দেৰগাঁৱত অসমৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; আইন-শৃংখলাৰ পৰ্যালোচনা

Story by  atv | Posted by  Nikunja Nath • 1 h ago
দেৰগাঁৱত অসমৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; আইন-শৃংখলাৰ পৰ্যালোচনা
দেৰগাঁৱত অসমৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; আইন-শৃংখলাৰ পৰ্যালোচনা
 
গুৱাহাটী
 
ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি কটকটীয়া কৰা আৰু এখন অপৰাধমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসম আৰক্ষীক অধিক সক্ৰিয়, আধুনিক আৰু জনমুখী কৰি তোলাৰ উদ্দেশ্যে শেহতীয়াকৈ দেৰগাঁৱত আৰম্ভ হৈছে এক বিশেষ সন্মিলন। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলনত ৰাজ্যখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ'ব। দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত হোৱা এই বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, আইন-শৃংখলা, আৰক্ষীৰ নতুন নিযুক্তি, ড্ৰাগছ, মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ লগতে অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত বৈঠকত বিতংভাৱে আলোচনা কৰা হ'ব।
 
তেওঁ কয়, "আগন্তুক দুদিনৰ বাবে আমি শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এই বিষয়সমূহ পৰ্যালোচনা কৰিম আৰু প্ৰয়োজনীয় পদক্ষেপসমূহ গ্ৰহণৰ বিষয়ে বিবেচনা কৰিম।"
 

ড্ৰাগছ সৰবৰাহ আৰু মহিলা তথা শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে অধিক কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি দিয়ে। তেওঁ কয়, "মই নিশ্চিত যে এই চিন্তা-চৰ্চা আৰু আলোচনাই অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ দিশত কিছুমান ইতিবাচক পদক্ষেপ গ্ৰহণত সহায় কৰিব।"
 
উল্লেখ্য যে, চলিত বৰ্ষৰ মে' মাহত একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া হৈছে প্ৰথমখন বৈঠক।
 
বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই লাচিত বৰফুকন আৰক্ষী একাডেমীত ৪০৩ গৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে।
 
নতুনকৈ নিযুক্তি পোৱা আৰক্ষীসকলক অভিনন্দন জনাই তেওঁ কয় যে, এয়া তেওঁলোকৰ বাবে সেৱা আৰু দায়বদ্ধতাৰ এক গৌৰৱময় দিন, যিয়ে ৰাজ্যবাসীৰ প্ৰতি সমৰ্পিত সেৱাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। নতুনকৈ নিযুক্তি পোৱাসকলৰ ভিতৰত ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক (প্ৰবেচনাৰ) আৰু যোগাযোগ শাখাৰ ৩৭১ গৰাকী কনিষ্টবল অন্তৰ্ভুক্ত আছে।
 

মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে উল্লেখ কৰে যে এই একাডেমীখনে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ উপৰি গোৱা আৰু মণিপুৰৰ আৰক্ষী জোৱানসকলকো ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয়, "আমি আন কেইবাখনো ৰাজ্যৰ পৰাও তেওঁলোকৰ আৰক্ষী জোৱানসকলক আমাৰ একাডেমীত প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰস্তাৱ লাভ কৰিছো।"
 
মুখ্যমন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে যে নতুনকৈ নিযুক্তি পোৱা এই আৰক্ষীসকলক চাইবাৰ অপৰাধ আৰু ডিজিটেল জালিয়াতিকে ধৰি আৰক্ষী সেৱাৰ বিভিন্ন আধুনিক দিশত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
 
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে পেৰেড পৰিদৰ্শন কৰাৰ লগতে প্ৰশিক্ষণৰ সময়ত অসাধাৰণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জোৱানসকলক বঁটা প্ৰদান কৰে।