এম শ্ৰীলতা
কেইমাহমানৰ আগতে ভি পি সুহাৰাই যেতিয়া এই প্ৰতিবেদকৰ সৈতে কথা পাতিছিল, তেতিয়া তেওঁক বৰ ব্যস্ততাত থকা এগৰাকী সমাজকৰ্মী যেন লাগিছিল। সঘনাই হঠাতে কাটি যোৱা কেইবাটাও চুটি টেলিফোনিক বাৰ্তালাপৰ মাজেৰে যি কথা স্পষ্ট হৈ পৰিছিল, সেয়া আছিল ইছলামে প্ৰদান কৰা অধিকাৰসমূহৰ ভুল বাখ্যাৰ ফলত মুছলমান মহিলাসকলে দৈনিক সন্মুখীন হোৱা অন্যায়বোৰ দূৰ কৰাৰ এক দুৰ্বাৰ তাড়না।
সেই খণ্ডিত বাৰ্তালাপবোৰৰ মাজতে তেওঁ মাত্ৰ এইটোৱেই ক'বলৈ চেষ্টা কৰিছিল যে ভুলবোৰ তেওঁৰ ধৰ্মত বা দেশৰ সংবিধানত নাই। ভুলবোৰ নিহিত হৈ আছে ধৰ্ম পালন কৰা আৰু ধৰ্মৰ বাখ্যা কৰা ধৰণৰ মাজত। সংবিধান আৰু ইছলামে প্ৰতিশ্ৰুতি দিয়া ন্যায় আৰু নিৰপেক্ষতাৰ বিপৰীতে মুছলমান মহিলাৰ দৈনন্দিন জীৱনত ইয়াৰ অনুপস্থিতিৰ মাজত থকা বিশাল ব্যৱধানতেই সকলো ক্ৰুটি লুকাই আছে।
ভি পি সুহাৰা
ভি পি সুহাৰাই নিজৰ ঘৰৰ আত্মীয়সকলৰ অভিজ্ঞতাৰ পৰাই জীৱনৰ আদিভাগতে এই সত্যবোৰ উপলব্ধি কৰিছিল আৰু তেওঁৰ সমগ্ৰ জীৱনটোৱেই হৈছে কেৰালা আৰু ইয়াৰ বাহিৰৰ মুছলমান সমাজৰ কিছুমান প্ৰথাৰ বিষয়ে উত্থাপিত হোৱা সকলো প্ৰশ্ন আৰু সন্দেহৰ এক পুনৰ নিশ্চিতকৰণ।
ঘৰৰ চাৰিবেৰৰ মাজতো সমতাক লৈ প্ৰশ্ন উত্থাপন হয় - সম্পত্তিৰ বিভাজনৰ ক্ষেত্ৰত, লোকচানৰ পিছত নামি অহা নীৰৱতাৰ মাজত আৰু যি নীৰৱ পদ্ধতিৰে মহিলাসকলক পিছুৱাই যাবলৈ আৰু নিজৰ অধিকাৰ দাবী নকৰিবলৈ বাধ্য কৰোৱা হয়, সেই সকলোবোৰৰ মাজত।
ভি পি সুহাৰাই কয়ঃ “মোৰ শৈশৱৰ অভিজ্ঞতাই মোক এইদৰে ভাবিবলৈ বাধ্য কৰিছিল। প্ৰথমতে, মই ভাবিছিলোঁ যে এই সমস্যাবোৰ কেৱল মোৰ ঘৰতহে আছে। পাছলৈ মই উপলব্ধি কৰিলোঁ যে এয়া বহুতৰে অভিজ্ঞতা।” যিটো কথাক প্ৰথমতে ব্যক্তিগত যেন লাগিছিল, সেয়া লাহে লাহে এক ব্যৱস্থাগত সমস্যা হিচাপে ধৰা পৰিছিল।
শ্বাহ বানো গোচৰক লৈ হোৱা বিতৰ্কই তেওঁৰ এই বুজাবুজিক আৰু অধিক তীক্ষ্ণ কৰি তুলিছিল। সুহৰাৰ বাবে, এই বিষয়টো কেতিয়াও কেৱল এটা ৰায়দানৰ মাজত আৱদ্ধ নাছিল।
"সমস্যাটো উচ্চতম ন্যায়ালয়ৰ ৰায়দানত নাছিল। মই তেতিয়াই বুজি উঠিছিলোঁ যে প্ৰকৃত সমস্যাটো হ'ল ঔপনিৱেশিক যুগত গঢ় লৈ উঠা ব্যক্তিগত আইন।"
তেওঁ কয়, “১৯৩৭ চনত বলৱৎ হোৱা মুছলমান ব্যক্তিগত আইনখন এনে কিছুমান লোকে প্ৰস্তুত কৰিছিল যাৰ ইছলামৰ বিষয়ে সঠিক বুজাবুজি নাছিল। ইয়াৰ পূৰ্বে, ১৯০৬ চনত ছাৰ ডি এফ মোল্লাই 'প্ৰিন্সিপলছ অৱ মহামেডান ল' লিখিছিল আৰু তাৰ পৰাই শ্বৰীয়ত আইনৰ বহু বাখ্যা লোৱা হৈছিল। পৰৱৰ্তী সময়ত, ১৯৩৯ চনত এই আইনখন সংশোধন কৰা হয়। ইয়াৰ বাখ্যাবোৰ ত্ৰুটিপূৰ্ণ আছিল আৰু মুছলমানসকলৰ বাস্তৱ অভিজ্ঞতাক নুবুজা লোকৰ দ্বাৰা কৰা হৈছিল।” তেওঁ অনুভৱ কৰে যে তাৰ পিছত যিবোৰ বাখ্যা আগবঢ়োৱা হৈছে, সেইবোৰো ব্ৰিটিছ আইনী ব্যৱস্থাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত সেই মূল বাখ্যাটোৰ ওপৰতেই আধাৰিত। তেওঁৰ মতে, ইয়াক সংশোধন কৰাৰ এয়াই উপযুক্ত সময়।
ভি পি চুহাৰা
ইয়াৰ ফলত তেওঁ এইটোও উপলব্ধি কৰিলে যে ন্যায় বিচাৰ কেতিয়াও তেওঁৰ ধৰ্মৰ পৰিপন্থী নহয়। "পয়গম্বৰৰ বিশ্বাস কেতিয়াও নাৰীৰ বিৰুদ্ধে নহয়। সমস্যাটো কোৰানত নাই, ইয়াৰ বাখ্যাৱলীতহে আছে," তেওঁ কয়। তেওঁ আঙুলিয়াই দিয়ে যে ধৰ্মীয় সত্য হিচাপে যি উপস্থাপন কৰা হয়, সেয়া প্ৰায়ে নিৰ্বাচিত অধ্যয়ন আৰু ঐতিহাসিক বিকৃতিৰ দ্বাৰাহে গঢ় লৈ উঠে।
আশীৰ দশকৰ শেষৰ ফালে, তেওঁ সম্পূৰ্ণৰূপে ৰাজহুৱা জীৱনত ভৰি দিছিল, মহিলাসকলৰ সৈতে কাম কৰিছিল আৰু তেওঁলোকৰ জীৱনৰ বাস্তৱতাবোৰ গভীৰভাৱে শুনিবলৈ লৈছিল।
"যেতিয়া মই 'ত্ৰিপল তালাক' আৰু বহুবিবাহৰ দৰে বিষয়বোৰক লৈ মহিলাসকলৰ সৈতে জড়িত হ'বলৈ আৰম্ভ কৰিলোঁ, তেতিয়াহে মই বুজিব পাৰিলোঁ যে সমস্যাটো প্ৰকৃততে কিমান গভীৰ।" অন্যায়ৰ আন এটা প্ৰধান উৎস আছিল উত্তৰাধিকাৰ। তেওঁৰ মতে, ব্যক্তিগত আইনখনে উত্তৰাধিকাৰৰ যি বাখ্যা আগবঢ়াইছে সেয়া মহিলাৰ প্ৰতি পক্ষপাতমূলক। "এই আইনসমূহৰ জৰিয়তেই পাৰিবাৰিক সম্পৰ্কবোৰ প্ৰায়ে বেয়া হয়।"
তেওঁ এই ভাৰসাম্যহীনতাক পোনপটীয়াকৈ আঙুলিয়াই দি কয়ঃ "যেতিয়া এজন ভায়েকে দুটা অংশ পায় আৰু এজনী ভনীয়েকে মাত্ৰ এটা পায়, তেতিয়া তাত সমতাৰ কথা কেনেকৈ আহিব পাৰে?" কিন্তু ইয়াৰ পৰিণতি ইয়াতেই শেষ নহয় বুলি তেওঁ কয়।
"আমি এনে বহুত ঘটনা দেখিছোঁ য'ত ভগ্নীসকলে নিজৰ অংশ পোৱাৰ পিছত তেওঁলোকক পৰিয়ালৰ পৰা বাহিৰ কৰি দিয়া হয়।" আৰু বিধৱাসকলৰ বাবে পৰিস্থিতি আৰু অধিক শোচনীয় হ'ব পাৰেঃ "এনে বহু মহিলা আছে যিসকলক স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ পৰিয়ালে একো নিদিয়াকৈ নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দিয়ে।"
ইয়াৰ পৰা কেৱল কাকত-পত্ৰত থকা বৈষম্যই পোহৰলৈ নাহে, বৰং বাস্তৱ জীৱনৰ অভিজ্ঞতাত আইন আৰু প্ৰথা মিলি কেনেকৈ বঞ্চনাৰ সৃষ্টি কৰে, তাৰ এক নক্সা ফুটি উঠে। তেওঁ অনুভৱ কৰে যে ধৰ্মীয় বিশ্বাস আৰু সংবিধান দুয়োটাতে ন্যায়ৰ সম্ভাৱনা নিহিত হৈ আছে। "আমাৰ সংবিধানত ধৰ্মৰ নামত কাকো অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি।"
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে ভি পি চুহাৰা
তেওঁৰ দাবী স্পষ্টঃ "আমি ‘Uniform Civil Code’ বিচৰা নাই। আমি কেৱল সেই ন্যায় বিচাৰিছোঁ যিটো সংবিধানে নিশ্চিত কৰে।" এই পাৰ্থক্যটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত।
"আজিৰ ক্ষমতাত থকাসকল সংখ্যাগৰিষ্ঠৰ পক্ষত থকা বাবেই মানুহৰ মনত ভয়ৰ সৃষ্টি হৈছে। সেইবাবেই মানুহে ‘Uniform Civil Code’ক লৈ সাৱধানতা অৱলম্বন কৰে।" কিন্তু তেওঁ সেই ভয়ক আভ্যন্তৰীণ প্ৰশ্নবোৰক নীৰৱ কৰিবলৈ নিদিয়ে। "সমতা বিচৰা কথাটোক আন কিহবাক সমৰ্থন কৰা বুলি ভুল কৰিব নালাগে। আমি কেৱল ন্যায় বিচাৰিছোঁ।"
সুহাৰাই মনত পেলায় কেনেকৈ ৮০ৰ দশকত মহিলা আয়োগ গঠন হোৱাৰ সময়ত নাৰীৰ সমস্যাক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু কবি, পৰিৱেশ তথা লিংগ অধিকাৰ কৰ্মী সুগতাকুমাৰীয়ে মুছলমান মহিলাৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰশ্ন উত্থাপন কৰিছিল।
তেতিয়াই তেওঁৰ মনলৈ আহিছিল যে মুছলমান মহিলাসকলে নিজৰ হৈ নিজেই মাত মাতিব লাগে। "আমি অনুভৱ কৰিছিলোঁ যে আমাৰ সমস্যাবোৰ আমি নিজেই তুলি ধৰিব লাগিব। সেইদৰেই আমি সংগঠিত হ'বলৈ আৰম্ভ কৰিছিলোঁ।"
বিভিন্ন মঞ্চ আৰু সামূহিক স্থানৰ জৰিয়তে মুছলমান মহিলাসকলে দীৰ্ঘদিন ধৰি ক'বলৈ নোৱাৰা অভিজ্ঞতাবোৰ আগবঢ়াই আনিবলৈ ধৰিলে। "বহু মানুহে আমাক ফোন কৰে আৰু তেওঁলোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰে। যেতিয়া আমি মহাবিদ্যালয়বোৰলৈ যাওঁ, তেতিয়া আমি উপলব্ধি কৰোঁ যে বহুতে এতিয়াও এই বিষয়বোৰৰ বিষয়ে অৱগত নহয়," তেওঁ কয়।
এবছৰ আগতে তেওঁ জনপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সংসদত সম্পত্তিৰ উত্তৰাধিকাৰ সম্পৰ্কীয় এখন 'প্ৰাইভেট মেম্বাৰ্ছ বিল' উত্থাপন কৰাৰ দাবী জনাইছিল। "আমি কেৱল সংবিধানে প্ৰতিশ্ৰুতি দিয়া ন্যায় বিচাৰিছোঁ।"
ভি পি সুহাৰা
এয়া এক সাধাৰণ দাবী হ'লেও, ইয়াৰ গুৰুত্ব অসীম, কাৰণ এই দাবী উত্থাপন হৈছে সমাজৰ বুকুৰ পৰা, ধৰ্মীয় বিশ্বাসৰ মাজেৰে আৰু হাজাৰ হাজাৰ মুছলমান মহিলাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা। নিজৰ ধৰ্মৰ বহু লোকৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ এই কথাত অটল থাকে আৰু সেয়াই তেওঁৰ যুক্তিক অধিক শক্তিশালী কৰি তোলে।
ভি পি সুহাৰাৰ এই সংগ্ৰাম কেৱল একাংশ নাৰীৰ মাজতে আৱদ্ধ নহয়, ই সমগ্ৰ সমাজ ব্যৱস্থাৰ বাবে এক শক্তিশালী বাৰ্তা। পৰম্পৰা আৰু বিশ্বাসৰ দোহাই দি চলি অহা শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ যে এক অদম্য সাহসৰ প্ৰয়োজন, তাক তেওঁ নিজৰ জীৱনৰ মাজেৰে প্ৰমাণ কৰিছে। তেওঁৰ মাত সৰৱ হৈ থকালৈকে, মুছলমান নাৰীৰ অধিকাৰ আৰু আত্মসন্মানে এক সঠিক দিশ লাভ কৰি থাকিব।