নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত জিলিকিল ভাৰতৰ শাৰী ঐতিহ্য

Story by  atv | Posted by  Munni Begum • 40 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নিউয়ৰ্ক
 
নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱাৰত অনুষ্ঠিত 'শাৰী গোজ গ্ল’বেল' (শাৰীৰ বিশ্বজনীন যাত্ৰা) অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণত ভাৰতৰ চহকী শাৰী ঐতিহ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 'উমা গ্ল'বেল' নামৰ সংস্থাটোৱে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল। আমেৰিকাত থকা প্ৰবাসী ভাৰতীয় মহিলাসকলে এই অনুষ্ঠানত গৌৰৱেৰে অংশগ্ৰহণ কৰি চমক সৃষ্টি কৰে।
 
ভাৰতৰ বিভিন্ন প্ৰান্তৰ বৈচিত্ৰ্যময় গাঁথনি, চমতকাৰ শৈলী আৰু নানাধৰণৰ ৰঙীন শাৰীৰে সমগ্ৰ টাইমছ স্কোৱাৰ অঞ্চলটো ভৰি পৰে। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত সাজ-পোছাকৰ চিৰন্তন সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু বিবিধতাক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা হয়।
 
নিউয়ৰ্কৰ সমাজকল্যাণমূলক সংস্থা 'উমা গ্ল'বেল'ৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ চহকী ঐতিহ্য আৰু ৯ গজ দীঘল এই পৰম্পৰাগত সাজ শাৰীৰ ভিন্নতা সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়। 
 
মহিলা আৰু যুৱতীসকলে হাতেৰে কাম কৰা, ৰং কৰা আৰু নানাধৰণৰ কাৰুকাৰ্য খচিত অপূৰ্ব ধুনীয়া শাৰী পৰিধান কৰি এই অনুষ্ঠানত অংশ লয়। ইয়াত অসমৰ পৰম্পৰাগত মেখেলা-চাদৰ, শাৰীৰ পৰা আৰম্ভ কৰি লক্ষ্ণৌৰ চিকাংকাৰী, বাৰাণসীৰ পাটৰ কাপোৰ আৰু দক্ষিণ ভাৰতৰ বিখ্যাত কানজীভৰমলৈকে সকলো ধৰণৰ শাৰী প্ৰদৰ্শন কৰা হয়।
 
চমকপ্ৰদ শৈলী আৰু বিভিন্ন কাপোৰেৰে তৈয়াৰী ৰঙীন শাৰী পিন্ধি মহিলাসকলে অতি গৌৰৱেৰে নিজৰ সংগ্ৰহসমূহ প্ৰদৰ্শন কৰে। অনুষ্ঠানত অংশ লোৱা মহিলাসকলে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা জোকাৰি, একেলগে নৃত্য কৰি, ফটো তুলি আৰু নিজৰ শাৰী, সংস্কৃতি তথা ঐতিহ্যৰ কাহিনীসমূহ ইজনে সিজনৰ সৈতে ভগাই লয়।
 
এই বিশেষ অনুষ্ঠানৰ অংশ হিচাপে নিজ নিজ ক্ষেত্ৰত দেখুওৱা অনবদ্য সফলতা আৰু অৱদানৰ বাবে কেইবাগৰাকীও অনুপ্ৰেৰণাদায়ী মহিলাক আনুষ্ঠানিকভাৱে সন্মান জনোৱা হয়। গীত-নৃত্য আৰু এটা আকৰ্ষণীয় শাৰী ৰেম্প ৱাকৰ জৰিয়তে অনুষ্ঠানটিত শাৰীৰ চিৰন্তন সৌন্দৰ্য সুন্দৰকৈ ফুটাই তোলা হয়। 'ডান্স এক্স ষ্টুডিঅ'ৰ শিল্পীসকলৰদ্বাৰা এক মনমোহা নৃত্য প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানস্থলীত উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ লাইভ সংগীতৰ সুন্দৰ আয়োজন কৰা হয়। বাঁহী আৰু ঢোলৰ শব্দই সমগ্ৰ অনুষ্ঠানটোলৈ এক সুকীয়া গতি আৰু পৰম্পৰাগত মাত্ৰা কঢ়িয়াই আনে।
 
এই অনুষ্ঠানৰ মূল আকৰ্ষণ হিচাপে আয়োজন কৰা ৰেম্প ৱাকত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ শাৰী আৰু পৰম্পৰাগত কাপোৰসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ জৰিয়তে ভাৰতৰ আঞ্চলিক বস্ত্ৰশিল্প, শাৰী পিন্ধাৰ বৈচিত্ৰ্যময় শৈলী আৰু পাকৈত কাৰুকাৰ্যৰ এক অপূৰ্ব উদযাপন কৰা হয়।
 
এই অনুষ্ঠানৰ মূল উদ্যোক্তা হৈছে নিউয়ৰ্কস্থিত এটা স্বেচ্ছাসেৱী আৰু সমাজকল্যাণমূলক সংস্থা উমা গ্ল’বেল। এই সংস্থাই শিক্ষা, নেতৃত্বৰ বিকাশ আৰু বিভিন্ন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে যুৱ প্ৰজন্ম আৰু মহিলাসকলক স্বাৱলম্বী কৰাৰ দিশত কাম কৰে।