নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে। পেট্ৰ'লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে। বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে।
কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ বিপৰীতে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৮.৫ টকালৈ হ্ৰাস কৰিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ৰপ্তানিৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে।
কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে। পেট্ৰ'লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে। বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে
লগতে ১৬ অক্টোবৰৰ পৰা আৰম্ভ হোৱা পষেকৰ বাবে ডিজেল ৰপ্তানিৰ ওপৰত শুল্ক কৰ্তন কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামৰ হ্ৰাস-বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ পুনৰীক্ষণ কৰি আহিছে।
ডিজেল ৰপ্তানিৰ ওপৰত পথ আৰু আন্তঃগাঁথনিৰ চেছৰ লগতে বিশেষ অতিৰিক্ত আবকাৰী শুল্ক (এছএইডি) প্ৰতি লিটাৰত ১৬ টকাৰ পৰা ৮.৫ টকালৈ হ্ৰাস কৰা হৈছে। পেট্ৰ'ল ৰপ্তানিৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ০.৫ টকাৰ পৰা ২.৫ টকালৈ বৃদ্ধি কৰা হৈছে। উভয় ইন্ধনৰ ৰপ্তানিৰ ওপৰত পথ আৰু আন্তঃগাঁথনি শুল্ক শূন্য অব্যাহত আছে।
অৱেশ্যে, বিমান টাৰ্বাইন ইন্ধন (এটিএফ) ৰপ্তানিৰ ওপৰত পষেকটোৰ বাবে প্ৰতি লিটাৰত ১০.৫ টকাকৈ শুল্ক অব্যাহত ৰখা হৈছে। উল্লেখ্য যে পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰে যোৱা ২৭ মাৰ্চত ডিজেল আৰু এটিএফৰ ওপৰত ৰপ্তানি শুল্ক আৰোপ কৰিছিল।
যোৱা ১৬ মে'ৰ পৰা পেট্ৰ'ল ৰপ্তানিৰ ওপৰত এই শুল্ক প্ৰৱৰ্তন কৰা হৈছিল। ঘৰুৱা ব্যৱহাৰৰ পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত বৰ্তমানৰ শুল্কৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই।