গুৱাহাটী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে (CCEA) ২৫ নৱেম্বৰত অসমৰ কাছাৰ জিলাৰ ডলুত ২,০১৪ কোটি টকা ব্যয়েৰে এটা নতুন বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়।
প্ৰস্তাৱিত বিমানবন্দৰটোৱে বৰ্তমানৰ শিলচৰ বিমানবন্দৰৰ পৰিচালনাগত সমস্যা আৰু স্থানৰ সীমাবদ্ধতা দূৰ কৰাৰ লগতে দক্ষিণ অসম তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিমান যাত্ৰাৰ বৰ্ধিত চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে। বৰ্তমানৰ শিলচৰ বিমানবন্দৰটো মূলতঃ প্ৰতিৰক্ষা বাহিনীৰ অধীনত থকা এক অসামৰিক বিমান সেৱা কেন্দ্ৰ।
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, নতুন বিমানবন্দৰটোৱে ব্যস্ততম সময়ত ৮০০ গৰাকী যাত্ৰীক সেৱা আগবঢ়াব পাৰিব। বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী পৰিবহণ ক্ষমতা হ’ব ১০ লাখ ১০ হাজাৰ।
চৰকাৰী বিবৃতি অনুসৰি, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (AAI) নিজা বিত্তীয় সম্পদৰ জৰিয়তে এই প্ৰকল্পৰ সম্পূৰ্ণ ব্যয় বহন কৰিব।
প্ৰস্তাৱিত বিমানবন্দৰটোৰ টাৰ্মিনেল ভৱন ১২,৩৫১ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা হ’ব। ইয়াত যাত্ৰীসকলৰ বাবে আধুনিক সা-সুবিধা, পৰিৱেশ অনুকূল নিৰ্মাণ ব্যৱস্থা আৰু ভৱিষ্যতে প্ৰয়োজন অনুসৰি সম্প্ৰসাৰণৰ সুবিধা থাকিব।
এই প্ৰকল্পৰ অধীনত ২,৭০৫ মিটাৰ দীঘল আৰু ৪৫ মিটাৰ বহল ‘কোড-৪চি’ মানসম্পন্ন এটা ৰানৱে নিৰ্মাণ কৰা হ’ব। এই ৰানৱে এ-৩২০ শ্ৰেণীৰ বিমানৰ উৰণ আৰু অৱতৰণৰ বাবে উপযোগী হ’ব। ইয়াৰ লগতে একেলগে ছখন এ-৩২০ বিমান ৰখাব পৰা এপ্ৰন আৰু জৰুৰীকালীন পৰিস্থিতিত বিমান পৃথককৈ ৰখাৰ বাবে এটা বিশেষ স্থান নিৰ্মাণ কৰা হ’ব।
ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ যৌথ পৰিচালনাত থকা বৰ্তমানৰ শিলচৰ বিমানবন্দৰৰ অসামৰিক বিমান সেৱাৰ অংশটো ৭০ একৰ ভূমিত বিস্তৃত। সীমিত ভূমি আৰু বিভিন্ন পৰিচালনাগত সমস্যাৰ বাবে বিমানবন্দৰটোৱে বৰ্তমান যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।
বৰাক উপত্যকাত অৱস্থিত ডলু কৌশলগত দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। চাহ বাগিচা, কৃষিভিত্তিক উদ্যোগৰ লগতে প্ৰকৃতি আৰু সাংস্কৃতিক পৰ্যটনৰ বিপুল সম্ভাৱনাৰে সমৃদ্ধ এই অঞ্চলটোৰ উন্নয়নত নতুন বিমানবন্দৰটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
অশ্বিনী বৈষ্ণৱে কয় যে, নতুন বিমানবন্দৰটোৱে বৰাক উপত্যকা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে পৰ্যটন খণ্ডকো নতুন গতি প্ৰদান কৰিব।
চৰকাৰৰ মতে, এই প্ৰকল্পই বৰ্তমানৰ শিলচৰ বিমানবন্দৰৰ ওপৰত থকা চাপ হ্ৰাস কৰিব, আঞ্চলিক যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব আৰু বাণিজ্য তথা পৰ্যটনৰ প্ৰসাৰৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
ইয়াৰ উপৰি, নতুন বিমানবন্দৰটোৱে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্যান্য প্ৰান্তৰ লগতে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।