নতুন দিল্লী
NEET UG প্ৰশ্নকাকত ফাদিলৰ ঘটনাত চিবিআইয়ে লাটুৰৰ এজন চিকিৎসক আৰু পুনেৰ এটা কোচিং প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞানৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰিছে বুলি বুধবাৰে বিষয়াসকলে জানিবলৈ দিছে।
বিষয়াসকলে জনোৱা মতে, ‘ৰেণুকাঈ কেৰিয়াৰ চেণ্টাৰ’ৰ প্ৰতিষ্ঠাপক শিৱৰাজ মতেগাওঁকাৰৰ পুত্ৰকে ধৰি তিনিজন ছাত্ৰক NEET ৰ প্ৰশ্নকাকত প্ৰস্তুতকৰ্তা পি ভি কুলকাৰণীৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নবোৰ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ অভিযোগত সংস্থাটোৱে মনোজ শিৰুৰে নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। লাটুৰত আৰ চি চি পৰিচালনা কৰা মতেগাওঁকাৰক অলপতে এই গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছিল।
বিষয়া পৰ্যায়ৰ পৰা জনোৱা অনুসৰি, কেন্দ্ৰীয় সংস্থাটোৱে পুনেৰ এটা কোচিং চেণ্টাৰ ‘ডাঃ অভং প্ৰভু মেডিকেল একাডেমী’ৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজস হৰ্ষদকুমাৰ শ্বাহকো গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, শ্বাহে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত মনীষা হাৱালদাৰৰ পৰা NEET UG ২০২৬ ৰ ফাদিল হোৱা পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নসমূহ লাভ কৰিছিল।
বিষয়াসকলে প্ৰকাশ কৰা মতে, এই গ্ৰেপ্তাৰৰ সৈতে প্ৰশ্নকাকত ফাদিলৰ গোচৰটোত মুঠ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে।
চিবিআইৰ এজন মুখপাত্ৰই এক বিবৃতিত কয়, “এই ঘটনাৰ আঁৰৰ সমগ্ৰ শৃংখল তথা ষড়যন্ত্ৰ পোহৰলৈ আনিবলৈ তদন্ত অব্যাহত আছে। চিবিআইয়ে এতিয়ালৈকে ৪৯ টা স্থানত তালাচী চলাইছে আৰু কেইবাখনো আপত্তিজনক নথিপত্ৰ, লেপটপ আৰু ম’বাইল ফোন জব্দ কৰিছে।”
উল্লেখযোগ্য যে, প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ মাজতে যোৱা ১২ মে’ত নেচনেল টেষ্টিং এজেন্সীয়ে চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ বাবে ৩ মে’ত অনুষ্ঠিত হোৱা নেচনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট (আণ্ডাৰগ্ৰেজুৱেট) চমুকৈ NEET পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষাটো অহা ২১ জুনত পুনৰ অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছে।