নতুন দিল্লী
বিজ্ঞান জগতৰ অন্যতম শ্ৰেষ্ঠ সন্মান ন’বেল বঁটা ২০২৬ বৰ্ষৰ ৰসায়ন বিজ্ঞান শিতানত যুটীয়াভাৱে লাভ কৰিছে ফ্ৰান্সৰ বিজ্ঞানী হেনৰি বি কাগান আৰু জাপানৰ বিজ্ঞানী কেনছো ছোৱাই। অণুৰ গঠন আৰু জীৱনৰ ৰসায়নৰ সৈতে জড়িত প্ৰায় এশ বছৰ পুৰণি এক জটিল ৰহস্যৰ সূত্ৰপাত ঘটোৱাৰ অনন্য অৱদানৰ বাবে তেওঁলোকলৈ এই বিশ্ববিশ্ৰুত বঁটা আগবঢ়োৱা হৈছে।
এই দুই বৰেণ্য বিজ্ঞানীৰ গৱেষণাৰ মূল বিষয়বস্তু আছিল অণুৰ ‘হোম’চিৰেলিটি’ নামৰ এক বিশেষ বৈশিষ্ট্য। প্ৰকৃতিত কিছুমান অণু দুটা ভিন্ন ৰূপত বিৰাজমান থাকে। এই দুয়োটা ৰূপ দেখাত সম্পূৰ্ণ একে যদিও ইহঁত আচলতে আমাৰ বাওঁহাত আৰু সোঁহাতৰ দৰে ইটো সিটোৰ দাপোণ-প্ৰতিবিম্ব। আশ্চৰ্যজনকভাৱে, মানৱ শৰীৰে ইয়াৰে দুয়োটা ৰূপ গ্ৰহণ নকৰি সাধাৰণতে কেৱল এটা নিৰ্দিষ্ট ৰূপহে ব্যৱহাৰ কৰে।
চিকিৎসা বিজ্ঞান আৰু ঔষধ নিৰ্মাণ উদ্যোগত এই 'হোম’চিৰেলিটি' বিষয়টো অত্যন্ত স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ। কাৰণ ঔষধ প্ৰস্তুত কৰোঁতে অণু এটাৰ এটা ৰূপে ৰোগ নিৰাময়ত সুফল দিলেও, একেটা অণুৰে আনটো ৰূপে শৰীৰত কোনো কাম নকৰিব পাৰে। আনকি কেতিয়াবা বিপৰীত ৰূপটোৱে পাৰ্শ্বক্ৰিয়াৰ জৰিয়তে শৰীৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰো সম্ভাৱনা থাকে। সেয়েহে ঔষধ নিৰ্মাণৰ বাবে অণুৰ নিৰ্দিষ্ট আৰু সঠিক ৰূপটো আছুতীয়াকৈ সৃষ্টি কৰাটো বিজ্ঞানীসকলৰ বাবে এক দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান আছিল।
এই প্ৰত্যাহ্বান নেওচি ১৯৮৬ চনতেই ফ্ৰান্সৰ বিজ্ঞানী হেনৰি কাগানে এনে এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছিল, যাৰ জৰিয়তে অণুৰ এটা ৰূপ আনটো ৰূপৰ তুলনাত অধিক পৰিমাণে কৃত্ৰিমভাৱে তৈয়াৰ কৰিব পৰা গৈছিল। পৰৱৰ্তী সময়ত, ১৯৯৫ চনত জাপানৰ বিজ্ঞানী কেনছো ছোৱাই এক বিশেষ আৰু যুগান্তকাৰী ৰাসায়নিক বিক্ৰিয়া উদ্ভাৱন কৰে। তেওঁৰ ধাৰাবাহিক গৱেষণাৰ ফলশ্ৰুতিত ২০০৩ চনত তেওঁ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়, য'ত প্ৰায় এশ শতাংশই কেৱল এটা নিৰ্দিষ্ট ৰূপৰ অণু সৃষ্টি কৰাত তেওঁ কৃতকাৰ্য হয়।
নোবেল কমিটিয়ে প্ৰকাশ কৰা অনুসৰি, এই দুই মহান বিজ্ঞানীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু আৱিষ্কাৰে ৰসায়ন বিজ্ঞানৰ এই পুৰণি ৰহস্যৰ এক নিৰ্ণায়ক সমাধানৰ পথ প্ৰশস্ত কৰিলে। তেওঁলোকৰ এই পদ্ধতি প্ৰয়োগ কৰি ভৱিষ্যতে কৰ্কট ৰোগ, বিভিন্ন ধৰণৰ সংক্ৰমণ আদিৰ দৰে জটিল ৰোগৰ বাবে অধিক ফলপ্ৰসূ, নিৰাপদ আৰু কম খৰচী ঔষধ তৈয়াৰ কৰাটো সম্ভৱপৰ হৈ উঠিব, যি সমগ্ৰ মানৱজাতিৰ বাবে এক আশাৰ বতৰা।