ৰাষ্ট্ৰসংঘৰ মুৰব্বীক সাক্ষাৎ কৰি বিশ্বজনীন বিষয়ত আলোচনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

Story by  atv | Posted by  Munni Begum • 19 h ago
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু  ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছ
 
ৰাষ্ট্ৰসংঘ
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ সৈতে সাক্ষাৎ কৰি পশ্চিম এছিয়া, ইউক্ৰেইন আৰু চুডানকে ধৰি বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বিস্তৃত আলোচনা কৰে।
 
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা সংক্ষিপ্ত বাৰ্তালাপত জয়শংকৰে কয়, "সদায়ৰ দৰেই বৈঠকখন ফলপ্ৰসূ আছিল।"
 
ইয়াৰ পূৰ্বে জয়শংকৰে বিশ্ব সংস্থাটোৰ মুখ্য কাৰ্যালয়তে ২০২৮-২৯ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) অস্থায়ী সদস্যপদৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰচাৰ অভিযান শুভাৰম্ভ কৰে। এই অনুষ্ঠানত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, কূটনীতিবিদ আৰু সংযুক্ত ৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছিল।
 
জয়শংকৰে কয় যে, ৰাষ্ট্ৰসংঘৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী 'শান্তি' (Securing Holistic Advancement through Norms, Trust and Integrity)ত শিপাই আছে। কিয়নো তেওঁ ২০২৮-২৯ চনৰ ৰাষ্ট্ৰসংঘৰ কাৰ্যকালৰ বাবে নতুন দিল্লীৰ অগ্ৰাধিকাৰৰ বিষয়ে বিতংভাৱে উল্লেখ 
 
এইবোৰ হৈছে ‘গ্ল’বেল চাউথৰ শক্তিশালী কণ্ঠ,সংস্কাৰিত বহুপক্ষীয়তাবাদক আগুৱাই নিয়া, ভৱিষ্যতৰ বাবে সাজু শান্তিৰক্ষা, এআইৰ অপব্যৱহাৰৰ ফলত হোৱা ভাবুকিৰ সমাধান কৰা, সামুদ্ৰিক কমনসমূহ সুৰক্ষিত কৰা; সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য প্ৰতিহত কৰা।
 
সপ্তাহৰ শেষৰ ফালে নিউয়ৰ্কত উপস্থিত হোৱা জয়শংকৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হৰিশ পাৰ্বথানেনী আৰু ভাৰতৰ ৰাষ্ট্ৰসংঘৰ মিছনৰ বিষয়াসকলৰ সৈতে গুটেৰেছক সাক্ষাৎ কৰে।
 
বৈঠকৰ পাছত সামাজিক মাধ্যম এক্সত কৰা এক পোষ্টত জয়শংকৰে কয়, "আজি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হ'লোঁ। পশ্চিম এছিয়া, ইউক্ৰেইন আৰু চুডানকে ধৰি বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ লগতে ভাৰত-ৰাষ্ট্ৰসংঘ সহযোগিতাৰ শক্তিশালী সম্পৰ্কৰো স্বীকৃতি দিয়া হয়।"
 
জয়শংকৰে কয়, "বিশ্বই বৰ্তমান এক গভীৰ বৈপৰীত্যৰ সন্মুখীন হৈছে। এফালে মানৱ কল্যাণৰ বাবে অভূতপূৰ্ব সামৰ্থ্য সৃষ্টি হৈছে, আনহাতে আনফালে সংঘাত, হিংসা আৰু অস্থিৰতাই সমগ্ৰ বিশ্বক চিন্তিত কৰি তুলিছে।"
 
তেওঁ কয়, এই জটিল পৰিস্থিতিৰ মোকাবিলাৰ ক্ষেত্ৰত সংযুক্ত ৰাষ্ট্ৰই নেতৃত্ব ল'ব লাগিব আৰু নিৰাপত্তা পৰিষদে পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিব লাগিব। সেয়েহে ইয়াৰ সদস্য নিৰ্বাচন বিশেষ তাৎপৰ্যপূৰ্ণ।  
 
জয়শংকৰে পুনৰ দোহাৰে যে, ভাৰতে নিৰাপত্তা পৰিষদত গ্ল’বেল চাউথৰ উদ্বেগ আৰু স্বাৰ্থ শক্তিশালীভাৱে উত্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
 
তেওঁ লগতে কয়, "বিশ্ব শাসন ব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু প্ৰতিনিধিত্বমূলক কৰিবলৈ সংস্কাৰ অনিবাৰ্য। বহুপাক্ষিক ব্যৱস্থা অধিক গণতান্ত্ৰিক, অন্তৰ্ভুক্তিমূলক আৰু কাৰ্যকৰী হ'ব লাগিব। মতভেদ দূৰ কৰি ঐকমত্য গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ দীঘলীয়া অভিজ্ঞতাই এই দিশত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰিব।"