উজনিত ভয়ংকৰ বান, প্লাৱিত মহানগৰীৰ বিভিন্ন অঞ্চলঃ পৰিস্থিতি চম্ভালিবলৈ সাজু সেনা, ৪ মন্ত্ৰীক উজনিলৈ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ
আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
বানপানী আৰু ভূমিস্খলনে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এফালে যদি উজনিৰ মাৰ্ঘেৰিটাত বানে বিস্তৰ ক্ষতিসাধন কৰিছে, আনফালে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহত নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ সৃষ্টি হৈছে। পিছে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাধাৰণ ৰাইজক সকাহ দিবলৈ সমগ্ৰ ৰাজ্যতে এতিয়া চৰকাৰ আৰু প্ৰশাসনে গ্ৰহণ কৰিছে যুদ্ধকালীন তৎপৰতা।
ৰাজ্যখনৰ বিশ্বনাথ, কাছাৰ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি এই ১২খন জিলাৰ ৩০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৮০খন গাঁও বানপানীত ক্ষতিগ্ৰস্ত হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, বানপানীত ১০,৩৬২.৯ হেক্টৰ কৃষিভূমি এতিয়াও প্লাৱিত হৈ আছে। অৱশ্যে, সোমবাৰে পুৱা প্ৰকাশ কৰা শেহতীয়া বুলেটিন অনুসৰি, নতুনকৈ কোনো বান-সংক্ৰান্ত মৃত্যুৰ ঘটনা পঞ্জীয়ন হোৱা নাই।
নেৰানেপেৰা ধাৰাসাৰ বৰষুণে সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰি তোলাত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰে। গুৱাহাটীত বিশেষকৈ মেঘালয় পাহাৰৰ পৰা নামি অহা ৰঙাপানীৰ ঢল আৰু কেইবাখনো নদীৰ বাঢ়নী পানীয়ে জুৰোড তিনিআলি, সোনকুছি, বেহাৰবাৰী, পাঞ্জাবাৰী, হাতীগাঁও, সিজুবাৰী, ঘোৰামৰা, ৰুক্মিণীগাঁও, বৰমটৰীয়া, বেলতলা তিনিআলি, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, চানমাৰি, মালিগাঁও, লখৰা-ওদালবাক্ৰা, বৰাগাঁও, জটীয়া-কাহিলীপাৰাকে ধৰি একাধিক অঞ্চলত পথ আৰু আৱাসিক এলেকা বুৰাই পেলায়। সমান্তৰালভাৱে প্ৰশাসনে মহানগৰীত ভূমিস্খলনৰ সতৰ্কবাণীও জাৰি কৰিছে৷
প্ৰশান্তি লজৰ সমীপৰ কামাখ্যা মূল পথ, কামাখ্যা কলনি, পশ্চিম কামাখ্যা গাঁও, পাণ্ডু মন্দিৰ ঘাট আৰু মালিগাঁৱৰ মাধৱদেৱনগৰত ভূমিস্খলনৰ তীব্ৰ আশংকা আছে। ৰাইজক মালিগাঁও, পাণ্ডু আৰু কামাখ্যাৰ পাহাৰীয়া অঞ্চলসমূহত অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। প্ৰয়োজন সাপেক্ষে কামাখ্যা মন্দিৰলৈ যোৱা যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ'ব পাৰে।
ইপিনে, জলাবদ্ধতাৰ সমস্যা দূৰ কৰিবলৈ অনিল নগৰ, ৰুক্মিণীগাঁও, ৰাজগড় ৰোড আৰু লাচিত নগৰত ডিৱাটাৰিং পাম্প স্থাপন কৰি সঞ্চিত বৰষুণৰ পানী নিষ্কাশনৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত বান পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনে সাহায্য আৰু পুনৰ্সংস্থাপনৰ কাম তীব্ৰতৰ কৰি তুলিছে। বৰ্তমান ১৪টা সাহায্য শিবিৰত ১,১৩৩টা পৰিয়ালৰ মুঠ ২,৮২৯ গৰাকী লোকে আশ্ৰয় লৈ আছে (ইয়াৰে ২,০৫১ গৰাকী প্ৰাপ্তবয়স্ক আৰু ৭৭৮ গৰাকী শিশু)।
মাৰ্ঘেৰিটা টাউন এল পি স্কুল, মাৰ্ঘেৰিটা অল্ড কলনি পি ডব্লিউ ডি ৱেৰহাউচ নং ১, আলুবাৰী, ১ নং ফাকিয়াল, খাগৰিপথাৰ, লিখাজান, সতী জয়মতী, মহাৰাম বড়ো, নৱজ্যোতি, মুল্লাং আৰু বাঁহবাৰী এল পি স্কুল। ইয়াৰ উপৰিও জাগুন, নামফাই টাপু সাহায্য বিতৰণ কেন্দ্ৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ এম ই স্কুলতো শিবিৰ স্থাপন কৰা হৈছে।
বানাক্ৰান্তসকলক চাউল, দাইল, খোৱাতেল, ত্ৰিপাল আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে অনাময় আৰু পোহৰৰ ব্যৱস্থা কৰা হৈছে। কেতেতং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰিছে। গৰ্ভৱতী মহিলা, মাতৃ আৰু শিশুৰ বাবে পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। পশুধনৰ বাবেও দানা বিতৰণ কৰা হৈছে।
উজনি অসমৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰাত উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সাহায্য প্ৰদানৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ ৪ গৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে অজন্তা নেওগ, বিমল বড়া, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক বানাক্ৰান্ত জিলাসমূহলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় বিধায়কসকলেও অহৰ্নিশে ৰাইজৰ সহায়ত নামি পৰিছে। প্ৰয়োজন সাপেক্ষে মানুহক নিৰাপদ স্থানলৈ নিবলৈ ভাৰতীয় সেনা আৰু বায়ু সেনাক সাজু হৈ থাকিবলৈ চৰকাৰে অনুৰোধ জনাইছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ আমি অসমৰ চাৰিগৰাকী কেবিনেট মন্ত্ৰীক বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছো।"
তেওঁ লগতে উল্লেখ কৰে যে উজনি অসমৰ বানপীড়িত জিলাসমূহত প্ৰয়োজন সাপেক্ষে মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ৰাজ্য চৰকাৰে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ চৰকাৰে উজনি অসমৰ জিলাসমূহত বান উদ্ধাৰ অভিযানৰ বাবে সেনা আৰু বায়ু সেনাক সষ্টম হৈ থাকিবলৈ অনুৰোধ জনাইছে।"
বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰি শৰ্মাই কয়, "আমি দিনে-নিশাই ২৪ ঘণ্টাই বান পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু জনসাধাৰণৰ জীৱন সুৰক্ষা কৰিবলৈ তথা সাহায্য প্ৰদান কৰিবলৈ প্ৰতিটো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।"
বান পৰিস্থিতিৰ এই স্পর্শকাতৰ মুহূর্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সতীর্থ মন্ত্রী আৰু স্থানীয় বিধায়কসকলে সকলো নিৰীক্ষণ কৰি নিজৰ দায়িত্ব পালন কৰি আছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বান প্রভাৱিত এলেকাত উপস্থিত হৈ তেওঁলোকে সংশ্লিষ্ট বিভাগ আৰু জিলা প্রশাসনৰ সৈতে বন্যার্ত ৰাইজক উদ্ধাৰ কৰা, সাহায্য সামগ্রী সময়মমতে লাভ কৰাটো নিশ্চিত কৰা আদি সকলো কাম সক্রিয়তাৰে কৰি আছে।
ইপিনে, উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানে ভয়ংকৰ ৰূপ লৈছে। দিখৌ নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাত নাজিৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল জলমগ্ন হৈ পৰিছে। মথাউৰিৰ ওপৰেৰে পানী বাগৰি যোৱাৰ লগতে বৈদ্যুতিক খুঁটা উভালি পৰিছে। নাগালেণ্ডৰ লগতে সোণাৰিত টাউকাক নদীৰ লগতে জাঁজী, ভোগদৈ আৰু কাকজান নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত নামতি, জাঁজী আৰু টীয়কৰ কেইবাখনো গাঁও বুৰ গৈছে।
ৰে'লপথৰ ওপৰেৰে পানী বাগৰি যোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো যাত্ৰীবাহী ৰে’ল বাতিল কৰিছে আৰু শিমলুগুৰি-নামতিআলিৰ মাজত ৰে’ল চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। জিলা প্ৰশাসন, SDRF আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে নাৱৰ সহায়ত আৱদ্ধ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি আছে।
বিপদৰ সময়ত ৰাইজে সহায় বিচাৰিব পৰাকৈ প্ৰশাসনে বানাক্ৰান্ত জিলাত নিয়ন্ত্ৰণ কক্ষৰ নম্বৰসমূহ মুকলি কৰিছে৷ মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ বাবে হেল্পলাইন নম্বৰ ৬০০১২৩৯০৬৮ / ৯১০১০৯৮৬২৭ আৰু যোৰহাট জিলাৰ বাবে ১০৭৭ (টোল-ফ্ৰী) / ০৩৭৬-২৩০০১২৪ নম্বৰ মুকলি কৰিছে৷
বানপানী আৰু ভূমিস্খলন অসমৰ বাবে নতুন সমস্যা নহ'লেও, বৰ্তমানৰ এই ভয়াৱহ পৰিস্থিতিয়ে স্বাভাৱিকতেই সকলোকে উদ্বিগ্ন কৰি তুলিছে।