চোৰাং চিকাৰৰ অভিযোগত ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
কলম্বো
 
শ্ৰীলংকাৰ জলসীমাত অবৈধভাৱে মাছ ধৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছত শ্ৰীলংকা নৌসেনাই ৯জন ভাৰতীয় মাছমৰীয়াক আটক কৰাৰ লগতে তেওঁলোকৰ এখন মাছ ধৰা নাও জব্দ কৰিছে। শ্ৰীলংকা নৌসেনাই প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত এই কথা জনোৱা হৈছে।
 
নৌসেনাই জনোৱা মতে, শনিবাৰে জাফনা জিলাৰ ডেল্ফ্ট দ্বীপৰ দক্ষিণ অংশত শ্ৰীলংকাৰ জলসীমাত আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমাৰেখা অতিক্ৰম কৰাৰ অভিযোগত মাছমৰীয়াকেইজনক আটক কৰা হয়।
 
বিবৃতিটোত কোৱা হৈছে, “অভিযান চলোৱাৰ সময়ত এখন ভাৰতীয় মাছ ধৰা নাও জব্দ কৰাৰ লগতে নাওখনত থকা ৯জন ভাৰতীয় মাছমৰীয়াক শ্ৰীলংকা নৌসেনাৰ জাহাজ এছ এল এন এছ চামুদুৰাৰ (SLNS Samudura)জিম্মাত লোৱা হয়।”
 
আটকাধীন মাছমৰীয়াকেইজনক কাংকেসন্থুৰাই বন্দৰলৈ লৈ যোৱা হয়। পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে তেওঁলোকক মীন আৰু জলজ সম্পদ বিভাগৰ হাতত গতাই দিয়া হ’ব।
 
ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্কত মাছমৰীয়াৰ বিষয়টো দীৰ্ঘদিন ধৰি এক স্পৰ্শকাতৰ আৰু বিতৰ্কিত বিষয় হৈ আহিছে। শ্ৰীলংকাৰ জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত কেইবাটাও ঘটনাত শ্ৰীলংকা নৌসেনাই ভাৰতীয় মাছমৰীয়াৰ নাও জব্দ কৰাৰ লগতে তেওঁলোকৰ ওপৰত গুলীচালনাও কৰাৰ অভিযোগ উত্থাপিত হৈছে।
 
তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত সংকীৰ্ণ জলপথ পাল্ক প্ৰণালী (Palk Strait) দুয়োখন দেশৰ মাছমৰীয়াৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু সমৃদ্ধ মাছ ধৰা অঞ্চল।
 
বহু সময়ত অসাৱধানতাবশতঃ ইখন দেশৰ জলসীমা অতিক্ৰম কৰি সিখন দেশৰ জলসীমাত প্ৰৱেশ কৰাৰ ফলত দুয়োখন দেশৰ মাছমৰীয়া সঘনাই আটক হৈ আহিছে।