ই-ৰিক্সা চলাই দেখিছিল চিকিৎসক হোৱাৰ সপোন! ৬০৯ নম্বৰেৰে নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল মহম্মদ ছুহেইল

Story by  atv | Posted by  Nikunja Nath • 1 d ago
ই-ৰিক্সা চলাই দেখিছিল চিকিৎসক হোৱাৰ সপোন! ৬০৯ নম্বৰেৰে নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল মহম্মদ ছুহেইল
ই-ৰিক্সা চলাই দেখিছিল চিকিৎসক হোৱাৰ সপোন! ৬০৯ নম্বৰেৰে নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল মহম্মদ ছুহেইল
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
"সপোনবোৰ সঁচা কৰিবলৈ কেৱল ধনৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় প্ৰৱল ইচ্ছাশক্তি আৰু ঐকান্তিক প্ৰচেষ্টাৰ।" এই কথাষাৰকেই আখৰে আখৰে প্ৰমাণ কৰি দেখুৱাইছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ মহম্মদ ছুহেইলে। দিনৰ পোহৰত পিতৃৰ ই-ৰিক্সা চলাই পৰিয়ালৰ আৰ্থিক বোজা কান্ধত তুলি লোৱা ছুহেইলে ৰাতিৰ অন্ধকাৰত উজাগৰে থাকি নিজৰ ভৱিষ্যতৰ সপোন ৰচিছিল। তেওঁৰ এই কঠোৰ পৰিশ্ৰমৰ ফলেই হৈছে নীট (NEET UG) পৰীক্ষাত ৬০৯ নম্বৰ লাভ কৰি অৰ্জন কৰা চমকপ্ৰদ সফলতা। তৃতীয়টো প্ৰচেষ্টাত তেওঁ লাভ কৰা এই সাফল্যই সমগ্ৰ দেশবাসীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে আৰু প্ৰমাণ কৰিছে যে সীমিত সা-সুবিধাই কেতিয়াও কোনো ডাঙৰ সপোনৰ বাট ভেটিব নোৱাৰে।
 
এই বছৰ যেতিয়া NEET UG ৰ ফলাফল ঘোষণা কৰা হ'ল, তেতিয়া মুজাফ্ফৰনগৰত থকা তেওঁলোকৰ সৰু ঘৰখন আনন্দৰে ভৰি পৰিল। পৰিয়াল, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই তেওঁৰ এই সাফল্য উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, তেওঁৰ পৰিয়ালত আজিলৈকে কোনেও দ্বাদশ শ্ৰেণীৰ ডেওনা পাৰ কৰা নাছিল। এনে এক পৰিৱেশৰ পৰা ওলাই আহি চিকিৎসক হোৱাৰ দিশত আগবঢ়া এই যাত্ৰা সমগ্ৰ পৰিয়াল তথা সমাজৰ বাবেই এক অতিকৈ গৌৰৱৰ বিষয় হৈ পৰিছে।
 
মহম্মদ ছুহেইল
 
সা-সুবিধা সীমিত আছিল, কিন্তু সপোন আছিল বিশাল
 
নিজৰ কাহিনী বৰ্ণনা কৰি মহম্মদ ছুহেইলে কয়, "মোৰ নাম মহম্মদ ছুহেইল আৰু মই উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ বাসিন্দা। মই এনে এক নিম্ন-মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো, য'ত সা-সুবিধা অতি সীমিত আছিল কিন্তু আমাৰ সপোন আছিল বিশাল।" চিকিৎসক হোৱাটো প্ৰকৃততে তেওঁৰ নিজৰ নহয়, তেওঁৰ মাতৃৰহে সপোন আছিল। ছুহেইলে জনায় যে প্ৰথম অৱস্থাত চিকিৎসক হোৱাৰ কোনো ইচ্ছা তেওঁৰ নাছিল। তেওঁ কয়, "চিকিৎসক হোৱাটো কেতিয়াও মোৰ সপোন নাছিল, এয়া আছিল মোৰ মাৰ সপোন। তেওঁৰ নিৰন্তৰ সমৰ্থন আৰু মোৰ ওপৰত থকা বিশ্বাসেই মোক অনুপ্ৰাণিত কৰিছিল। সেই প্ৰেৰণায়েই মোক এই পথত আগবাঢ়িবলৈ আৰু তেওঁৰ সপোনটোক নিজৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল।" পৰৱৰ্তী সময়ত মাতৃৰ এই সপোনটোৱেই ছুহেইলৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈ পৰিছিল।
 
পৰিয়ালৰ আৰ্থিক অৱস্থাই সলনি কৰিছিল জীৱনৰ গতিপথ
 
২০২১ চনত দ্বাদশ শ্ৰেণীৰ পঢ়া শেষ কৰাৰ পিছত ছুহেইল আৰু তেওঁৰ ভাতৃ দুয়োৱে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছিল। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা এনেকুৱা নাছিল যে দুয়োটা সন্তানৰ পঢ়া-শুনাৰ খৰচ বহন কৰিব পাৰে। এনে পৰিস্থিতিত পৰিয়ালে এক কঠিন সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁৰ ভাতৃয়ে BCom ত নামভৰ্তি কৰে, আনহাতে ছুহেইলে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ পিতৃৰ ই-ৰিক্সা চলাবলৈ আৰম্ভ কৰে। ছুহেইলে কয়, "মই দিনৰ ভাগত ই-ৰিক্সা চলাইছিলো আৰু মোৰ ৰাতিবোৰ পাৰ হৈছিল পঢ়া-মেলাত। প্ৰায়েই মই মাজনিশা বা তাতোকৈ অধিক সময়লৈকে পঢ়িছিলো।"
 
বন্ধুয়ে জনাইছিল NEET নো কি
 
আচৰিত কথাটো হ'ল, প্ৰথম অৱস্থাত ছুহেইলে NEET কি বস্তু সেয়াও নাজানিছিল। তেওঁ কয়, "NEET ৰ বিষয়ে মোৰ কোনো ধাৰণাই নাছিল। মোৰ এজন বন্ধুৱে মোক এই বিষয়ে জনাইছিল আৰু বুজাই দিছিল যে ইয়াৰ জৰিয়তে কম খৰচতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত MBBS পঢ়িব পাৰি।" ইয়াৰ পৰাই তেওঁৰ জীৱনৰ গতিপথ সলনি হৈ পৰিছিল। তেওঁ কয়, "মই উপলব্ধি কৰিব পাৰিছিলো যে যদি মই NEET উত্তীৰ্ণ হ'ব পাৰো, তেন্তে পৰিয়ালৰ ওপৰত কোনো আৰ্থিক বোজা জাপি নিদিয়াকৈয়ে মই MBBS পঢ়িব পাৰিম।"
 
পৰিয়াৰ সৈতে মহম্মদ ছুহেইল
 
কম খৰচী অনলাইন কোচিং হৈ পৰিল একমাত্ৰ ভৰসা
 
আৰ্থিক অনাটনৰ পিছতো ছুহেইলে হাৰ মনা নাছিল। তেওঁ কম মাছুলৰ অনলাইন কোচিঙৰ সহায় লৈছিল। তেওঁ জনায়, "মই PhysicsWallah-ৰ কম খৰচী অনলাইন বেটচত যোগদান কৰিছিলো। অলখ ছাৰৰ Yakeen Batch মাত্ৰ ৩,০০০ ৰ পৰা ৪,০০০ টকাত উপলব্ধ আছিল, যিটো মই কোনোমতে যোগাৰ কৰিবলৈ সক্ষম হৈছিলো।" প্ৰথমটো প্ৰচেষ্টাত তেওঁ ৩৬৯ নম্বৰ লাভ কৰিছিল। কিন্তু তেওঁ নিৰাশ হৈ থমকি ৰোৱা নাছিল। নিৰন্তৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি তৃতীয়টো প্ৰচেষ্টাত তেওঁ ৬০৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
 
যেতিয়া প্ৰস্তুতি এৰি দিয়াৰ কথা ভাবিছিল, তেতিয়াই পাইছিল নতুন সহায়
 
ছুহেইলে জনায় যে এটা সময় এনেকুৱাও আহিছিল যেতিয়া তেওঁ প্ৰায় প্ৰস্তুতি এৰি দিয়াৰ মনস্থ কৰিছিল। ঠিক তেনে সময়তে মীৰাটত থকা PW বিদ্যাপীঠ চেণ্টাৰে তেওঁৰ লগত যোগাযোগ কৰে। তেওঁ কয়, "মীৰাট বিদ্যাপীঠে মোক ফোন কৰি সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে। মোক বিনামূলীয়া নামভৰ্তি, উপযুক্ত মাৰ্গদৰ্শন আৰু সকলো ধৰণৰ সহযোগিতা প্ৰদান কৰা হ'ল।" তেওঁ জনোৱা মতে, তাত তেওঁ এক শৃংখলাবদ্ধ পঢ়াৰ পৰিৱেশ পাইছিল। "তাত নিয়মীয়াকৈ ৰেপিড টেষ্ট অনুষ্ঠিত কৰা হৈছিল আৰু AI/AR বেটচ বনোৱা হৈছিল, যাৰ ফলত মই মোৰ প্ৰয়োজন অনুসৰি অধ্যয়নৰ সামগ্ৰী আৰু সঠিক পথপ্ৰদৰ্শন লাভ কৰিছিলো।"
 
পঢ়াৰ বাবে শিক্ষকে এৰি দিছিল নিজৰ কোঠা
 
ঘৰত পঢ়া-শুনাৰ বাবে উপযুক্ত পৰিৱেশ নাছিল। ছুহেইলে কয়, "মোৰ ঘৰত পঢ়িবলৈ সঠিক ঠাই নাছিল। মোৰ এজন শিক্ষক হাছিৰ ছাৰে মোক শান্তিত পঢ়িবলৈ নিজৰ কোঠাটোকে এৰি দিছিল।" তেওঁৰ মতে, শিক্ষকৰ এই সহায় তেওঁৰ সফলতাৰ আঁৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰণ আছিল।
 
সময় নহয়, লক্ষ্যহে আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ
 
ছুহেইলৰ মতে, তেওঁ কেতিয়াও ঘণ্টা হিচাপ কৰি পঢ়া নাছিল। তেওঁ কয়, "মোৰ বাবে ঘড়ীতকৈ নিজৰ লক্ষ্য বেছি গুৰুত্বপূৰ্ণ আছিল। মোৰ কেৱল এটাই নিয়ম আছিল– যিটো কাম আৰম্ভ কৰিছা, সেয়া সম্পূৰ্ণ কৰা।"
 
ককায়েকেও আধাতে এৰিছিল পঢ়া-শুনা
 
এই সফলতাৰ আঁৰত কেৱল ছুহেইলৰেই পৰিশ্ৰম নহয়, সমগ্ৰ পৰিয়ালৰ ত্যাগ জড়িত হৈ আছে। আৱেগিক হৈ তেওঁ কয়, "মোৰ ককায়েকেও নিজৰ পঢ়া-শুনা আধাতে সামৰি কাম কৰিবলৈ আৰম্ভ কৰিলে, যাতে তেওঁ মোক আৰ্থিকভাৱে সহায় কৰিব পাৰে।" তেওঁ লগতে কয়, "পৰিয়ালৰ এই ত্যাগবোৰে মোক আৰু অধিক একাগ্ৰ তথা দৃঢ়মনা কৰি তুলিছিল। মই জানিছিলো যে মই তেওঁলোকৰ এই কষ্ট কেতিয়াও অথলে যাবলৈ দিব নোৱাৰো।"
 
ফলাফল ঘোষণাৰ দিনা আইতাকৰ ঘৰত আছিল গোটেই পৰিয়াল
 
যেতিয়া NEET ৰ ফলাফল ঘোষণা কৰা হৈছিল, তেতিয়া ছুহেইল তেওঁৰ আইতাকৰ ঘৰত আছিল। সেই মুহূৰ্তটোক সুঁৱৰি তেওঁ কয়, "যেতিয়া মই মোৰ নম্বৰটো দেখিলোঁ, গোটেই কোঠাটোত আনন্দৰ ঢল বাগৰি পৰিল। মানুহবোৰে চিঞৰি চিঞৰি আনন্দ উল্লাস কৰিছিল আৰু মোক সাবটি ধৰিছিল।" তাৰ পাছত তেওঁ কয়, "যিখন ঘৰত কেতিয়াও ডাক্তৰ হোৱাৰ সপোনো দেখা নাছিল, সেইখন ঘৰত আনন্দত ঢোল বাজিছিল।"
 

১১ হাজাৰ ৰেংক, চৰকাৰী মেডিকেল কলেজৰ আশা
 
ছুহেইলে কয়, "মোৰ NEET ৰেংক হৈছে ১১,০০০। হয়তো ইয়াৰ দ্বাৰা দেশৰ আটাইতকৈ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ নাপাম, কিন্তু এখন ভাল চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন এখন পোৱাৰ বাবে ই যথেষ্ট।"
 
ভৱিষ্যতে এজন চাৰ্জন হোৱাৰ সপোন
 
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সোধাত ছুহেইলে কয়, "মই MBBS পঢ়াৰ সময়ত চাৰ্জাৰী (শল্য চিকিৎসা) ৰ ওপৰত অধ্যয়ন কৰিব বিচাৰো। মোৰ বিশ্বাস যে আহিবলগীয়া বছৰবোৰত মই চিকিৎসা বিজ্ঞানৰ কোনটো ক্ষেত্ৰৰ প্ৰতি মোৰ আটাইতকৈ বেছি আগ্ৰহ আছে, সেয়া বুজি পোৱাৰ সুযোগ পাম।"
 
মুছলমান সমাজৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে মহম্মদ ছুহেইলৰ কাহিনী
 
মহম্মদ ছুহেইলৰ এই কাহিনী কেৱল এজন মেধাৱী ছাত্ৰৰ ব্যক্তিগত সাফল্যৰ কাহিনীয়েই নহয়; আৰ্থিক দুৰৱস্থাৰ বাবে নিজৰ সপোনবোৰক আধৰুৱা কৰি ৰাখিবলৈ বাধ্য হোৱা হাজাৰ হাজাৰ নিৰাশ যুৱক-যুৱতীৰ বাবে ই এক প্ৰদীপ্ত শিখা। সাম্প্ৰতিক সময়ত মুছলমান সমাজৰ বহুতো শিক্ষাৰ্থীয়ে শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, অসামৰিক সেৱা, চিকিৎসা আৰু অভিযান্ত্ৰিক আদি বিভিন্ন ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰিছে। ছুহেইলৰ এই যাত্ৰাই সমাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে- কঠোৰ পৰিশ্ৰম, পৰিয়ালৰ ত্যাগ, শিক্ষকৰ সঠিক মাৰ্গদৰ্শন আৰু নিজৰ অটল বিশ্বাস থাকিলে জীৱনৰ যিকোনো প্ৰতিকূল পৰিস্থিতিকো জয় কৰিব পাৰি। তেওঁৰ মাতৃৰ সপোন আজিতো বাস্তৱত পৰিণত হ'লেই, লগতে ছুহেইলৰ এই অভূতপূৰ্ব সফলতাই সমগ্ৰ মুজাফ্ফৰনগৰ, উত্তৰ প্ৰদেশ আৰু মুছলমান সমাজলৈ কঢ়িয়াই আনিছে সীমাহীন গৌৰৱ আৰু আশাৰ বতৰা।