গুৱাহাটী
২০২২ চনত ১০ লাখ টকাৰ উৎকোচ গ্ৰহণৰ অভিযোগত হাতে-লোটে ধৰা পৰা প্ৰাক্তন চৰকাৰী বিষয়া হেমন্ত কুমাৰ তালুকদাৰৰ সম্পূৰ্ণ পেঞ্চন আৰু গ্ৰেচুইটি স্থায়ীভাৱে বন্ধ কৰিছে অসম চৰকাৰে। বিভাগীয় কাৰ্য্যবিধিত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱাৰ পাছত চৰকাৰে এই সিদ্ধান্ত লয়।
তালুকদাৰ সেই সময়ত দৰং জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DI&CC) মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২২ চনৰ ২৪ মে’ত উৎকোচ গ্ৰহণৰ অভিযোগত অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে তেওঁক হাতে-লোটে ধৰা পেলাইছিল।
অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP)ৰ অধীনত ঋণৰ এখন আবেদনৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ তালুকদাৰে ১০ লাখ টকা বিচাৰিছিল।
তদন্তৰ পাছত বিভাগীয় কাৰ্য্যবিধিত তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হয়। ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰে শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁৰ সম্পূৰ্ণ পেঞ্চন আৰু গ্ৰেচুইটি স্থায়ীভাৱে বন্ধ কৰে।
অসম সেৱা (পেঞ্চন) বিধি, ১৯৬৯ৰ অধীনত এই শাস্তি বিহা হৈছে। তালুকদাৰে ২০২২ চনৰ ৩১ ডিচেম্বৰত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
ইফালে, প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা ফৌজদাৰী গোচৰটো এতিয়াও কামৰূপ মহানগৰ জিলাস্থিত অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে। গোচৰটো বিশেষ গোচৰ (দুৰ্নীতিৰ গোচৰ) নং ৯/২০২৪ হিচাপে পঞ্জীয়ন কৰা হৈছে।