পাক-অধিকৃত কাশ্মীৰ ভ্ৰমণঃ 'আজাদ' কাশ্মীৰৰ আঁৰৰ তিক্ত বাস্তৱ

Story by  atv | Posted by  Nikunja Nath • 1 h ago
পাক-অধিকৃত কাশ্মীৰ ভ্ৰমণঃ 'আজাদ' কাশ্মীৰৰ আঁৰৰ তিক্ত বাস্তৱ
পাক-অধিকৃত কাশ্মীৰ ভ্ৰমণঃ 'আজাদ' কাশ্মীৰৰ আঁৰৰ তিক্ত বাস্তৱ
 
 অদিতি ভাদুৰী
 
সাম্প্ৰতিক সময়ত পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ত চলি থকা প্ৰতিবাদে বহু ভাৰতীয়ক আচৰিত কৰি তুলিছে। পিছে, আচলতে ইয়াক লৈ আচৰিত হোৱাৰ কোনো কাৰণ নাই। এই অঞ্চলটোৰ বিষয়ে সামান্য জ্ঞান থকা যিকোনো ব্যক্তিয়েই জানে যে এই প্ৰতিবাদৰ উকমুকনি বহু আগৰে পৰাই আৰম্ভ হৈছিল। বৰং, এই বিদ্ৰোহ যে ইমান দিনে হোৱা নাছিল, সেয়াহে আশ্চৰ্যৰ বিষয়!
 
প্ৰায় এক দশকৰ আগৰ কথা। মই পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফফৰাবাদলৈ গৈছিলোঁ, যাক পাকিস্তানে 'আজাদ জম্মু আৰু কাশ্মীৰ' (AJK) বুলি কয়। কিন্তু বাস্তৱত তাত 'আজাদ' বা স্বাধীন বুলিবলৈ একোৱেই নাছিল।
 
প্ৰথম কথা, সমগ্ৰ ভূখণ্ডটোত প্ৰকৃত কাশ্মীৰৰ মাত্ৰ এক ক্ষুদ্ৰ অংশহে আছে; অঞ্চলটোৰ মাত্ৰ ৪ শতাংশ মানুহেহে কাশ্মীৰী ভাষা কয়। পাকিস্তান অধিকৃত কাশ্মীৰৰ লগতে মুজাফফৰাবাদৰো বেছিভাগ মানুহেই মূলতঃ কাশ্মীৰী নহয়, তেওঁলোক পাহাৰী, পঞ্জাৱী আৰু অন্যান্য মিশ্ৰিত সম্প্ৰদায়ৰ লোক।
 
তথাপি, ঝিলাম নদীৰ পাৰে পাৰে ক'হালালৈ যোৱা আমাৰ যাত্ৰাপথ আছিল অতি মনোমহা। শুভ্ৰ ডাৱৰেৰে আবৃত নিৰ্মল নীলা আকাশৰ তলত বিস্তৃত হৈ আছিল সুন্দৰ পাহাৰ আৰু উপত্যকা। সেয়া আছিল নৱেম্বৰ মাহ। প্ৰকৃতিৰ সেই স্নিগ্ধতা ইমানেই শান্ত আছিল যে পৃথিৱীৰ এই সুন্দৰ কোণটোত কেতিয়াবা কিবা বেয়া হ'ব পাৰে বুলি কোনেও বিশ্বাসেই কৰিব নোৱাৰে।
 
মই এটা মহিলা সঁজাতী দলৰ অংশ হিচাপে 'ট্ৰেক টু মিছন'ৰ অধীনত PoK-লৈ গৈছিলোঁ। আমাক কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছিল। আমাৰ সহযোগী সংস্থা আৰু নাগৰিক সমাজৰ পৰা আমি এক উষ্ম আদৰণি আৰু সুন্দৰ আতিথ্য লাভ কৰিছিলোঁ। আনকি PoK-ৰ ৰাষ্ট্ৰপতিয়েও আমাৰ সন্মানত এক নৈশভোজৰ আয়োজন কৰিছিল, অৱশ্যে এই পদৱীটো কেৱল নামতহে আছিল, কিয়নো সকলো ক্ষমতাৰ বাঘজৰী ইছলামবাদৰ হাততেই আছিল।
 
ঠাইখন যিমানেই ধুনীয়া নহওক কিয়, আন্তঃগাঁথনি আৰু সামাজিক দুয়ো দিশৰ পৰাই ই ভাৰতীয় কাশ্মীৰতকৈ কেইবা দশক পিছপৰি আছিল। আমাৰ লগত থকা স্থানীয় লোকসকলৰ ওচৰত ইয়াৰ এটা উত্তৰ প্ৰস্তুত আছিল- তেওঁলোকৰ মতে ২০০৫ চনৰ বৰভূঁইকঁপটোৱে অঞ্চলটোৰ বেছিভাগ আন্তঃগাঁথনি ধ্বংস কৰি পেলাইছিল।
 
কিন্তু, ১৯৪৭ চনৰ পৰাই ৰাজধানী হিচাপে থকা মুজাফফৰাবাদত কিয় এখন উন্নত মানৰ চিকিৎসা বা অভিযান্ত্ৰিক মহাবিদ্যালয় নাছিল, তাৰ উত্তৰ কেৱল ভূঁইকঁপটোৱে দিব নোৱাৰে। তাত কেৱল মানৱবিদ্যা আৰু আইন অধ্যয়নৰ পাঠ্যক্ৰম থকা এখন বিশ্ববিদ্যালয়হে আছিল। সেয়েহে, বেছিভাগ আৱাসীয়েই বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পিছত উচ্চ শিক্ষাৰ বাবে মুজাফফৰাবাদৰ পৰা বাহিৰলৈ গৈছিল অথবা চহৰখনতে জীৱিকা নিৰ্বাহৰ বাবে উকীল হৈছিল।
 
জলবিদ্যুৎ প্ৰকল্পৰ বাবে অঞ্চলটোত যথেষ্ট সম্ভাৱনা থকা সত্ত্বেও, তাত নিৰ্মাণ কৰা মংলা জলবিদ্যুৎ প্ৰকল্পটোৱে ইছলামবাদৰ বাবেহে ৰাজহ সংগ্ৰহ কৰিছিল। আনকি তাত থকা সকলো আমোলা-বিষয়াও বাহিৰৰ আছিল আৰু তেওঁলোকক ইছলামবাদৰ পৰাই নিযুক্তি দিয়া হৈছিল।
 
মুজাফফৰাবাদৰ আমাৰ এগৰাকী সতীৰ্থই অতি স্পষ্টভাৱে বুজাই দিছিল যে অঞ্চলটোৰ প্ৰতি কৰা এই অৱহেলাই 'আজাদী'ৰ বাবে এক সশস্ত্ৰ সংগ্ৰামৰ সূচনা কৰিছিল। ব্ৰিটেইনত থকা মীৰপুৰীসকলেই প্ৰথমে এই সংগ্ৰাম আৰম্ভ কৰিছিল। PoK-ৰ প্ৰতি থকা অৱহেলাৰ বাবেই তেওঁলোক বৃহৎ সংখ্যাত ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।
 
ভূমিকম্পৰ পিছত বহু বছৰ পাৰ হৈ গৈছিল। তথাপি মুজাফফৰাবাদত কোনো আধুনিক বজাৰ, কেফে, ৰেষ্টুৰেণ্ট, আনকি চিনেমা হলো নাছিল। আমি 'দ্য পাৰ্ল কণ্টিনেণ্টেল'ত আছিলোঁ, যিখন আছিল বাৰ আৰু ৰেষ্টুৰেণ্ট থকা একমাত্ৰ পঞ্চতাৰকাযুক্ত হোটেল। চহৰখনৰ ধনী আৰু সুবিধাপ্ৰাপ্ত লোকসকলে তাত বিশ্ৰাম লোৱাৰ সময়ত গায়কসকলে বলীউডৰ গান পৰিৱেশন কৰিছিল।
 
দুপৰীয়া ২ বজাৰ পিছত মহিলাসকল অকলে বাহিৰলৈ নোলাইছিল। মই তাত লগ পোৱা প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক মহিলাৰ লগতে সৰু সৰু ছোৱালীবোৰেও মূৰত স্কাৰ্ফ বা দোপাট্টা মাৰি ৰাখিছিল। সকলোবোৰ দেখাত ধুনীয়া হ'লেও পৰিৱেশটো আছিল মধ্যযুগীয়।
 
অৱশ্যে, আমি যেতিয়া মুজাফফৰাবাদৰ মূল বজাৰ 'মদিনা মাৰ্কেট'লৈ গৈছিলোঁ, তেতিয়াহে আমি আচল বাস্তৱৰ মুখামুখি হৈছিলোঁ। দেৱালেৰে আৱৰা এই বজাৰখনত বেছিভাগেই অতি সাধাৰণ ধৰণৰ সামগ্ৰী বিক্ৰী কৰা দোকান আছিল। মুজাফফৰাবাদৰ ধনী মানুহবোৰে তাত বজাৰ নকৰিছিল; তাৰ পৰিৱৰ্তে তেওঁলোকে ইছলামবাদলৈ গৈছিল। শ্ৰীনগৰৰ পৰা অহা আমাৰ প্ৰতিনিধি দলটোৰ এগৰাকী যুৱ কলেজীয়া অধ্যাপিকাই আচৰিত হৈ মোক কৈছিল, "হায় ভগৱান! দুটাকৈ দশক সন্ত্ৰাসবাদৰ কৱলত হেৰুৱাইও আমি ইয়াতকৈ বহুত বেছি আগবঢ়া!"
 
তথাপি, মানুহবোৰৰ আন্তৰিকতা আছিল হৃদয়স্পৰ্শী। 'ট্ৰেক টু' আলোচনাৰ পৰা বহু দূৰত থকা, নিজৰ দৈনন্দিন ব্যৱসায় চলাই থকা সাধাৰণ লোকসকলে যেতিয়া শুনিছিল যে আমি ভাৰতৰ পৰা আহিছোঁ, তেতিয়া তেওঁলোকে আমাৰ পৰা পইচা ল'বলৈ অস্বীকাৰ কৰিছিল। বজাৰখনত খবৰ বিয়পি পৰিছিল যে ভাৰতৰ পৰা অহা এদল মহিলা সেইখিনিৰে গৈ আছে। সঁচা কথা ক'বলৈ গ'লে, ইমানবোৰ মহিলাই একেলগে প্ৰথমবাৰৰ বাবে বজাৰত ঘূৰি ফুৰা দৃশ্য তাত সঘনাই দেখা পোৱা নগৈছিল।
 
আৰু তাৰ অলপ পিছতেই এটা আমোদজনক ঘটনা ঘটিল। কেইজনমান মানুহ আমাৰ কাষলৈ আহিবলৈ ধৰিলে। তেওঁলোক আছিল পাতল ছালৰ, খীণকায় যুৱক। আমাৰ লগত থকা নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক খেদি দিছিল যদিও তেওঁলোকে নেৰানেপেৰাকৈ আমাৰ কাষলৈ আহিবলৈ চেষ্টা কৰি আছিল।
 
কিছু সময়ৰ পাছত, আমাৰ প্ৰতিনিধি দলৰ মুৰব্বীগৰাকীয়ে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি কাষৰ এটা সৰু গলিৰ ফালে সোমাই গ'ল। তেওঁ কিছু সময়ৰ পৰা আমাক অনুসৰণ কৰি থকা যুৱকজনক হাত বাউলি মাতিলে।
 
তেওঁনো কি বিচাৰিছিল? মোক সম্পূৰ্ণৰূপে আশ্চৰ্যান্বিত কৰি তেওঁ ক'লে যে তেওঁ (ভাৰতীয়) কাশ্মীৰৰ পৰা আহিছে আৰু ইয়ালৈ অস্ত্ৰ প্ৰশিক্ষণ ল'বলৈ আহিছিল, যাতে তেওঁ কাশ্মীৰক স্বাধীন কৰাৰ সশস্ত্ৰ সংগ্ৰামত যোগদান কৰিব পাৰে। কিন্তু তেওঁ আক্ষেপেৰে আমাক জনায় যে এয়া আছিল কেৱল সময় আৰু শ্ৰমৰ অবিকল অপচয়। নিজৰ অভিজ্ঞতাক লৈ তেওঁ তেনেই হতাশ হৈ পৰিছিল আৰু এতিয়া কেৱল নিজৰ পৰিয়ালৰ ওচৰলৈ ঘৰলৈ উভতি যাব বিচাৰিছিল। ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত তেওঁ আমাৰ সহায় বিচাৰিছিল। তেওঁৰ লগত কথা পাতিবলৈ আমাৰ হাতত বেছি সময় নাছিল আৰু অলপ পিছতেই আমাৰ নিৰাপত্তাৰক্ষীয়ে আমাক বিচাৰি উলিয়াই ততাতৈয়াকৈ গাড়ীলৈ লৈ গ'ল।
 
দুখী, ভঙা-ছিঙা আৰু হতাশাগ্ৰস্ত সেই মানুহজনৰ ছবিখন মোৰ মনত দকৈ ৰৈ গ'ল। মই প্ৰায়ে ভাবোঁ, তেওঁ বাৰু ঘৰলৈ উভতি যাব পাৰিলেনে?
 
পিছদিনা এখন অনুষ্ঠানৰ পৰা খৰখেদাকৈ হোটেললৈ উভতি আহোঁতে, প্ৰৱেশদ্বাৰত আন এটা দলে আমাক আগভেটি ধৰিলে, এইবাৰ আছিল এদল মহিলা। এইবাৰো নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক আঁতৰাই পঠিয়াবলৈ যথেষ্ট হেঁচা দিবলগীয়া হৈছিল। মহিলাসকলে আমাক চিঞৰি চিঞৰি মাতি আছিল, তাৰে মাজৰ এগৰাকীয়ে কান্দিও আছিল।
 
তেওঁলোক আছিল PoK-ৰ বিদ্ৰোহী আৰু সন্ধানহীন লোকসকলৰ আত্মীয়। তেওঁলোকে ইয়াৰ বাবে পোনপটীয়াকৈ পাকিস্তানক জগৰীয়া কৰিছিল আৰু আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁলোকে বিচাৰিছিল যে ভাৰত চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰক। মুজাফফৰাবাদলৈ ভাৰতীয় মহিলাৰ এটি প্ৰতিনিধি দল অহাৰ খবৰ পাই তেওঁলোকে আমাক লগ কৰিবলৈ আহিছিল। পাকিস্তানৰ পৰা 'আজাদী'ৰ বাবে সংগ্ৰাম কৰা তেওঁলোকৰ আত্মীয়সকলৰ দুৰ্দশাৰ বিষয়ে তেওঁলোকে আমাক জনাব বিচাৰিছিল। ভাৰত চৰকাৰক দিবলৈ তেওঁলোকে নিজৰ লগত কিছুমান চিঠিয়ো কঢ়িয়াই আনিছিল।
 
এই ঘটনাত আমাৰ আয়োজকসকলৰ মুখ লজ্জাত ৰঙা পৰি গৈছিল, কিয়নো আলোচনাৰ সময়ত সঘনাই ভাৰতত থকা কাশ্মীৰীসকলৰ দুৰ্দশাৰ কথাহে উত্থাপন কৰা হৈছিল। এয়াই হ'ল "আজাদ কাশ্মীৰ"ৰ এক চৰম বিড়ম্বনা। তাত কোনো আজাদী বা স্বাধীনতা নাই, আছে কেৱল ভয় আৰু আতংক। এই ভয়েই তেওঁলোকক ইমান দিনে নীৰৱ আৰু আজ্ঞাবহ কৰি ৰাখিছিল। কিন্তু দীৰ্ঘদিন ধৰি পুঞ্জীভূত হৈ থকা এই ক্ষোভ অৱশেষত উদ্গীৰণ হ'বই লাগিছিল। বৰ্তমান দেখা পোৱা এই প্ৰতিবাদবোৰ আচলতে বহু আগতেই হ'ব লাগিছিল।
 
আৰু অৱশেষত মুজাফফৰাবাদ এৰাৰ দিনটো আহি পৰিল। আমি গাড়ীৰে ইছলামবাদলৈ উভতিম আৰু তাৰ পৰা আকৌ গাড়ীৰে আটাৰীলৈ যাম, য'ৰ পৰা আমি ৱাঘালৈ পাৰ হ'ম। আমি ক'হালা দলঙৰ ওচৰ পাওঁতেই ৰাস্তাৰ দুয়োকাষে দেৱালত অঁকা গ্ৰাফিটি চকুত পৰিল। তাৰে বেছিভাগতেই বন্দুকৰ ছবি আছিল। মুজাফফৰাবাদলৈ অহাৰ পথতো মই সেইবোৰ প্ৰথম দেখিছিলোঁ।
 
মোৰ লগত যাত্ৰা কৰি থকা PoK-ৰ এগৰাকী সহকৰ্মীক মই সেইবোৰ অনুবাদ কৰিবলৈ ক'লোঁ। তাই সেয়া পঢ়িলে আৰু মুখখন ঘূৰাই ল'লে। কিছু সময় ৰৈ তাই সৰু আৰু নিৰ্লিপ্ত মাতেৰে ক'লে, "এইবোৰ হৈছে জেহাদত যোগদান কৰিবলৈ আহ্বান জনোৱা বিজ্ঞাপন।"
"ভাৰতৰ বিৰুদ্ধে?" মই সুধিলোঁ।
তাই একো নামাতি নীৰৱে ৰ'ল।
 
(অদিতি ভাদুৰী এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু ইউৰেছিয়াৰ ভূ-ৰাজনীতিৰ বিশেষজ্ঞ গৱেষক।)