কমনৱেলথ গেমছৰ সাজু হোৱা অসমৰ খেলুৱৈসকলক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  [email protected] • 16 h ago
অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা-চাইক্লিষ্ট লিছা দাস
অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা-চাইক্লিষ্ট লিছা দাস
 
গুৱাহাটী
 
অহা ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে সাজু হৈছে দেশৰ ক্ৰীড়াবিদসকল। এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ চাৰিজনীয়া ক্ৰীড়াবিদৰ দলটোক আজি বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে যে এই ক্ৰীড়াবিদসকলে বিশ্বমঞ্চত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব।
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, লন বল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল, লগতে পেৰা-চাইক্লিষ্ট লিছা দাসক আগন্তুক খেলসমূহৰ বাবে শুভকামনা জনায়।
 
মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে- “আগন্তুক কমনৱেলথ গেমছৰ বাবে অসমৰ চেম্পিয়ন- লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু লিছা দাসলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল। মই নিশ্চিত যে তেওঁলোকে নিজ নিজ ক্ৰীড়া বিভাগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ এই সফলতাৰ আঁৰত থকা তেওঁলোকৰ চৰম নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰে। ইয়াৰ উপৰি, ক্ৰীড়াৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আগবঢ়াই অহা ধাৰাবাহিক সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে খেলুৱৈসকলৰ অহোপুৰুষাৰ্থৰ বাবেই আজি তেওঁলোকে এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
উল্লেখযোগ্য যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেগা স্পৰ্টছ ইভেণ্টত সমগ্ৰ কমনৱেলথ দেশসমূহৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলে বিভিন্ন ক্ৰীড়া বিভাগত পদকৰ বাবে তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব। সমগ্ৰ অসমবাসীয়েও বৰ্তমান এই চাৰিওগৰাকী তাৰকা খেলুৱৈৰ সফলতা কামনা কৰিছে।