এই সফলতা অৰ্জন কৰে। এই সময়ত তেওঁ লাভ কৰিছে ১৭১ টা উইকেট। মেচখনত নন্দনি শৰ্মাই ৪ অভাৰত মাত্ৰ ১৮ ৰাণ দি ৩ টা উইকেট দখল কৰে। শ্ৰীচৰণীয়েও ৩ অভাৰত মাত্ৰ ১০ ৰাণ দি ২ টা উইকেট দখল কৰে। 
 
ইয়াৰ পিছত ভাৰতে ৩ ছেপ্টেম্বৰত গ্ৰুপ পৰ্যায়ত হংকঙৰ বিৰুদ্ধে খেলিব। আনহাতে ৫ ছেপ্টেম্বৰত ভাৰতীয় মহিলা দলে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিব।