অৰ্ছলা খান / নতুন দিল্লী
ৰাষ্ট্ৰ নিৰ্মাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায়, তেওঁলোকৰ অৱদানক স্বীকৃতি প্ৰদান কৰাটো এটা কৃতজ্ঞ জাতিৰ কৰ্তব্য। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালক সন্মানীয় 'লোকমান্য তিলক বঁটা'ৰ বাবে নিৰ্বাচিত কৰা হৈছে। সোমবাৰে তিলক স্মাৰক ট্ৰাষ্টে এই কথা ঘোষণা কৰে।
ট্ৰাষ্টৰ সভাপতি ড০ ৰোহিত তিলকে এক সংবাদমেলত জানিবলৈ দিয়ে যে অহা ১ আগষ্টত পুনেত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অজিত ডোভালক এই বঁটা প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু সুনেত্ৰা পাৱাৰো উপস্থিত থকাৰ সম্ভাৱনা আছে।
মহাৰাষ্ট্ৰীয় মণ্ডল খেলপথাৰ
ক’ত প্ৰদান কৰা হ’ব এই বঁটা?
পুনেৰ গুলটেকড়ী অঞ্চলত অৱস্থিত মহাৰাষ্ট্ৰীয় মণ্ডল খেলপথাৰত এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হ’ব। ৮১ বছৰীয়া ডোভালে মিজোৰাম, ছিকিম, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ অঞ্চলত বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। ইয়াৰ উপৰি তেওঁ ইছলামাবাদ আৰু লণ্ডনত থকা ভাৰতীয় মিছনতো নিজৰ কূটনৈতিক দায়িত্ব নিয়াৰিকৈ পালন কৰি আহিছে।
অজিত ডোভাললৈ কিয় এই সন্মান আগবঢ়োৱা হৈছে?
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ২০২৬ বৰ্ষৰ লোকমান্য তিলক বঁটা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হৈছে।
ডোভাল হৈছে ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা। তেওঁ মিজোৰাম, পঞ্জাৱ, ছিকিম আৰু জম্মু-কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ অঞ্চলত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰত-চীন সীমান্ত আলোচনাৰ বাবে তেওঁ ভাৰতৰ বিশেষ প্ৰতিনিধি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে আৰু ডোকলাম সংকটৰ সময়ত তেওঁৰ কূটনৈতিক ভূমিকাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
ভাৰতীয় চোৰাংচোৱা ব্যৱস্থা আৰু সুৰক্ষা ৰণনীতিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই সকলোবোৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখিয়েই তিলক স্মাৰক ট্ৰাষ্টে তেওঁক চলিত বৰ্ষৰ এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে।
কোন আছিল লোকমান্য তিলক?
লোকমান্য বাল গংগাধৰ তিলক
লোকমান্য বাল গংগাধৰ তিলক ভাৰতৰ এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু জাতীয়তাবাদী নেতা আছিল। ১৮৫৬ চনৰ ২৩ জুলাইত মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত তেওঁৰ জন্ম হৈছিল। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনক এক নতুন দিশ প্ৰদান কৰিছিল আৰু জনসাধাৰণৰ মনত স্বৰাজৰ ভাৱনা জাগ্ৰত কৰিছিল।
তিলকৰ বিখ্যাত শ্ল’গান, "স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক অৰ্জন কৰিমেই," আজিও ভাৰতীয় স্বাধীনতা আন্দোলনৰ আটাইতকৈ অনুপ্ৰেৰণাদায়ক ঘোষণাসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁ সাংবাদিকতাৰ জৰিয়তেও ইংৰাজ শাসনৰ বিৰোধিতা কৰিছিল আৰু নিজৰ বাতৰি কাকত 'কেশৰী' (মাৰাঠী) আৰু 'মাৰাঠা' (ইংৰাজী)ৰ জৰিয়তে জাতীয়তাবাদৰ বাৰ্তা বিয়পাই দিছিল।
'লোকমান্য তিলক বঁটা’ৰ মানপত্ৰ আৰু স্মাৰক
কেতিয়াৰ পৰা আৰম্ভ হৈছিল লোকমান্য তিলক বঁটা?
১৯৮৩ চনত পুনেৰ তিলক স্মাৰক ট্ৰাষ্টৰ দ্বাৰা লোকমান্য তিলক বঁটা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে লোকমান্য তিলকৰ আদৰ্শক আগুৱাই নিয়া আৰু যিসকল ব্যক্তিয়ে নিজৰ কৰ্মৰ জৰিয়তে দেশ আৰু সমাজৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, তেওঁলোকক সন্মানিত কৰা।
প্ৰতি বছৰে ১ আগষ্টত লোকমান্য তিলকৰ মৃত্যুবাৰ্ষিকীৰ দিনা এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এখন মানপত্ৰ, এটা স্মাৰক আৰু নগদ ধন প্ৰদান কৰা হয়।
কিহৰ ভিত্তিত প্ৰদান কৰা হয় এই বঁটা?
লোকমান্য তিলক বঁটা কেৱল কোনো এটা নিৰ্দিষ্ট ক্ষেত্ৰৰ মাজতে সীমাবদ্ধ নহয়। এই বঁটা সেইসকল ব্যক্তিক প্ৰদান কৰা হয় যিসকলে নিজৰ কৰ্মৰ জৰিয়তে দেশৰ প্ৰগতি, গণতন্ত্ৰ, সামাজিক উত্তৰণ, ৰাষ্ট্ৰীয় একতা, বিজ্ঞান, শিক্ষা, অৰ্থনীতি, সংস্কৃতি, প্ৰশাসন বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
বঁটা প্ৰাপকক নিৰ্বাচন কৰাৰ সময়ত ব্যক্তিগৰাকীৰ দীৰ্ঘম্যাদী অৱদান, ৰাজহুৱা জীৱনত তেওঁৰ ভূমিকা আৰু দেশৰ স্বাৰ্থত কৰা কামবোৰক প্ৰধান ভিত্তি হিচাপে লোৱা হয়।
কোন কোন বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে এই বঁটা?
যোৱা চাৰি দশকত দেশৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক লোকমান্য তিলক বঁটাৰে সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজনীতি, বিজ্ঞান, উদ্যোগ, সমাজসেৱা আৰু প্ৰশাসনৰ সৈতে জড়িত বহুতো নাম অন্তৰ্ভুক্ত আছে।
'লোকমান্য তিলক বঁটা’ গ্ৰহণৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
কেইগৰাকীমান প্ৰধান বঁটা বিজয়ীঃ
▪️এছ এম যোশী – প্ৰথম বঁটা প্ৰাপক (১৯৮৩)
▪️অটল বিহাৰী বাজপেয়ী – প্ৰাক্তন প্ৰধানমন্ত্ৰী
▪️ড০ মনমোহন সিং – প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু অৰ্থনীতিবিদ
▪️নৰেন্দ্ৰ মোদী – প্ৰধানমন্ত্ৰী
▪️ছোনিয়া গান্ধী – জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী
▪️প্ৰণৱ মুখাৰ্জী – প্ৰাক্তন ৰাষ্ট্ৰপতি
▪️শাৰদ পাৱাৰ – জ্যেষ্ঠ ৰাজনীতিবিদ
▪️ড০ ৰঘুনাথ মাছেলকাৰ – প্ৰসিদ্ধ বিজ্ঞানী
▪️ড০ বিজয় ভাটকৰ – ছুপাৰ কম্পিউটাৰ 'পৰম'ৰ জনক
▪️এন আৰ নাৰায়ণ মূৰ্তি – ইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক
▪️ছাইৰাছ পুনাৱালা – উদ্যোগপতি
▪️ড০ ই শ্ৰীধৰণ – 'মেট্ৰো মেন' হিচাপে পৰিচিত অভিযন্তা
▪️অজিত ডোভাল – ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (২০২৬)
ইয়াৰ উপৰি বহু শিক্ষাবিদ, বিজ্ঞানী, উদ্যোগপতি, সমাজসেৱক আৰু ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিয়ে এই সন্মান লাভ কৰিছে।
বঁটাটোৰ গুৰুত্ব আৰু তাৎপৰ্য
লোকমান্য তিলক বঁটা কেৱল মাত্ৰ এটা সন্মান নহয়, ই হৈছে ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা লোকসকলৰ প্ৰতি সমাজৰ কৃতজ্ঞতাৰ প্ৰতীক। এই বঁটাই সেই প্ৰমূল্যবোধবোৰক সোঁৱৰাই দিয়ে যাৰ বাবে লোকমান্য তিলকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিলঃ স্বৰাজ, জাতীয়তাবাদ, শিক্ষা, সামাজিক সজাগতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ। প্ৰতি বছৰে এই বঁটাৰ জৰিয়তে নিজৰ ক্ষেত্ৰখনত উৎকৃষ্ট কাম কৰি দেশৰ মৰ্যাদা আৰু উন্নয়নক নতুন উচ্চতালৈ লৈ যোৱা ব্যক্তিসকলক সন্মানিত কৰা হয়।
লোকমান্য তিলক বঁটাক ভাৰতৰ আটাইতকৈ সন্মানীয় অসামৰিক সন্মানসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰৰ স্বাৰ্থত উৎকৃষ্ট অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি দিয়াৰ উদ্দেশ্যে লোকমান্য বাল গংগাধৰ তিলকৰ স্মৃতিত এই বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। ২০২৬ বৰ্ষত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাললৈ এই সন্মান আগবঢ়োৱাটোৱে এই কথা প্ৰমাণ কৰে যে বিজ্ঞান, ৰাজনীতি, শিক্ষা বা সমাজসেৱাৰ দৰেই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত নেতৃত্বও ৰাষ্ট্ৰ নিৰ্মাণৰ এক অবিচ্ছেদ্য আৰু সমানেই গুৰুত্বপূৰ্ণ অংশ।