ৱাশ্বিংটন ডি চি
আমেৰিকাৰ ২০২৬ চনৰ মানৱ সৰবৰাহ সম্পৰ্কীয় প্ৰতিবেদনত মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন স্থানত অনলাইন প্ৰৱঞ্চনামূলক কাৰ্যকলাপত জোৰ-জবৰদস্তিৰে নিয়োজিত হৈ শোষণৰ বলি হোৱা ৬,৭২০ জন ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ লগতে আইন বলৱৎকৰণ ব্যৱস্থা শক্তিশালী কৰা, ভুক্তভোগীৰ সুৰক্ষা উন্নত কৰা আৰু মানৱ সৰবৰাহৰ আশংকা চিনাক্ত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে পদক্ষেপসমূহৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) প্ৰকাশ পোৱা প্ৰতিবেদনখনত ভাৰতক পুনৰ ‘টায়াৰ-২’ শ্ৰেণীতে ৰখা হৈছে। অৱশ্যে, পূৰ্বৰ প্ৰতিবেদনকালৰ তুলনাত ভাৰতে ‘সামগ্ৰিকভাৱে অধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে’ বুলিও উল্লেখ কৰা হৈছে। লগতে ভাৰতৰ কেইবাটাও পদক্ষেপ প্ৰশংসনীয় বুলিও প্ৰতিবেদনখনত কোৱা হৈছে।
প্ৰতিবেদনখনত উল্লেখ কৰা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপটো হৈছে ম্যানমাৰ, কম্বোডিয়া আৰু লাওছত অনলাইন প্ৰৱঞ্চনামূলক কাৰ্যকলাপত জোৰ-জবৰদস্তিৰে জড়িত কৰাই শোষণ কৰা ৬,৭২০ জন ভাৰতীয়ক ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে দেশলৈ ওভতাই অনা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় সম্প্ৰদায় কল্যাণ পুঁজিৰ জৰিয়তে এই প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছিল বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
মানৱ সৰবৰাহ প্ৰতিৰোধৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰতো ভাৰতৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, চৰকাৰে অতিৰিক্ত আঠটা মানৱ সৰবৰাহ বিৰোধী গোট (AHTU) স্থাপনৰ বাবে পুঁজি যোগান ধৰিছিল। ইয়াৰ ফলত ২০২৫ চনত দেশত কাৰ্যক্ষম গোটৰ সংখ্যা ৮২৭টালৈ বৃদ্ধি পায়, যিটো পূৰ্বৰ বছৰৰ তুলনাত আঠটা বৃদ্ধি পাইছে।
ইয়াৰ উপৰি, ২০২৬ চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) আধাৰিত এটা সঁজুলি মুকলি কৰাৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই সঁজুলিৰ জৰিয়তে মানৱ সৰবৰাহ আৰু বাল্যবিবাহৰ প্ৰৱণতাপূৰ্ণ অঞ্চলসমূহ চিনাক্ত কৰা, শোষণৰ আশংকাত থকা শিশুসকলক চিনাক্ত কৰা আৰু সংগঠিত অপৰাধৰ গতিবিধি নিৰীক্ষণ কৰাৰ লক্ষ্য লোৱা হৈছে।
সামুদ্ৰিক খণ্ডত নিয়োগ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। কৰ্তৃপক্ষই অনুজ্ঞাপত্ৰবিহীন নিযুক্তিদাতা আৰু জাহাজৰ কৰ্মীসকলক অসহায় অৱস্থাত এৰি যোৱাৰ ঘটনা চিনাক্ত কৰাৰ পিছত প্ৰায় ১০০টা প্ৰতিষ্ঠানক নাৱিক নিয়োগ কৰাত বাধা দিয়া হৈছিল। লগতে, ইমাইগ্ৰেট (eMigrate) প’ৰ্টেলত ৩,৫০৫টা পঞ্জীয়নবিহীন সংস্থাৰ বিৰুদ্ধে অভিযোগ লিপিবদ্ধ হৈ থকাৰ কথাও প্ৰতিবেদনখনত কোৱা হৈছে।
ভুক্তভোগীৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবেদনখনে ২৫.২১ বিলিয়ন টকা, অৰ্থাৎ ২,৫২১ কোটি টকা আবণ্টন দিয়াৰ বিষয়টোও উল্লেখ কৰিছে। এই ধন ভুক্তভোগীৰ সুৰক্ষা সেৱা, ৱান-ষ্টপ চেণ্টাৰ, মহিলাৰ হেল্পলাইন আৰু ৪০৪টা ‘শক্তি সদন’ গৃহৰ বাবে আবণ্টন দিয়া হৈছিল। ইয়াৰ লগতে, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ‘শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়া ৩.০" পদক্ষেপৰ কথাও উল্লেখ কৰা হৈছে। ২০২৫ চনৰ জুলাই মাহত আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে দেশৰ ২০০ৰো অধিক বিপদাপন্ন জিলাত মানৱ সৰবৰাহৰ আশংকা হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে।
প্ৰতিবেদনখনত আৰু উল্লেখ কৰা হৈছে যে ২০২৫ চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে শিশু সৰবৰাহৰ গোচৰসমূহৰ বিচাৰ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।
ইফালে, দেশত মানৱ সৰবৰাহ প্ৰতিৰোধৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (MHA) পৃথক পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা ২৮ আগষ্টত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত মন্ত্ৰালয়ে নতুনকৈ প্ৰণয়ন কৰা তিনিখন অপৰাধমূলক আইন অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লগতে মানৱ সৰবৰাহ ৰোধত প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ আহ্বান জনায়।
মানৱ সৰবৰাহক কেন্দ্ৰীয় চৰকাৰৰ ‘এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ’ বুলি উল্লেখ কৰি গৃহ মন্ত্ৰালয়ে কয় যে, আইনগত আৰু ডিজিটেল ব্যৱস্থাৰ সফলতা ৰাজ্যসমূহত সেইসমূহ কিমান ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব। পত্ৰখনত কোৱা হৈছে, “কেন্দ্ৰীয় চৰকাৰে এক বিস্তৃত আইনগত আৰু ডিজিটেল কৰ্মপৰিকল্পনা প্ৰস্তুত কৰি দিছে। কিন্তু এই সংস্কাৰসমূহৰ প্ৰকৃত সফলতা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ দৃঢ় নেতৃত্ব আৰু এই ব্যৱস্থাসমূহ কিমান দক্ষতা আৰু কঠোৰতাৰে ব্যৱহাৰ কৰা হয়, তাৰ ওপৰত নিৰ্ভৰশীল।”
গৃহ মন্ত্ৰালয়ে সংগঠিত মানৱ সৰবৰাহৰ চক্ৰ, ইয়াৰ বিত্তীয় পৃষ্ঠপোষক আৰু মূল পৰিচালকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ প্ৰাসংগিক ধাৰাসমূহ ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়। মন্ত্ৰালয়ে উল্লেখ কৰে যে, “মানৱ সৰবৰাহ সাধাৰণতে কোনো বিচ্ছিন্ন অপৰাধ নহয়” আৰু “ই সাধাৰণতে সংগঠিত অপৰাধী চক্ৰৰ দ্বাৰা সংঘটিত হয়”।
ইয়াৰ উপৰি, ৰাজ্যসমূহক মানৱ সৰবৰাহ বিৰোধী গোটসমূহ শক্তিশালী কৰা, বিশেষজ্ঞ চৰকাৰী অধিবক্তা নিযুক্তি দিয়া, এনে গোচৰৰ বিচাৰক অগ্ৰাধিকাৰ দিয়া আৰু তদন্তৰ মান উন্নত কৰিবলৈ ডিজিটেল প্ৰমাণ, ফৰেনছিক সঁজুলি তথা অডিঅ’-ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
আন্তঃৰাজ্যিক সমন্বয় শক্তিশালী কৰাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে ক্ৰাইম মাল্টি এজেন্সী চেণ্টাৰ (Cri-MAC), যুটীয়া তদন্তকাৰী দল গঠন আৰু অনলাইন চাকৰিৰ পৰ্টেল তথা সামাজিক মাধ্যম নিৰীক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে বিদেশত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ভাৰতীয় নাগৰিকক অনলাইন প্ৰৱঞ্চনামূলক কাৰ্যকলাপত শোষণৰ বলি কৰা ভুৱা নিযুক্তি চক্ৰসমূহ চিনাক্ত কৰাৰ লক্ষ্য লোৱা হৈছে।
গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শাৱলীত কোৱা হৈছে, “ৰাজ্যসমূহে নিশ্চিত কৰিব লাগিব যাতে প্ৰতিটো মানৱ সৰবৰাহ বিৰোধী গোটত পৰ্যাপ্ত কৰ্মচাৰী থাকে, তেওঁলোক বিশেষভাৱে প্ৰশিক্ষিত হয় আৰু সক্ৰিয়ভাৱে ক্ষেত্ৰ পৰ্যায়ত কাম কৰে। এই গোটসমূহ কেৱল নামমাত্ৰ ব্যৱস্থা হৈ থাকিব নালাগে।”
মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক এই পৰামৰ্শাৱলী আৰক্ষী থানা আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে প্ৰশিক্ষণ আৰু সমন্বয় শক্তিশালী কৰিবলৈ আহ্বান জনাইছে। লগতে, “মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজখন সাংবিধানিক দায়বদ্ধতা আৰু প্ৰশাসনিক দক্ষতাৰ এক নিৰ্ণায়ক মাপকাঠী” বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে।