ৰাজস্থানৰ আদিল খানৰ মহানুভৱতাঃ চৰকাৰী বিদ্যালয়ৰ মেধাৱী ছাত্ৰীক গাড়ী আৰু নগদ ধনেৰে পুৰস্কৃত

Story by  atv | Posted by  Munni Begum • 1 h ago
ৰাজস্থানৰ আদিল খানে গাড়ী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা চৰকাৰী বিদ্যালয়ৰ মেধাৱী ছাত্ৰীসকল
ৰাজস্থানৰ আদিল খানে গাড়ী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা চৰকাৰী বিদ্যালয়ৰ মেধাৱী ছাত্ৰীসকল
 
আশ্বফাক কায়মখায়ানি / ছিকাৰ (ৰাজস্থান)
 
বৰ্তমান সময়ত সমাজত কন্যা শিক্ষাৰ প্ৰসাৰৰ বাবে বহুতেই বহু কথা কয়, কিন্তু তাক বাস্তৱত ৰূপায়ণ কৰা মানুহৰ সংখ্যা তেনেই তাকৰ। এনে এক বিৰল আৰু অনুপ্ৰেৰণাদায়ক নিদৰ্শন দাঙি ধৰিছে ৰাজস্থানৰ এজন সাধাৰণ গাঁৱলীয়া ব্যক্তিয়ে। ৰাজস্থান মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চৰকাৰী বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰীক তেওঁ উপহাৰ হিচাপে প্ৰদান কৰিছে এখন সুন্দৰ গাড়ী। কেৱল সেয়াই নহয়, আন কেইবাগৰাকীও কৃতি ছাত্ৰীক তেওঁ নিজৰ গাঁঠিৰ ধন ভাঙি নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰিছে।
 
এই ব্যতিক্ৰমী ঘটনাটো ঘটিছে ৰাজস্থানৰ ছিকাৰ জিলাৰ ৰোলচাহাবছাৰ নামৰ এখন সৰু গাঁৱত। গাঁওখনৰ সমাজকৰ্মী তথা উদাৰমনা ব্যক্তি আদিল খানে পৰীক্ষাত ৯৫.৫ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰা ছাত্ৰী আঞ্জাল খানক উপহাৰস্বৰূপে এখন 'ছুইফট ডিজায়াৰ' গাড়ী প্ৰদান কৰে।
 
 
সাধাৰণতে ব’ৰ্ডৰ পৰীক্ষাসমূহত বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফলক লৈয়েই সংবাদ মাধ্যমত বেছি চৰ্চা হোৱা দেখা যায়। এনে প্ৰেক্ষাপটত আদিল খানৰ এই পদক্ষেপে চৰকাৰী বিদ্যালয়ৰ উন্নত শৈক্ষিক মান আৰু কন্যা শক্তি- এই দুয়োটাকে এক অৰ্থপূৰ্ণ স্বীকৃতি প্ৰদান কৰিছে, যিটো সঁচাকৈয়ে প্ৰশংসনীয়।
 
ৰোলচাহাবছাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আঞ্জালক গাঁৱৰ মূল চ'কত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰায় ৮ ৰ পৰা ১২ লাখ টকা মূল্যৰ গাড়ীখনৰ চাবি অৰ্পণ কৰা হয়। ইয়াৰ উপৰি, পৰীক্ষাত ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা আন পাঁচগৰাকী ছাত্ৰীক আদিল খানে ১ লাখকৈ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। এই পুৰস্কাৰ লাভ কৰা মেধাৱী ছাত্ৰীকেইগৰাকী হ'ল- আকছা খান, ছোফিয়া খান, পায়েল কুমাৰী, ৰুকায়া বানো আৰু ফাৰহিন খান।
 
পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰীসকলৰ মুখত ফুটি উঠা আনন্দ আৰু গৌৰৱ আছিল চাবলগীয়া। এই স্বীকৃতিয়ে কেৱল তেওঁলোকৰ আত্মবিশ্বাস বঢ়োৱাই নহয়, বৰং সমাজৰ আন আন লোকসকলকো বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে।
 
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে RSCERT উদয়পুৰৰ অতিৰিক্ত সঞ্চালক বজৰং লাল স্বামী আৰু ফতেহপুৰৰ বিধায়ক হাকিম আলী খান। তেওঁলোকে আদিল খানৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি কয় যে এনে পদক্ষেপে সমাজলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ লগতে শিক্ষাৰ গুৰুত্বক আৰু অধিক দৃঢ় কৰে। গাঁৱৰ আন আন মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু উন্নত ফলাফল প্ৰদৰ্শন কৰা তিনিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠান কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰ উদযাপনৰ এক মঞ্চ হৈ পৰিছিল।
 
আদিল খানে উপহাৰ দিয়া চেকসহ ছাত্ৰীসকল
 
আদিল খানৰ এই কাৰ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে তেওঁ কোনো ডাঙৰ উদ্যোগপতি নহয়, বৰং এজন সাধাৰণ লোক। তেওঁ নিজৰ কষ্টোপাৰ্জিত ধনেৰেই এই সমগ্ৰ পদক্ষেপটো গ্ৰহণ কৰিছে। তেওঁৰ এই পদক্ষেপে মানুহৰ হৃদয় চুই গৈছে আৰু প্ৰমাণ কৰিছে যে সমাজত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ কেৱল ধন-সম্পদেই নহয়, তাৰ বাবে লাগে এক সুন্দৰ মন আৰু সদিচ্ছা।
 
গাঁওখনৰ আটাইতকৈ ধনী ব্যক্তি নহ'লেও আদিল খানৰ মনটো বহুত ডাঙৰ আৰু তেওঁৰ চিন্তা-ধাৰা অতি দূৰদৰ্শী। তেওঁৰ সপোন- ৰোলচাহাবছাৰ গাঁৱৰ জীয়াৰীসকলে এদিন IAS, IPS আৰু ন্যায়পালিকাৰ দৰে শীৰ্ষ পদবীত অধিষ্ঠিত হওক। তেওঁ লগতে কয় যে গাঁওখন কেৱল ৰাজনীতিৰ বাবেই নহয়, বৰং শিক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও পৰিচিত হোৱা উচিত। অনাগত তিনি বছৰলৈ তেওঁ মেধাৱী ছাত্ৰীসকলক এনেদৰে সন্মানিত কৰাৰ এই ধাৰা অব্যাহত ৰাখিব বুলিও ঘোষণা কৰিছে।
 
তেওঁৰ এই ঘোষণাই সমগ্ৰ গাঁওখনতে এক নতুন উৎসাহৰ সৃষ্টি কৰিছে। অভিভাৱকসকল এতিয়া নিজৰ কন্যাক শিক্ষিত কৰিবলৈ আগ্ৰহী হৈ পৰিছে আৰু ছাত্ৰীসকলেও এনে স্বীকৃতি লাভৰ আশাত শৈক্ষিক ক্ষেত্ৰত আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছে। আদিল খানৰ এই প্ৰচেষ্টাই লাহে লাহে গাঁওখনৰ সামাজিক পৰিৱেশ সলনি কৰি পেলাইছে। যিখন গাঁৱত এদিন ছোৱালীক স্কুললৈ পঠিয়াবলৈ মানুহৰ মনত কুণ্ঠাবোধ আছিল, তাত এতিয়া গৌৰৱৰ পৰিৱেশ বিৰাজ কৰিছে।
 
গাঁৱৰ ৰাইজ, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু জনপ্ৰতিনিধিৰ বিশাল উপস্থিতিত অনুষ্ঠিত এই বঁটা বিতৰণী সভাই সমাজত এক নতুন আৰু প্ৰগতিশীল চিন্তাধাৰাৰ বীজ ৰোপণ কৰে। আদিল খানৰ এই মহানুভৱতাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰশংসা লাভ কৰাৰ লগতে কন্যা শিক্ষাৰ গুৰুত্বক লৈ এক নতুন সজাগতাৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনাই সমাজলৈ এক অতি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে- সেয়া হ'ল, সঠিক সুযোগ আৰু উদগনি পালে আমাৰ কন্যা সন্তানসকলে যিকোনো কাম কৰিব পাৰে।