গুৱাহাটী
সদৌ অসম মটৰ পৰিবহণ সংস্থা (AAMTA) আৰু পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত আলোচনাত কোনো মীমাংসা নোহোৱাত সমগ্ৰ অসমত বাণিজ্যিক পৰিবহণৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত থাকিব বুলি কোৱা হৈছে। আন্দোলন প্ৰত্যাহাৰৰ পূৰ্বে চৰকাৰৰ পৰা লিখিত আশ্বাস বিচাৰিছে সংস্থাই।
গুৱাহাটীৰ জনতা ভৱনত দুপৰীয়া ১ বজাত অনুষ্ঠিত বৈঠকত পৰিবহণ আয়ুক্ত তথা সচিব আকাশ দীপৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। বিভাগে সংস্থাৰ ছয় দফীয়া দাবীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। পৰিবহণকাৰীসকলে অৱশ্যে মৌখিক আশ্বাস যথেষ্ট নহয় বুলি জনাই লিখিত প্ৰতিশ্ৰুতি বিচাৰে।
সংস্থাই জনোৱা মতে, বাহনৰ অৱস্থান নিৰীক্ষণ যন্ত্ৰ (VLTD), গতি নিয়ন্ত্ৰক যন্ত্ৰ (SLD), পাৰমিট, বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ আৰু আন নিয়ামক বিষয়ৰ সৈতে জড়িত দাবীসমূহ চৰকাৰে মানি লৈছে। অৱশ্যে চৰকাৰে আনুষ্ঠানিকভাৱে লিখিত আশ্বাস নিদিয়ালৈকে ধৰ্মঘট অব্যাহত থাকিব বুলি সংস্থাই জনায়।
সংস্থাই কয়, “২২ নৱেম্বৰত অনুষ্ঠিত সংস্থাৰ অধিৱেশনত আমি কেইটামান সিদ্ধান্ত লৈছিলোঁ আৰু পৰিবহণ বিভাগৰ ওচৰত ছয় দফীয়া দাবী দাখিল কৰিছিলোঁ। বিভাগে আমাৰ দাবীসমূহ মানি লৈছে। কিন্তু আমি লিখিত আশ্বাস নোপোৱালৈকে ধৰ্মঘট চলি থাকিব।”
চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি লিখিতভাৱে নিশ্চিত কৰিলেই আন্দোলন প্ৰত্যাহাৰ কৰা হ’ব বুলি পৰিবহণকাৰীসকলে লগতে জনায়।
ঘাইপথত জেকেৰে বাহনৰ চকা দাঙি গতি নিয়ন্ত্ৰক যন্ত্ৰ পৰীক্ষা কৰাৰ প্ৰথা বন্ধ কৰাটো সংস্থাৰ অন্যতম মুখ্য দাবী। একেখন বাহনৰ ওপৰত একাধিক ই-চালান জাৰিৰ বিষয়তো সংস্থাই প্ৰশ্ন তুলিছে। সংস্থাৰ অভিযোগ অনুসৰি, কোনো কোনো ক্ষেত্ৰত এখন বাহনৰ ওপৰত ৩০খন পৰ্যন্ত চালান জাৰি কৰা হৈছে। এনে গোচৰ আদালতলৈ প্ৰেৰণৰ দাবী জনাইছে সংস্থাই।
গতি নিয়ন্ত্ৰক যন্ত্ৰ আৰু বাহনৰ অৱস্থান নিৰীক্ষণ যন্ত্ৰৰ প্ৰমাণপত্ৰ নবীকৰণ কৰাৰ সময়সীমা বৃদ্ধিৰো দাবী জনাইছে সংস্থাই।
দাবীসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ সংস্থাই চৰকাৰক বান্ধি দিয়া সময়সীমা উকলাৰ পাছত বৃহস্পতিবাৰে ধৰ্মঘট আৰম্ভ হয়। ইয়াৰ পূৰ্বে মঙলবাৰে এখন সংবাদমেলত সংস্থাই সকীয়াই দিছিল যে দাবীসমূহ মানি নল’লে বাণিজ্যিক পৰিবহণ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হ’ব।
বাণিজ্যিক বাহনত গতি নিয়ন্ত্ৰক যন্ত্ৰ আৰু অৱস্থান নিৰীক্ষণ যন্ত্ৰ স্থাপন আৰু ৰক্ষণাবেক্ষণ বাধ্যতামূলক কৰা নিয়মক কেন্দ্ৰ কৰিয়েই মূলতঃ এই বিবাদৰ সৃষ্টি হৈছে। নিয়মসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অনিয়ম আৰু প্ৰশাসনিক ত্ৰুটি থকাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাই।
সংস্থাই আঙুলিয়াই দিছে যে গুৱাহাটীত গতি নিয়ন্ত্ৰক যন্ত্ৰ স্থাপনৰ বাবে মাত্ৰ এটা কেন্দ্ৰ আছে আৰু এই কামৰ দায়িত্বও মাত্ৰ এটা সংস্থাকে দিয়া হৈছে। বাহনৰ মালিকসকলে যাতে সহজে এই সেৱা লাভ কৰে আৰু যন্ত্ৰ স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ হয়, তাৰ বাবে একাধিক কোম্পানীক এই কামৰ অনুমতি দিবলৈ সংস্থাই চৰকাৰক আহ্বান জনাইছে।
সমগ্ৰ অসমত বাহনৰ ফিটনেছ পৰীক্ষাৰ বাবে পৰ্যাপ্ত সা-সুবিধা নথকাতো সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে। এই অভাৱ দূৰ কৰিবলৈ পৰিবহণ বিভাগে পৰ্যাপ্ত পদক্ষেপ লোৱা নাই বুলি সংস্থাই অভিযোগ কৰিছে।
সংস্থাই জনোৱা মতে, গুৱাহাটীৰ লগতে ৰাজ্যৰ আন অঞ্চলতো বাণিজ্যিক বাহন ৰখাৰ উপযুক্ত ব্যৱস্থা নাই। ফলত পৰিবহণকাৰীসকলে অসুবিধাৰ সন্মুখীন হৈছে।
সংস্থাৰ আন দাবীসমূহৰ ভিতৰত আছে ই-চালান সম্পৰ্কীয় অভিযোগ নিষ্পত্তিৰ বাবে এক স্বচ্ছ ব্যৱস্থা গঢ়ি তোলা, প্ৰতিখন জিলাত পৰিবহণ আপীল ন্যায়াধিকৰণ স্থাপন কৰা আৰু বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ তথা পাৰমিট নৱীকৰণৰ প্ৰক্ৰিয়া সৰল কৰা।
বৰ্ধিত কৰ আৰু মাচুলৰ বোজাৰ পৰা সকাহ দিয়াৰ লগতে ২০ বছৰতকৈ অধিক পুৰণি বাণিজ্যিক বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য স্ক্ৰেপিং নীতি স্পষ্ট কৰিবলৈও সংস্থাই দাবী জনাইছে। পৰিবহণৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নত কৰাৰ দাবীও উত্থাপন কৰিছে সংস্থাই।
লিখিত আশ্বাস নোপোৱালৈকে সংস্থাই ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰাত বিবাদৰ নিষ্পত্তি নোহোৱালৈকে সমগ্ৰ ৰাজ্যতে বাণিজ্যিক পৰিবহণ সেৱা ব্যাহত হৈ থকাৰ সম্ভাৱনা আছে।