২৬ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন বাণিজ্যিক পৰিবহণ সেৱা বন্ধৰ হুংকাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

Story by  atv | Posted by  Munni Begum • 54 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
ৰাজ্য চৰকাৰে ২৫ নৱেম্বৰৰ ভিতৰত দাবীসমূহ পূৰণ নকৰিলে ২৬ নৱেম্বৰৰ পৰা সমগ্ৰ অসমত অনিৰ্দিষ্টকাললৈ বাণিজ্যিক পৰিবহণ সেৱা বন্ধ ৰখাৰ হুংকাৰ দিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। যানবাহনৰ সুৰক্ষা সম্পৰ্কীয় নিয়ম ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ অভিযোগৰ লগতে পৰিবহণ খণ্ডৰ আন্তঃগাঁথনিৰ অভাৱক লৈ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
 
মঙলবাৰে এখন সংবাদমেলত সন্থাই এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে। সন্থাৰ অভিযোগ অনুসৰি, গতি নিয়ন্ত্ৰক যন্ত্ৰ (এছ এল ডি), যানবাহনৰ অৱস্থান নিৰ্ণায়ক যন্ত্ৰ (ভি এল টি ডি) আৰু যানবাহনৰ সক্ষমতা পৰীক্ষাৰ ক্ষেত্ৰত পৰিবহণ বিভাগৰ কাৰ্যপদ্ধতিয়ে ৰাজ্যৰ বাণিজ্যিক যানবাহনৰ মালিক আৰু চালকসকলক বিভিন্ন সমস্যাৰ সন্মুখীন কৰাইছে।
 
বাণিজ্যিক যানবাহনত বাধ্যতামূলক কৰা গতি নিয়ন্ত্ৰক আৰু অৱস্থান নিৰ্ণায়ক যন্ত্ৰ স্থাপনৰ ক্ষেত্ৰতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সন্থাই।
 
সন্থাৰ মতে, গতি নিয়ন্ত্ৰক যন্ত্ৰ স্থাপনৰ বাবে যানবাহনৰ মালিকসকলৰ হাতত পৰ্যাপ্ত বিকল্প নাই। গুৱাহাটীত মাত্ৰ এটা সংস্থাৰ অধীনত এনে যন্ত্ৰ স্থাপনৰ কেন্দ্ৰ আছে। সেয়েহে যানবাহনৰ মালিকসকলৰ সুবিধাৰ্থে আৰু এটা নিৰ্দিষ্ট সংস্থাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ একাধিক সংস্থাক এনে যন্ত্ৰ স্থাপনৰ অনুমতি প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে সন্থাই। 
 
ইয়াৰ উপৰি ৰাজ্যত যানবাহনৰ সক্ষমতা পৰীক্ষাৰ বাবে পৰ্যাপ্ত কেন্দ্ৰ নথকাৰ বিষয়টোও সন্থাই উত্থাপন কৰিছে। এই সমস্যা সমাধানৰ বাবে পৰিবহণ বিভাগে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সন্থাই অভিযোগ কৰে।
 
বাণিজ্যিক যানবাহনৰ বাবে নিৰ্দিষ্ট পাৰ্কিংস্থলীৰ অভাৱক লৈও সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো বাণিজ্যিক যানবাহন ৰখাৰ বাবে পৰ্যাপ্ত পাৰ্কিং ব্যৱস্থা নাই বুলি সন্থাই উল্লেখ কৰে।
 
সন্থাৰ মতে, এই সমস্যাসমূহৰ লগতে পৰিবহণ বিভাগৰ কাম-কাজত থকা বিভিন্ন অসংগতিয়ে যানবাহনৰ মালিক আৰু চালকসকলৰ দুৰ্ভোগ অধিক বৃদ্ধি কৰিছে।
 
প্ৰস্তাৱিত ধৰ্মঘটৰ স্বৰূপ আৰু পৰিসৰ সন্দৰ্ভত সন্থাই এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই। অৱশ্যে ২৫ নৱেম্বৰৰ ভিতৰত চৰকাৰে দাবীসমূহৰ প্ৰতি সঁহাৰি নজনালে ২৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ বাণিজ্যিক পৰিবহণ সেৱা বন্ধ ৰখা হ’ব বুলি সন্থাই সকীয়াই দিছে।