ৰাছিয়ান তেল আমদানিক লৈ আমেৰিকাৰ নতুন প্ৰস্তাৱ; তেল ক্ৰয়কাৰী দেশসমূহৰ ওপৰত সৰ্বাধিক ১০০% শুল্কৰ প্ৰস্তাৱ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ৱাশ্বিংটন
 
ৰাছিয়াৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ উদ্দেশ্যে প্ৰস্তুত কৰা বিধেয়কত আমেৰিকাই গুৰুত্বপূৰ্ণ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। এই সংশোধিত বিধেয়কে ৰাছিয়াৰ খাৰুৱা তেলৰ দুই বৃহত্তম ক্ৰেতা ভাৰত আৰু চীনৰ বাবে কিছু সকাহ কঢ়িয়াই আনিব পাৰে বুলি প্ৰকাশ কৰিছে।
 
আমেৰিকাৰ ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক ছেনেটৰসকলে মঙলবাৰে বিধেয়কখনৰ নতুন সংস্কৰণ উত্থাপন কৰে। সংশোধিত প্ৰস্তাৱ অনুসৰি, ৰাছিয়াৰ তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত আৰোপ কৰিবলগীয়া সৰ্বাধিক শুল্ক ৫০০ শতাংশৰ পৰা হ্ৰাস কৰি ১০০ শতাংশলৈ অনাৰ প্ৰস্তাৱ দিয়া হৈছে।
 
পূৰ্বৰ খচৰাত ৰাছিয়াৰ পৰা তেল বা গেছ আমদানি কৰা সকলো দেশৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ ব্যৱস্থা ৰখা হৈছিল। কিন্তু নতুন সংশোধিত প্ৰস্তাৱত এই ব্যৱস্থা সীমিত কৰি কেৱল ৰাছিয়াৰ তেল আৰু প্ৰাকৃতিক গেছৰ শীৰ্ষ পাঁচজন ক্ৰেতাৰ ক্ষেত্ৰতহে সৰ্বাধিক ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰা হৈছে। 
 
সংশোধিত বিধেয়কৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে, যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই নিষেধাজ্ঞা প্ৰয়োগ নকৰাটো আমেৰিকাৰ জাতীয় স্বাৰ্থৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে, তেন্তে তেওঁক সেই নিষেধাজ্ঞা মাফ কৰাৰ ক্ষমতাও প্ৰদান কৰা হ’ব।
 
বৰ্তমান ভাৰত আৰু চীন বিশ্বৰ সৰ্ববৃহৎ ৰাছিয়ান খাৰুৱা তেল আমদানিকাৰী দেশসমূহৰ ভিতৰত অন্যতম। ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছত পশ্চিমীয়া নিষেধাজ্ঞাৰ মাজতো ভাৰত আৰু চীনে ৰেহাই মূল্যত বৃহৎ পৰিমাণে ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰাখিছে।
 
এই বিধেয়কখন প্ৰথমে ৰিপাব্লিকান ছেনেটৰ লিণ্ডছে গ্ৰাহাম আৰু ডেম'ক্ৰেটিক ছেনেটৰ ৰিচাৰ্ড ব্লুমেন্থালে উত্থাপন কৰিছিল। এতিয়া সংশোধিত ৰূপত উভয় দলৰ সমৰ্থন লাভ কৰা বিধেয়কখনৰ সহ-প্ৰস্তাৱকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। কংগ্ৰেছত বিধেয়কখন আগবাঢ়ি যোৱাৰ লগে লগে অধিক সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে বুলি ছেনেটৰ সহায়কসকলে জানিবলৈ দিছে।  
 
সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, সংশোধিত বিধেয়কখন পূৰ্বৰ খচৰাতকৈ অধিক গ্ৰহণযোগ্য আৰু কংগ্ৰেছত অনুমোদন লাভ কৰাৰ সম্ভাৱনাও অধিক। এই বিধেয়কৰ মূল লক্ষ্য হৈছে ৰাছিয়াৰ শক্তি খণ্ডৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ বৃদ্ধি কৰা, ৰাছিয়াৰ শক্তি ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু ৰাছিয়াৰ উচ্চপদস্থ বিষয়াসকলৰ ওপৰত অধিক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা। 
 
যদি বিধেয়কখন কংগ্ৰেছৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়, তেন্তে ইয়াৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ আৰু ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহৰ ওপৰত যথেষ্ট পৰিমাণে পৰিব পাৰে। যদিও সংশোধিত প্ৰস্তাৱে ভাৰত আৰু চীনৰ বাবে কিছু নমনীয়তা প্ৰদান কৰিছে, তথাপিও ৰাছিয়াৰ শক্তি বাণিজ্যক কেন্দ্ৰ কৰি বিশ্ব ৰাজনীতিত নতুন কূটনৈতিক আৰু অৰ্থনৈতিক সমীকৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা অব্যাহত আছে।