নতুন দিল্লী
কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানে চলোৱা এক ভয়াৱহ ড্ৰোন আৰু মিছাইল আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬৩ জন লোক আহত হৈছে। বুধবাৰে সংঘটিত এই আক্ৰমণৰ পিছতেই দেশখনে সকলো ধৰণৰ বিমান চলাচল সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়।
কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ঘটনাক অপৰাধমূলক ইৰানী আগ্ৰাসন বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে শত্ৰুপক্ষৰ ড্ৰোন আৰু মিছাইলসমূহে বিশেষকৈ বিমানবন্দৰৰ ১ নম্বৰ টাৰ্মিনেলক লক্ষ্য কৰি লৈছিল, যাৰ ফলত ভৱনটোৰ ব্যাপক ক্ষতিসাধন হয়। আক্ৰমণৰ বাবে কেইবাখনো বিমানৰ পথ সলনি কৰা হৈছে আৰু সমগ্ৰ এলেকাটো সুৰক্ষিত কৰিবলৈ জৰুৰীকালীন উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে।
ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা কেতবোৰ ভয়াৱহ ভিডিঅ’ আৰু দৃশ্যত দেখা গৈছে যে আক্ৰমণৰ পিছতে বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ ভিতৰভাগ ঘন ধূসৰ ধোঁৱাৰে ভৰি পৰিছে। ইয়াৰ উপৰি অন্য কেতবোৰ ক্লিপত ১ নম্বৰ টাৰ্মিনেলৰ ভিতৰৰ চিলিং, দেৱাল আৰু কাঁচৰ পেনেলসমূহ ভাঙি চূৰমাৰ হৈ যোৱাৰ এক বিভীষিকাময় ছবি ফুটি উঠিছে।
উল্লেখযোগ্য যে, বৰ্তমান প্ৰশাসনে আহতসকলক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিমানবন্দৰৰ ক্ষয়-ক্ষতিৰ বুজ লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।