চীন-বাংলাদেশৰ সামৰিক তৎপৰতা আৰু শিলিগুৰি কৰিড’ৰৰ ভূ-ৰাজনৈতিক গুৰুত্ব

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মাহমুদ হাছান
 
পশ্চিমবংগত এক নতুন ৰাজনৈতিক শাসন ব্যৱস্থাৰ সূত্ৰপাত হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ মূল ভূখণ্ডক উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ সৈতে সংযোগ কৰা 'চিকেন নেক' কৰিড’ৰৰ দায়িত্ব নিজৰ হাতলৈ নিছে। পশ্চিমবংগ চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পৰিচালনাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে। পূৰ্বতে এই সংযোগস্থলৰ পৰিচালনা ৰাজ্যখনৰ গড়কাপ্টানী বিভাগ (PWD)ৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ অধীনত আছিল।
 
ভাৰতৰ প্ৰতি বৰ বেছি বন্ধুত্বপূৰ্ণ মনোভাৱ নথকা কেইখনমান দেশৰ দ্বাৰা পৰিবেষ্টিত এই স্থানৰ গুৰুত্বপূৰ্ণ ভূ-কৌশলগত অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰিড’ৰটোৰ সমীপত বাংলাদেশৰ প্ৰতিৰক্ষা বাহিনীৰ শেহতীয়া কাৰ্যকলাপ, যেনে চীনৰ সহযোগত বাংলাদেশৰ উত্তৰ প্ৰান্তত এটা বায়ুসেনা ঘাটি নিৰ্মাণৰ পৰিকল্পনাই ভাৰতৰ বাবে এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
চিকেন নেক বা শিলিগুৰি কৰিড’ৰক ভাৰতৰ এক স্পৰ্শকাতৰ কৌশলগত জীৱনৰেখা হিচাপে চিহ্নিত কৰা হৈছে। একাংশই এনে এক কাল্পনিক ধাৰণাও প্ৰকাশ কৰি আহিছে যে চীনে এদিন এই স্থান দখল কৰি কৰিড’ৰটো বিচ্ছিন্ন কৰি পেলাব, যাৰ ফলত উত্তৰ-পূব ভাৰত মূল ভূখণ্ডৰ পৰা পৃথক হৈ পৰিব আৰু চীনে বাংলাদেশলৈ যোৱাৰ এটা পথ মুকলি কৰিব। মাত্ৰ ২০ কিলোমিটাৰ প্ৰস্থৰ এই ঠেক ভূখণ্ড নেপাল আৰু বাংলাদেশৰ মাজত আৱদ্ধ হৈ আছে আৰু ইয়াৰ পৰা মাত্ৰ কেইশ কিলোমিটাৰমান দূৰত ভূটান আৰু চীন অৱস্থিত। এই স্পৰ্শকাতৰ কৰিডৰটোলৈ প্ৰকৃত ভাবুকি আহিছে চীনৰ পৰা, যিয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ সমীপত সদায়েই এক আগ্ৰাসী মনোভাৱ পোষণ কৰি আহিছে। ২০১৭ চনত ডোকলাম মালভূমিত চীনৰ সৈতে প্ৰথমটো সংঘাট সংঘটিত হৈছিল। 
 
ডোকা লা পাছলৈকে এটা পথ সম্প্ৰসাৰণ কৰাক লৈ এই সংঘাতৰ সূত্ৰপাত হৈছিল। এই নিৰ্মাণকাৰ্যই আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘন কৰাৰ অভিযোগ উঠিছিল, যাৰ ফলত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। অৱশেষত আলোচনাৰ অন্তত চীনে এই পথ নিৰ্মাণ কাৰ্য বন্ধ কৰে। চীনে সীমান্তৰ সিপাৰে সামৰিক ঘাটি নিৰ্মাণ কৰাৰ লগতে তিব্বতীয় লোকসকলক সংস্থাপন দি আহিছে। তেতিয়াৰে পৰা চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষত ১৩ টা নতুন সামৰিক অৱস্থান নিৰ্মাণ কৰিছে, যাৰ ভিতৰত ৫ টা প্ৰতিৰক্ষা অৱস্থান, ৩ টা বায়ুসেনা ঘাটি আৰু ৫ টা হেলিপোৰ্ট আছে।
প্ৰতিনিধিত্বমূলক ছবি
 
শেহতীয়াকৈ বাংলাদেশৰ ভাৰত বিৰোধী শক্তিসমূহে এই কৰিডৰটো বিচ্ছিন্ন কৰাৰ ভাবুকি দিছে, যাতে চীনে উত্তৰ বাংলাদেশলৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰে। এনে পৰিস্থিতিত এই ভাবুকিক কেতিয়াও সহজভাৱে লোৱা উচিত নহয়, কিয়নো ২০২০ চনত লাডাখৰ গালৱান উপত্যকাত হোৱা আকস্মিক সংঘৰ্ষৰ বিষয়ে আমি সকলোৱে অৱগত। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আহিব পৰা যিকোনো সম্ভাৱ্য ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ কাৰ্যকৰী প্ৰস্তুতি আৰু যৌথ বাহিনীৰ সমন্বয় বৃদ্ধিৰ উদ্দেশ্যে ভাৰতে শেহতীয়াকৈ "তিস্তা প্ৰহৰ" নামৰ এক সামৰিক অনুশীলন চলাইছিল। এক প্ৰধান ভাবুকি হৈছে লালমনিৰহাটত বায়ুসেনা ঘাটি নিৰ্মাণ কৰাৰ বাবে বাংলাদেশে কৰা ঘোষণা। এই স্থান শিলিগুৰি কৰিডৰৰ নিচেই কাষত অৱস্থিত। এনে এক সময়ত এই ঘোষণা কৰা হৈছে যেতিয়া ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত চীনৰ যুদ্ধংদেহী মনোভাৱ আৰু হস্তক্ষেপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
 
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বাস্তৱতাৰ বিষয়ে আমি সকলোৱে জানো, যেতিয়া চীনৰ পিপ’লছ লিবাৰেচন আৰ্মী (PLA)-এ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি অসমৰ সীমান্তলৈকে আগুৱাই আহিছিল। তেতিয়াৰে পৰা চীনে অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চলক নিজৰ ভূখণ্ড বুলি দাবী কৰি আহিছে আৰু তেওঁলোকৰ ভৌগোলিক নথিত ইয়াক ‘দক্ষিণ জাংনান’ বুলি নামকৰণ কৰিছে। সেয়েহে, তেওঁলোকৰ ভাবুকিক উলাই কৰিব নোৱাৰি। চীনে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সীমান্তৰ সিপাৰে পথ আৰু ৰে'ল প্ৰকল্প নিৰ্মাণ কৰিছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
লাছাৰ পৰা নিংচিলৈ ৰে'লৱে নেটৱৰ্ক অৰুণাচল সীমান্তৰ ওচৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে, যিটো আপাৰ ছিয়াং জিলাৰ টুটিঙৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত। PLA-ৰ ৫২ আৰু ৫৩ সংখ্যক মাউণ্টেইন ইনফেণ্ট্ৰি ব্ৰিগেড নিংচি প্ৰিফেকচাৰত অৱস্থিত। ইয়াৰ উপৰি তাত এটা বিমানবন্দৰো আছে। তদুপৰি, চীনে নিংচিৰ পৰা চেংডু-য়াআনলৈ ৰে'লৱে নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে, যিটো ১১০০ কিলোমিটাৰ দীঘল আৰু ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া সংঘাতৰ পিছত শ্বিগাটছে এয়াৰফিল্ডত থকা যুঁজাৰু বিমানসমূহক উচ্চ সতৰ্কতাত ৰখা হৈছে। শ্বিগাটছে ছিকিমৰ নাথু লা প’ষ্টৰ পৰা প্ৰায় ২৯০ কিলোমিটাৰ দূৰত অৱস্থিত।
 
ভাৰতীয় সীমান্তৰ সমীপত ড্ৰেগন ৰাষ্ট্ৰখনে গালুং লা আৰু ডক্সং লাৰ দৰে দুৰ্গম অঞ্চলতো পথ নিৰ্মাণ কৰি আছে। এবাৰ এই কাম সম্পূৰ্ণ হ’লে অৰুণাচল প্ৰদেশ আৰু ছিকিম, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে থকা পথ আৰু ৰে'লৱে নেটৱৰ্কৰ দ্বাৰা সম্পূৰ্ণৰূপে আৱৰি ধৰা হ'ব। এনেধৰণৰ কৌশলগত ঘেৰাওৰ দ্বাৰা হোৱা এই সমগ্ৰ অগ্ৰগতিয়ে চীনৰ ফালৰ পৰা এক গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে। তিব্বত মালভূমিত ৰে'ল আৰু পথৰ নেটৱৰ্ক নিৰ্মাণে চীনৰ ৱেষ্টাৰ্ন থিয়েটাৰ কমাণ্ডৰ ভিতৰত সৈন্যৰ গতিবিধি সহজ কৰি তুলিছে, যাৰ ফলত প্ৰয়োজনৰ সময়ত PLA-এ অতি দ্ৰুততাৰে সৈন্য আৰু সা-সৰঞ্জাম কঢ়িয়াই আনিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াৰ বিপৰীতে, সীমান্তৰ সিপাৰে চীনৰ এই নিৰ্মাণকাৰ্যৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতেও আন্তঃগাঁথনিৰ উন্নয়ন কৰি আছে। ভাৰতৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ভাৰতত উন্নত যোগাযোগ ব্যৱস্থাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰে সৈতে সেনাবাহিনীৰ সুচল যাতায়তৰ বাবে অভিলাষী আন্তঃগাঁথনি প্ৰকল্প হাতত লৈছে। কাৰ্গিলৰ সময়ত জম্মু-কাশ্মীৰত যি ঘটিছিল, ঠিক তেনেদৰে শিলিগুৰি কৰিড’ৰো যদি বিচ্ছিন্ন কৰি দিয়া হয়, তেন্তে তাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। ১৯৯৯ চনত পাকিস্তানী সেনাই ভাড়াতীয়া সেনাৰ সমৰ্থনত লাডাখ আৰু শ্ৰীনগৰৰ মাজৰ পথটো বিচ্ছিন্ন কৰাৰ ভাবুকি দিছিল, যাৰ ফলত কাৰ্গিল যুদ্ধৰ সূত্ৰপাত হৈছিল।
 
শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয় আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰালভাৱে এটা ঘাইপথ নিৰ্মাণৰ বাবে এক অভিলাষী প্ৰকল্প হাতত লৈছে। এই ঘাইপথটো ভূটান সীমান্তৰ সমীপৰ মাগোৰ পৰা আৰম্ভ হৈ টাৱাং, সোৱণশিৰি, টুটিং, মেচুকা, আপাৰ ছিয়াং, দিবাং ভেলী, দেশালী, চাংলাগাম, কিবিথু, ডং আৰু হাৱাই হৈ ম্যানমাৰ সীমান্তৰ সমীপৰ বিজয়নগৰত শেষ হ'ব। সীমান্ত অঞ্চলত চীনৰ আন্তঃগাঁথনিগত উন্নয়নৰ গতিৰ সৈতে ফেৰ মাৰিবলৈ ভাৰতে হিমালয়ৰ দুৰ্গম পাহাৰীয়া অঞ্চলত আৰম্ভ কৰা এইটো অন্যতম বৃহৎ আৰু আটাইতকৈ কঠিন প্ৰকল্প, যিটো অঞ্চল বিগত কেইবাদশকত ধৰি যাতায়তৰ বাবে অগম্য হৈ আছিল। এতিয়া হাড় কঁপোৱা জাৰ আৰু প্ৰতিকূল বতৰতো অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছে, যিটো ইঞ্জিনিয়াৰিং বা অভিযান্ত্ৰিক বিদ্যাৰ এক উল্লেখযোগ্য নিদৰ্শন। ৱালং, আলো, টুটিং, পাছিঘাট আৰু কিবিথুত হেলিকপ্তাৰৰ বাবে 'এডভান্সড লেণ্ডিং গ্ৰাউণ্ড' নিৰ্মাণ কৰা হৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰাফেল যুঁজাৰু বিমানৰ উপস্থিতিৰে ভাৰতে এই কৰিড’ৰটোত এক সুদৃঢ় প্ৰতিৰক্ষা গোট ৰক্ষণাবেক্ষণ কৰি আছে, যিয়ে ভাৰতীয় বায়ুসেনাক ১৫০ কিলোমিটাৰৰো অধিক দূৰত্বত আক্ৰমণ চলাবলৈ সহায় কৰে আৰু ইয়াৰ লগতে সীমান্ত ৰক্ষাৰ বাবে সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত 'ত্ৰিশক্তি কৰ্পছ' মোতায়েন কৰা হৈছে। নুমলীগড়ৰ সৈতে সংযোগ হোৱা হালদিয়া-বাৰাউনী পাইপলাইনে পেট্ৰলিয়াম সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰিছে। 
 
প্ৰধানমন্ত্ৰী গতি শক্তি প্ৰকল্পৰ জৰিয়তে ভাৰতমালা প্ৰকল্প, BBIN আৰু ৰে'লৱেৰ বৈদ্যুতিকীকৰণৰ দৰে কাম হাতত লোৱা হৈছে। এই কৰিড’ৰটোৱে ছিকিমকে ধৰি উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে। প্ৰতিৰক্ষা বাহিনীৰ যাতায়াত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক সংযোগ উন্নত কৰাৰ বাবে ঘাইপথসমূহৰ মেৰামতি কৰাটো অতি প্ৰয়োজনীয়। এই স্পৰ্শকাতৰ কৰিড’ৰটোৰ দায়িত্ব ভাৰতীয় সেনাবাহিনীৰ হাতত অৰ্পণ কৰাৰ লগে লগে, প্ৰতিৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত কাৰ্যকৰীভাৱে পৰিচালনা কৰাৰ বাবে সকলো কৌশলগত স্থানৰ ওপৰত উন্নত সতৰ্কতা অৱলম্বন কৰিব পাৰিব।
 
(লেখক অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব)