তেওঁৰ পিতৃ জামছেদ থাচানকুন্দিৰ ঘৰ থালাছেৰীত আৰু মাতৃ শ্বিমাৰ ঘৰ কান্নুৰৰ ভালাপট্টনমত। জামছেদ নিজেও এজন অতি প্ৰতিভাৱান ফুটবলাৰ আছিল, কিন্তু আঘাতৰ বাবে তেওঁৰ খেলুৱৈ জীৱন আধৰুৱা হৈ ৰৈছিল। ইয়াৰ পিছতে ১৯৯৬ চনত তেওঁ কাটাৰলৈ গুচি যায়। অতি কম বয়সৰ পৰাই তেহছিনৰ ফুটবল যাত্ৰা আৰম্ভ হৈছিল। মাত্ৰ চাৰি বছৰ বয়সত তেওঁ প্ৰতি শুকুৰবাৰে দেউতাকৰ লগত স্থানীয় ষ্টেডিয়ামবোৰলৈ গৈছিল, যিটো আছিল কাটাৰত সাপ্তাহিক বন্ধৰ দিন। যেতিয়া দেউতাক জামছেদে বন্ধু আৰু সতীৰ্থসকলৰ লগত ফুটবল খেলিছিল, তেতিয়া সৰু ল'ৰাটিয়ে ডাগআউটৰ ওচৰত বহি খেলখন অতি মনোযোগৰে চাইছিল।
দেউতাক জামছেদে সেই দিনবোৰ সুঁৱৰি কয়, "সি ডাগআউটৰ ওচৰত বহি সকলোবোৰ নিৰীক্ষণ কৰিছিল। পিছলৈ, মই তাক ড্ৰিবলিং আৰু খেলখনৰ প্ৰাথমিক নিয়মবোৰ শিকাবলৈ আৰম্ভ কৰোঁ।"
জামছেদে এসময়ত কেৰালাৰ বিখ্যাত ফুটবলাৰ জো পল আঞ্চেৰীৰ সৈতেও একেলগে ফুটবল খেলিছিল আৰু নিজেও উচ্চ পৰ্যায়ত খেলাৰ সপোন পুহি ৰাখিছিল। পৰিস্থিতিয়ে তেওঁক বেলেগ দিশলৈ লৈ গৈছিল যদিও আজি তেওঁ নিজৰ পুত্ৰৰ জৰিয়তে সেই সপোনবোৰ বাস্তৱায়িত হোৱা দেখিছে।
তেওঁ কয়, "তেহছিনক ফিফা বিশ্বকাপত কাটাৰক প্ৰতিনিধিত্ব কৰা দেখাটো এটা সপোন দিঠকত পৰিণত হোৱাৰ দৰে। এইটো আমাৰ পৰিয়ালৰ বাবে এক অতি বিশেষ মুহূৰ্ত।"
তেহছিন মহম্মদ জামছেদ তেওঁৰ পিতৃ জামছেদ থাচানকুন্দি আৰু মাতৃ শ্বীমাৰ সৈতে
বছৰ বছৰ ধৰি কঠোৰ অনুশাসন আৰু অনুশীলনৰ ফলতেই তেহছিনৰ এই উত্থান সম্ভৱ হৈছে। তেওঁ প্ৰথমে ‘শ্বেখ ফৈজল বিন কাছিম স্প’ৰ্টছ একাডেমী’ত যোগদান কৰিছিল, য'ত তেওঁৰ প্ৰতিভাই প্ৰশিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ২০১৭ চনত এছপায়াৰ একাডেমীত নামভৰ্তি কৰাৰ আগতে তেওঁক আল দুহাইলৰ যুৱ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছিল।
অতি সোনকালেই ফুটবল তেওঁৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ফৰৱাৰ্ড আৰু দুয়োখন উইঙত খেলা তেহছিনে মুভমেণ্ট, পজিচনিং আৰু আক্ৰমণাত্মক শৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশেষ প্ৰশিক্ষণৰ জৰিয়তে নিজৰ দক্ষতা বৃদ্ধি কৰিছিল।
ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ উন্নতি অতি দ্ৰুত আছিল। ২০২৩ চনত তেওঁ কাটাৰৰ অনুৰ্ধ-১৭ দলক প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ পিছৰ বছৰতে অনুৰ্ধ-১৯ দলত স্থান লাভ কৰিছিল।
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত, মাত্ৰ ১৭ বছৰ বয়সতে তেওঁ ছৌদি আৰৱত আফগানিস্তানৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ অৰ্হতা নিৰ্ণয়কাৰী এখন মেচত খেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। খেলখন গ'লশূন্যভাৱে ড্ৰ হৈছিল যদিও, ই তেওঁৰ কেৰিয়াৰৰ অন্যতম স্মৰণীয় মুহূৰ্ত হৈয়ে আছে।
"তেওঁ যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমখন খেল খেলিছিল, তেতিয়া মই ষ্টেডিয়ামতেই আছিলো," জামছেদে কয়। "আমি তেওঁৰ বাবে আৰু কাটাৰ দলটোৰ বাবে আনন্দত কিৰিলি পাৰিছিলো।"
তেতিয়াৰ পৰা তেহছিনে জিম্বাবোৱে আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত অংশগ্ৰহণ কৰিছে আৰু লগতে কাটাৰৰ অনুৰ্ধ-২৩ দলকো প্ৰতিনিধিত্ব কৰিছে।
তেহছিন মহম্মদ জামছেদ তেওঁৰ পিতৃ জামছেদ থাচানকুন্দিৰ সৈতে
যদিও তেহছিনে সমগ্ৰ জীৱন কাটাৰতেই কটাইছে, তথাপি তেওঁ নিজৰ ভাৰতীয় শিপাৰ সৈতে সংযুক্ত হৈ আছে। দোহাত জন্মগ্ৰহণ কৰি আৰু তাতেই ডাঙৰ-দীঘল হোৱা তেহছিনৰ হাতত পিতৃ-মাতৃৰ সূত্ৰে ভাৰতীয় পাছপ'ৰ্ট আছে যদিও, আইন অনুসৰি প্ৰয়োজন হ'লে তেওঁ কাটাৰৰ নাগৰিকত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
নিজে এজন একনিষ্ঠ ফুটবল অনুৰাগী হোৱাৰ সুবাদত তেহছিনে ২০২২ চনৰ ফিফা বিশ্বকাপ কাটাৰৰ ষ্টেডিয়ামত বহি চাইছিল। এতিয়া তেওঁ সেই একেখন মঞ্চতেই খেলিবলৈ প্ৰস্তুতি চলাইছে। তেওঁ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এজন গুণমুগ্ধ আৰু পর্তুগালৰ খেলসমূহ অতি আগ্ৰহৰে চাই থাকে।
১৩ জুন তাৰিখে ছান ফ্ৰান্সিস্কোত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলি কাটাৰে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিব, তাৰ পিছত গ্ৰুপ পৰ্যায়ত কানাডা আৰু বচনিয়া এণ্ড হাৰ্জেগোভিনাৰ সন্মুখীন হ'ব।
ইফালে, তেহছিনৰ এই বৃহৎ সাফল্যই কেৰালাত প্ৰচণ্ড উন্মাদনাৰ সৃষ্টি কৰিছে। "কেৰালাৰ পৰা আমি অলেখ বাৰ্তা আৰু ফোন কল পাই আছো," জামছেদে কয়। "মানুহে আমাক কৈছে যে তেওঁলোকে তেহছিনৰ বাবে প্ৰাৰ্থনা কৰিব।"
অহা ১৩ জুনত যেতিয়া কাটাৰ দলটোৱে বিশ্বকাপৰ খেলপথাৰত প্ৰৱেশ কৰিব, তেতিয়া সেই মেৰুণ ৰঙৰ জাৰ্ছী পৰিহিত খেলুৱৈসকলৰ মাজত জিলিকি থাকিব এজন যুৱ উইংগাৰ- যাৰ ফুটবল যাত্ৰাৰ পাতনি মেলিছিল দোহাৰ এক অখ্যাত ডাগআউটৰ কাষত বহি। আৰু সেইদিনা বিশাল ষ্টেডিয়ামৰ কোনোবা এটা চুকত বহি গৌৰৱত বুকু ওফন্দি উঠা এজন পিতৃয়ে চাই থাকিব নিজৰ পুত্ৰৰ সেই ইতিহাস ৰচা মুহূৰ্ত। যিগৰাকী পিতৃৰ ফুটবলৰ সপোন এদিন আধৰুৱা হৈ ৰৈছিল, আজি তেওঁৰ সেই সপোনক কান্ধত তুলি লৈ পুত্ৰই বিশ্বজয়ৰ লক্ষ্যৰে আগুৱাই গৈছে বিশ্বকাপৰ সৰ্বোচ্চ শিখৰলৈ।