ৰাজীৱ নাৰায়ণ
১৫ বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ ফ্ৰান্সৰ সিদ্ধান্তই সমগ্ৰ বিশ্বজুৰি এক নতুন ধাৰণাক প্ৰতিফলিত কৰিছে। ভাৰতৰ ক্ষেত্ৰতো এতিয়া মূল প্ৰশ্নটো কেৱল প্ৰযুক্তিৰ ব্যৱহাৰক কেন্দ্ৰ কৰি নহয়, বৰং শৈশৱক সুৰক্ষিত কৰি ৰখাৰ সৈতে জড়িত। প্ৰশ্নটো এতিয়া এইটো নহয় যে, শিশুৱে প্ৰযুক্তি ব্যৱহাৰ কৰা উচিত হয় নে নহয়, প্ৰকৃত প্ৰশ্ন হৈছে এটি শিশুৱে অনলাইনত দেখা বিষয়বস্তুৰ ওপৰত নিজাববীয়াকৈ বিচাৰ-বিবেচনা কৰাৰ ক্ষমতা গঢ়ি উঠাৰ আগতেই এলগৰিদমে তেওঁলোকৰ চিন্তা-চেতনাক গঢ় দিব নেকি?
যোৱা দুটা দশক ধৰি ইণ্টাৰনেটক বিশ্বজুৰি এক বৃহৎ গণতান্ত্ৰিক শক্তি হিচাপে উদযাপন কৰা হৈছে। স্মাৰ্টফোনে প্ৰতিজন মানুহৰ হাতত যেন এটি লাইব্ৰেৰী, প্ৰতিখন পৰ্দাত একোটা শ্ৰেণীকোঠা আৰু ডাটা সংযোগ থকা সকলোৰে বাবে জ্ঞানৰ দুৱাৰ মুকলি কৰি দিছে। চৰকাৰে ডিজিটেল প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহ যোগাইছে, বিদ্যালয়সমূহে অনলাইন শিক্ষাক আদৰি লৈছে, আৰু অভিভাৱকসকলে গৌৰৱেৰে নিজৰ সন্তানক "ডিজিটেল প্ৰজন্ম" হিচাপে গঢ়ি উঠা দেখিছে।
প্ৰতিনিধিত্বমূলক ছবি
কিন্তু শেহতীয়াকৈ এই উচ্ছ্বাসৰ মাজতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে যে, যদি নিয়ন্ত্ৰণহীন ডিজিটেল ব্যৱহাৰে শৈশৱৰ স্বাভাৱিক বিকাশকেই সলনি কৰি পেলাইছে তেন্তে?
১৫ বছৰবয়সৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যমক নিষিদ্ধ কৰাৰ ফ্ৰান্সৰ সিদ্ধান্ত এই বিশ্বব্যাপী উদ্বেগৰ আটাইতকৈ স্পষ্ট প্ৰকাশ। অষ্ট্ৰেলিয়াই ১৬ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইউৰোপ আৰু আমেৰিকাতো এই বিষয়ত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে। চৰকাৰসমূহে এতিয়া এইটো আলোচনা কৰা নাই যে, শিশুক কিমান সোনকালে প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাব লাগে; বৰং তেওঁলোকক অতি সোনকালেই এই জগতখনত প্ৰৱেশ কৰোৱা হৈছিল নেকি, সেই প্ৰশ্নহে উত্থাপন কৰিছে।
এই পৰিৱৰ্তন অত্যন্ত তাৎপৰ্যপূৰ্ণ। যিসকল দেশে এতিয়ালৈকে ডিজিটেল সংযোগৰ পোষকতা কৰিছিল, সেই দেশসমূহেই এতিয়া ডিজিটেল সংযমৰ প্ৰয়োজনীয়তাক লৈ আলোচনা কৰিবলৈ আৰম্ভ কৰিছে। এই বিতৰ্ক আৰু কেৱল স্ক্ৰীণ টাইম বা অভিভাৱকৰ নিয়ন্ত্ৰণৰ মাজত সীমাবদ্ধ নহয় বৰং ইয়াৰ সৈতে জড়িত হৈছে জনস্বাস্থ্য, শিশুৰ মানসিক বিকাশ আৰু শিশুৰ মন-মগজুক অনলাইনত অধিক সময় ধৰি আকৰ্ষিত কৰি ৰাখিবলৈ নিৰ্মিত প্ৰযুক্তিৰ পৰা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব। ভাৰতেও এই বিষয়টোক গুৰুত্বসহকাৰে বিবেচনা কৰাৰ সময় আহি পৰিছে।
প্ৰতিনিধিত্বমূলক ছবি
এলগৰিদমৰ যুগ
আচল বিপদ প্ৰযুক্তিত নহয়; বিপদটো হৈছে পৰিৱৰ্তিত পৃথিৱীত শিশুৰ জীৱনৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ। মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে অভিভাৱক, শিক্ষক বা কিতাপৰ ঠাইত এলগৰিদম শিশুৰ আটাইতকৈ প্ৰাৰম্ভিক আৰু আটাইতকৈ স্থায়ী সংগী হৈ পৰিছে।
বাস্তৱ আৰু কল্পনাৰ মাজৰ পাৰ্থক্য বুজি পোৱাৰ সামৰ্থ্য গঢ়ি উঠাৰ আগতেই অসংখ্য শিশুক অন্তহীন ৰীল, ভিডিঅ', ব্যক্তিগত পছন্দ অনুসৰি সাজি দিয়া পৰামৰ্শ আৰু এলগৰিদমচালিত বিষয়বস্তুৰ এনে এখন জগতলৈ ঠেলি দিয়া হৈছে, য’ত তেওঁলোকৰ মনোযোগ কঢ়িয়াই নিয়াৰ বাবে নিৰৱচ্ছিন্ন প্ৰতিযোগিতা চলি থাকে। প্ৰতিটো 'Swipe'এ প্লেটফৰ্মটোক শিশুটোৰ বিষয়ে অধিক তথ্য দিয়ে, আৰু একে সময়তে প্লেটফৰ্মটোৱে শিশুটোক নীৰৱে শিকাই থাকে কি চাব, কাক প্ৰশংসা কৰিব, কিহক ভয় কৰিব, আনকি কি বিশ্বাস কৰিব। এই সম্পৰ্কটো নিৰপেক্ষ নহয়; বৰং যথেষ্ট উদ্বেগজনক।
সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ এনেদৰে নিৰ্মাণ কৰা হৈছে, যাতে ব্যৱহাৰকাৰীয়ে সৰ্বাধিক সময় তাতেই অতিবাহিত কৰে। যিমান বেছি সময় মানুহে পৰ্দাত চকু ৰাখে, সিমানেই এই প্লেটফৰ্মসমূহ সফল হয়। সুপৰিপক্ক প্ৰাপ্তবয়স্ক লোকেও এই কৌশলগতভাৱে নিৰ্মিত ব্যৱস্থাৰ প্ৰলোভন এৰাই চলিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত বিচাৰ-বিবেচনা, আৱেগ নিয়ন্ত্ৰণ আৰু সমালোচনামূলক চিন্তাশক্তি এতিয়াও বিকাশৰ পৰ্যায়ত থকা শিশুৱে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিব বুলি আশা কৰাটো বাস্তৱসন্মত নহয়।
প্ৰতিনিধিত্বমূলক ছবি
এসময়ত শিশুৱে ধৈৰ্য শিকিছিল, কিয়নো কিতাপ পঢ়িবলৈ ধৈৰ্যৰ প্ৰয়োজন হৈছিল। শ্ৰেণীকোঠাই তেওঁলোকক মনোযোগী হ'বলৈ শিকাইছিল। একঘেয়ামিৰ সময়ত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে কথা-বতৰা পাতি তেওঁলোকে সামাজিক সম্পৰ্ক গঢ়ি তুলিছিল। কিন্তু আজিৰ দিনত অলসতাৰ সেই মুহূৰ্তবোৰ প্ৰায় নাইকিয়া হৈছে। প্ৰতিটো মুহূৰ্তই নতুন নতুন নটিফিকেশ্যন, পৰামৰ্শ বা অন্তহীন স্ক্ৰ'লিং ফীডে দখল কৰি ৰাখিছে। এজন শিশুৱে নিজে কেনেকৈ চিন্তা কৰিব লাগে সেই শিক্ষা লাভ কৰাৰ আগতেই এলগৰিদমে তেওঁক কেনেকৈ অবিৰত স্ক্ৰ'ল কৰি ৰাখিব পাৰি, সেয়া শিকাই পেলাইছে।
ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান
ভাৰত হৈছে বিশ্বৰ আটাইতকৈ অধিক যুৱ জনসংখ্যাৰ দেশ আৰু স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যাও বিশ্বৰ ভিতৰত সৰ্বাধিক। সুলভ মূল্যৰ মোবাইল ফোন আৰু অত্যন্ত কম মূল্যৰ ডাটা সেৱাই শিক্ষা, মনোৰঞ্জন আৰু চৰকাৰী সেৱালৈ মানুহৰ প্ৰৱেশ অধিক সহজ কৰি তুলিছে। ডিজিটেল অন্তৰ্ভুক্তি ভাৰতৰ অন্যতম বৃহৎ উন্নয়নমূলক সফলতা হিচাপে বিবেচিত হৈছে। কিন্তু সকলো ভাল বস্তুৰ দৰেই এই প্ৰযুক্তিগত বিপ্লৱৰো কিছু অনাকাংক্ষিত পৰিণতি দেখা দিছে।
দেশৰ বহু শিক্ষকৰ বাবে এতিয়া শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষাৰ্থীৰ মনোযোগ ধৰি ৰখাটো কঠিন হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বহু অভিভাৱকে লক্ষ্য কৰিছে যে, সন্তানসকলে ডাইনিং টেবুলত পৰিয়ালৰ সৈতে কথা পতাতকৈ অধিক মোবাইল বা স্ক্ৰীণৰ জৰিয়তে যোগাযোগ কৰাত অধিক স্বচ্ছন্দ। মানসিক স্বাস্থ্য বিশেষজ্ঞসকলে কৈছে, কিশোৰ-কিশোৰীৰ মাজত উদ্বেগ, নিদ্ৰাহীনতা, চাইবাৰ বুলিং আৰু ডিজিটেল মাধ্যমৰ প্ৰতি অস্বাভাৱিক আসক্তি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। গৱেষণাই দেখুৱাইছে যে, সামাজিক তুলনা, অবাস্তৱ সৌন্দৰ্যৰ ধাৰণা আৰু অনলাইন স্বীকৃতি লাভৰ আকাংক্ষাই তেওঁলোকৰ মানসিক সুস্থতাৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে।
প্ৰতিনিধিত্বমূলক ছবি
ইয়াতকৈও অধিক উদ্বেগজনক বিষয় হৈছে ভুৱা তথ্যৰ দ্ৰুত বিস্তাৰ। সচাঁ-মিছাৰ পাৰ্থক্য বিচাৰ কৰাৰ মানসিক পৰিপক্কতা লাভ কৰাৰ আগতেই শিশুসকলে বিকৃত ভিডিঅ', ষড়যন্ত্ৰমূলক তত্ত্ব, সাম্প্ৰদায়িক উৰাবাতৰি, কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) সৃষ্টি কৰা ছবি আৰু ভুৱা কাহিনী সহজেই বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ওচৰলৈ এই তথ্যসমূহ সংবাদ মাধ্যমৰ জৰিয়তে নহয়, বৰং ভিডিঅ', মীম আৰু তেওঁলোকে স্বাভাৱিকভাৱে বিশ্বাস কৰা 'ইনফ্লুৱেঞ্চাৰ'সকলৰ জৰিয়তে আহি পায়।
সেয়েহে সমস্যাটো কেৱল ডিজিটেল আসক্তিৰ মাজতে সীমাবদ্ধ নহয়। মূল উদ্বেগজনক বিষয় হৈছে শিশুসকলক অতি কম বয়সতে কৌশলী প্ৰভাৱ আৰু তথ্যৰ অপব্যৱহাৰৰ সন্মুখীন কৰা। ইতিহাসত প্ৰথমবাৰৰ বাবে তথ্যৰ অসীম ভঁৰাল হাতৰ মুঠিত পোৱা এটা প্ৰজন্ম, যদি সাৱধানে পঢ়া, তথ্য পৰীক্ষা কৰা আৰু সমালোচনামূলকভাৱে চিন্তা কৰাৰ অভ্যাস গঢ়ি তুলিব নোৱাৰে, তেন্তে সেই একে প্ৰজন্মই ভুৱা তথ্যৰ আটাইতকৈ সহজ চিকাৰ হোৱাৰ আশংকা অধিক।
ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজন
ইয়াৰ অৰ্থ এই নেকি যে, ভাৰতেও ফ্ৰান্সৰ আইন হুবহু অনুসৰণ কৰা উচিত? হয়তো নহয়। কাৰণ ভাৰতৰ সামাজিক বাস্তৱতা ফ্ৰান্সৰ পৰা যথেষ্ট পৃথক। ভাৰতৰ লাখ লাখ শিশুৱে শিক্ষা, ডিজিটেল শ্ৰেণীকোঠা, ভাষা শিক্ষা আৰু পূৰ্বৰ প্ৰজন্মই কেতিয়াও নোপোৱা বহু সুযোগ লাভ কৰিবলৈ স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীল হয়। বিশেষকৈ পিছপৰা অঞ্চলসমূহত প্ৰযুক্তি এতিয়াও শিক্ষাৰ এক অপৰিহাৰ্য মাধ্যম হৈ পৰিছে।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰকৃততে, সামাজিক মাধ্যম নিজেই ক্ষতিকাৰক নহয়। সঠিক বয়সত আৰু দায়িত্বশীলভাৱে ইয়াৰ ব্যৱহাৰ কৰিলে ই সৃজনশীলতা, শিক্ষা, সহযোগিতা আনকি উদ্যোগী মনোভাৱো গঢ়ি তুলিব পাৰে। মূল প্ৰত্যাহ্বান হৈছে এইটো উপলব্ধি কৰা যে, শিশুসকলক একেলগে সীমাহীন ডিজিটেল জগতত এৰি দিয়াৰ পৰিৱৰ্তে, বয়স আৰু পৰিপক্কতা অনুসৰি স্তৰে স্তৰে প্ৰযুক্তিৰ সুবিধা লাভ কৰাৰ সুযোগ দিব লাগে।
যিদৰে সমাজে গাড়ী চলোৱা, ভোটাধিকাৰ প্ৰয়োগ কৰা বা মদ্যপান কৰাৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ কৰি দিছে। কাৰণ পৰিপক্কতাই দায়িত্ববোধৰ জন্ম দিয়ে। একেদৰে ডিজিটেল জগতত প্ৰৱেশৰ ক্ষেত্ৰতো উপযুক্ত বয়সভিত্তিক সুৰক্ষা ব্যৱস্থা থকাটো অতি প্ৰয়োজন। বয়স নিশ্চিতকৰণ (Age Verification), অভিভাৱকৰ নিয়ন্ত্ৰণ (Parental Controls), ডিজিটেল সাক্ষৰতা কাৰ্যসূচী আৰু প্ৰযুক্তি কোম্পানিসমূহৰ অধিক জবাবদিহিতা নিশ্চিত কৰাটো এতিয়া সময়ৰ দাবী। সমানভাৱে গুৰুত্বপূৰ্ণ বিষয় হৈছে অভিভাৱক আৰু শিক্ষকসকলে বুজি পোৱা উচিত যে, শিশুৰ শৈশৱক স্মাৰ্টফোনৰ ওপৰত এৰি দিয়াটো তেওঁলোকৰ সৈতে সময় কটোৱাৰ বিকল্প হ'ব নোৱাৰে। কোনো এলগৰিদমে পৰিয়ালৰ আন্তৰিক কথোপকথনৰ স্থান ল'ব নোৱাৰে। কোনো ‘ইনফ্লুৱেঞ্চাৰ’য়ে অভিভাৱক বা শিক্ষকৰ দিশ-নিৰ্দেশনাৰ বিকল্প হ'ব নোৱাৰে। একোখন পৰ্দাইও মানুহৰ সান্নিধ্য আৰু মৰমৰ ঠাই পূৰণ কৰিব নোৱাৰে।
আগন্তুক প্ৰজন্মক সুৰক্ষিত ৰখা
আচলতে ফ্ৰান্সৰ এই আইন কেৱল সামাজিক মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ বিষয় নহয়। ই ডিজিটেল যুগত চৰকাৰসমূহে শৈশৱক কেনেদৰে চাব লাগে, সেই দৃষ্টিভংগীৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে। প্ৰযুক্তিলৈ সহজ প্ৰৱেশ সদায় উপকাৰী বুলি কোৱা এই ধাৰণাৰ ঠাইত এতিয়া এক অধিক ভাৰসাম্যপূৰ্ণ উপলব্ধিয়ে ঠাই লৈছে। পৰিপক্কতা নোহোৱাকৈ সামাজিক মাধ্যমলৈ প্ৰৱেশ কৰা শিশুসকলে অকালতে বহু বিষয়ৰ সন্মুখীন হয়; আৰু সঠিক দিশ-নিৰ্দেশনা নাথাকিলে সেই অভিজ্ঞতাই ক্ষতিকাৰক ৰূপ ল'ব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
ভাৰতে বিশ্বৰ প্ৰতিখন দেশৰ নীতি হুবহু অনুসৰণ কৰাৰ প্ৰয়োজন নাই। কিন্তু বিশ্বজুৰি গঢ় লৈ উঠা এই নতুন ধাৰণাকো উপেক্ষা কৰাৰ অৱকাশ নাই। এতিয়া বিতৰ্কটো এইটো নহয় যে, শিশুৱে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে নে নালাগে। আধুনিক জীৱনে ইতিমধ্যে সেই প্ৰশ্নৰ উত্তৰ দিয়ে দিছে। এতিয়া প্ৰকৃত প্ৰশ্নটো হৈছে শিশুৱে নিজৰ ব্যক্তিত্ব, মূল্যবোধ আৰু চিন্তাশক্তি গঢ়ি তোলাৰ আগতেই প্ৰযুক্তিক তেওঁৰ শৈশৱ গঢ়ি তোলাৰ সুযোগ দিয়া উচিত নেকি?
বহু প্ৰজন্ম ধৰি ভাৰতীয় সমাজত সন্তানৰ ভৱিষ্যৎ গঢ়ি তোলাৰ মূল দায়িত্ব পৰিয়াল, বিদ্যালয় আৰু সমাজৰ হাততেই আছিল। কিন্তু আজিৰ দিনত সেই ভূমিকাৰ বাবে এলগৰিদমেও প্ৰতিযোগিতাত নামিছে। ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব দেশখনে কেনেদৰে প্ৰযুক্তিক আঁকোৱালি লয়, তাৰ ওপৰত। কিন্তু দেশৰ ভৱিষ্যৎ হয়তো অধিক নিৰ্ভৰ কৰিব দেশখনে নিজৰ শিশুসকলক কিমান বিচক্ষণতাৰে সুৰক্ষিত কৰি ৰাখিব পাৰে, তাৰ ওপৰত। সেয়েহে এতিয়া মূল প্ৰশ্নটো এইটো নহয় যে, সৰ্বাধুনিক স্মাৰ্টফোনটো কাৰ হাতত আছে। প্ৰকৃত প্ৰশ্নটো হৈছে “শৈশৱৰ প্ৰকৃত অধিকাৰী কোন?”
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ।)