সংঘাতৰ পৰিৱৰ্তে শান্তিৰ প্ৰয়াসঃ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিৰ বৈঠকত ঐতিহাসিক অগ্ৰগতি

Story by  atv | Posted by  Nikunja Nath • 3 h ago
সংঘাতৰ পৰিৱৰ্তে শান্তিৰ প্ৰয়াসঃ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিৰ বৈঠকত ঐতিহাসিক অগ্ৰগতি
সংঘাতৰ পৰিৱৰ্তে শান্তিৰ প্ৰয়াসঃ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিৰ বৈঠকত ঐতিহাসিক অগ্ৰগতি
 
নতুন দিল্লী
 
এছিয়াৰ দুখন বৃহৎ ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমান্ত বিবাদৰ অন্ত পেলোৱাৰ দিশত শেহতীয়াকৈ এক আশাৰ ৰেঙনি পৰিলক্ষিত হৈছে। দুয়োখন দেশৰ মাজত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ লক্ষ্যৰে যোৱা ২৫ আগষ্টত বেইজিঙত এক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক বৈঠক অনুষ্ঠিত হয়। 
 
ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকত সীমান্ত সমস্যাক লৈ মুকলিমূৰীয়া আৰু গভীৰ আলোচনাৰ অন্তত দুয়োপক্ষই আঠটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সহমতত উপনীত হয়। এই ঐতিহাসিক বৈঠকত ভাৰতৰ হৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ হৈ চিপিচি কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য তথা বৈদেশিক পৰিক্ৰমাৰ কেন্দ্ৰীয় আয়োগৰ কাৰ্যালয়ৰ সঞ্চালক ৱাং য়িয়ে অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক এক নতুন গতি প্ৰদান কৰে।
 
আলোচনাৰ অন্তত দুয়োপক্ষই উপনীত হোৱা আঠটা প্ৰধান সিদ্ধান্তঃ
 
১. দুয়োপক্ষই নিজ নিজ দেশৰ নেতাসকলৰ পৰা লাভ কৰা নিৰ্দেশনাসমূহ মানি চলা, সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বজাই ৰখা আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সুস্থ তথা ধাৰাবাহিক বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দোঁহাৰে।
 
২. ২০০৫ চনত স্বাক্ষৰিত হোৱা 'ভাৰত-চীন সীমান্ত সমস্যা সমাধানৰ বাবে ৰাজনৈতিক মাপকাঠী আৰু নিৰ্দেশনামূলক নীতিৰ চুক্তি'ৰ আধাৰত আৰু পৰৱৰ্তী বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাসমূহত উপনীত হোৱা সন্মতি মৰ্মে সীমান্ত সমস্যাৰ এক নিৰপেক্ষ, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ বাবে এক সুনিৰ্দিষ্ট গাঁথনি প্ৰস্তুত কৰাৰ আলোচনাক আগুৱাই নিবলৈ দুয়োপক্ষই নিজৰ অংগীকাৰবদ্ধতাত গুৰুত্ব আৰোপ কৰে।
 
৩. WMCC-ৰ (ৱৰ্কিং মেকানিজিম ফৰ কনচালটেচন এণ্ড কোঅৰ্ডিনেচন) অধীনত থকা সীমান্ত নিৰ্ধাৰণ বিশেষজ্ঞ গোট আৰু সীমান্ত ব্যৱস্থাপনা কাৰ্যকৰী গোটে ক্ৰমে সীমান্ত নিৰ্ধাৰণ আৰু সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক দ্ৰুত আৰু আশাব্যঞ্জক ফলাফল লাভৰ বাবে আলোচনা আগুৱাই নিব। এই দুয়োটা গোটৰ প্ৰথম কাম হ'ব নিজ নিজ কাৰ্যপৰিধিৰ ওপৰত সন্মত হোৱা।
৪. প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)-ত হ'ব পৰা যিকোনো ভুল বুজাবুজি আৰু ভুল হিচাপ-নিকাচ পৰিহাৰ কৰিবলৈ তথা অমীমাংসিত বিষয়সমূহ সমাধানৰ বাবে, দুয়োপক্ষ সন্মত হয় যে সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতি বিদ্যমান কূটনৈতিক আৰু সামৰিক মাধ্যমসমূহৰ জৰিয়তে তাৎক্ষণিকভাৱে মোকাবিলা কৰা হ'ব। ইয়াৰ ভিতৰত WMCC, স্থানীয় কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক আৰু অন্যান্য সন্মত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত থাকিব। উন্নত সীমান্ত ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় অঞ্চলসমূহত LAC-ৰ বুজাবুজি আৰু অধিক স্পষ্ট কৰাৰ উপায়সমূহৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে।
 
৫. সীমান্ত ব্যৱস্থাপনা ব্যৱস্থাসমূহ উন্নত কৰাৰ উদ্দেশ্যে জেনেৰেল পৰ্যায়ৰ ব্যৱস্থা/ জ্যেষ্ঠ সৰ্বোচ্চ সামৰিক কমাণ্ডাৰ (SHMC) বৈঠক অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত দুটা স্থানত সন্মতি প্ৰকাশ কৰা হয়। একেদৰে পূব আৰু মধ্য খণ্ডত সীমান্ত সামৰিক হটলাইনৰ অতিৰিক্ত দুটা মাধ্যম মুকলি কৰাৰ বাবেও দুয়োপক্ষ সহমতত উপনীত হয়।
 
৬. দুয়োপক্ষই সীমান্ত-পাৰৰ সহযোগিতাৰ অগ্ৰগতিক লক্ষ্য কৰে। চীনৰ তিব্বত স্বায়ত্বশাসিত অঞ্চলত ভাৰতীয় চৰকাৰী তীৰ্থযাত্ৰা 'কৈলাস-মানসৰোবৰ যাত্ৰা' (KMY)ৰ দলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে চীনা পক্ষই কৰা প্ৰচেষ্টাক ভাৰতীয় পক্ষই শলাগ লয়। দুয়োপক্ষই তিনিটা নিৰ্ধাৰিত সীমান্ত বাণিজ্য কেন্দ্ৰ পুনৰ মুকলি কৰা কাৰ্যক আদৰণি জনায়। সীমান্ত অঞ্চলত আলোচনা, শান্তি, পৰামৰ্শ আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ উদ্দেশ্যে দুয়োপক্ষই সীমান্ত বাণিজ্য, তীৰ্থযাত্ৰা আৰু অন্যান্য ক্ষেত্ৰত আদান-প্ৰদান আৰু সহযোগিতা শক্তিশালী কৰাত সন্মত হয়।
 
৭. অহা ছেপ্টেম্বৰ মাহত আন্তঃসীমান্ত নদীসমূহৰ সন্দৰ্ভত ভাৰত-চীন বিশেষজ্ঞ পৰ্যায়ৰ ব্যৱস্থাৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু জলবিজ্ঞান সম্পৰ্কীয় তথ্য (hydrological data) আদান-প্ৰদান আৰু প্ৰাসংগিক বুজাবুজিৰ চুক্তিসমূহৰ (MoUs) নৱীকৰণকে ধৰি বিভিন্ন বিষয়ত যোগাযোগ অব্যাহত ৰাখিবলৈ দুয়োপক্ষ সন্মত হয়।
 
৮. ২০২৭ চনত ভাৰতত বিশেষ প্ৰতিনিধি (SR) পৰ্যায়ৰ ২৬ সংখ্যক আলোচনা অনুষ্ঠিত কৰিবলৈ দুয়োপক্ষ সন্মত হয়।
 
ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হোৱা এই ২৫ সংখ্যক বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা কেৱল দুয়োখন দেশৰ বাবেই নহয়, সমগ্ৰ এছিয়া মহাদেশৰ শান্তি আৰু স্থিৰতাৰ বাবে এক ইতিবাচক পদক্ষেপ। এই আঠটা দফাই প্ৰমাণ কৰে যে সদিচ্ছা, মুকলি মনৰ আলোচনা আৰু নিৰন্তৰ প্ৰচেষ্টাৰে যিকোনো জটিল বিষয়ৰ সমাধানৰ দিশে আগুৱাই যাব পাৰি। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ২০২৭ চনত ভাৰতত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী বৈঠকলৈ, যিয়ে এই শান্তিপূৰ্ণ আৰু কূটনৈতিক প্ৰয়াসক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।