কৰ্মপ্ৰাণ কৃষ্ণ ৰায়মেধি স্মাৰক পিতৃমঙ্গল বঁটা" প্ৰদান টিচি স্কুলৰ জুপিতৰা ডেকাক
গুৱাহাটী
২০২৫-২৬ শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়, গুৱাহাটীৰ কৃতি ছাত্ৰী জুপিতৰা ডেকাক অসমীয়া বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভৰ বাবে "কৰ্মপ্ৰাণ কৃষ্ণ ৰায়মেধি স্মাৰক পিতৃ মঙ্গল বঁটা" প্ৰদান কৰা হয়। ২৯ মে'ত বিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত অধ্যক্ষা শুভলক্ষ্মী বৰুৱাৰ কৰকমলে এই বঁটা প্ৰদান কৰে।
এই বঁটাত আছে ফুলাম গামোচা,অসমীয়া চাদৰ, কৃষ্ণ ৰায়মেধিৰ স্বৰচিত গ্ৰন্থৰ টোপোলা,নগদ ধন আৰু এটি স্মাৰক। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ সভাপতি ডঃ আৰতি ডেকা আৰু সম্পাদক শ্ৰীমতী ৰীমা বৰদলৈৰ সফল পৰিচালনা আৰু তত্বাৱধানত স্কুললৈ সুনাম কঢ়িয়াই অনা দশম আৰু দ্বাদশ শ্ৰেণীৰ কৃতি ছাত্ৰী সকলক একোটাকৈ স্মাৰক,গ্ৰন্থৰ টোপোলা আৰু চকলেট প্ৰদান কৰি উৎসাহিত কৰা হয়।
অসম চৰকাৰৰ অধীনত গড়কাপ্তনি বিভাগত আয়ুক্ত আৰু বিশেষ সচিবৰূপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত কৃষ্ণ ৰায়মেধিয়ে আজীৱন মাতৃভাষা অসমীয়াৰ উত্তৰণ আৰু প্ৰচাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি কিতাপ প্ৰকাশন, বিভিন্ন ঠাইত নামঘৰ প্ৰতিষ্ঠা, সাহিত্য সভাৰ শাখা গঠন,সাপ্তাহিক বাতৰি কাকত প্ৰকাশন, শিল্পী - সাহিত্যিকক সন্মান প্ৰদান আদি কৰি নতুন প্ৰজন্মক অসমীয়া ভাষাৰ মহত্বৰ কথা শিকাব চেষ্টা কৰিছিল।
তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচি তেওঁৰ ধৰ্মপত্নী সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপাধ্যক্ষ জ্যেষ্ঠ গল্পকাৰ মিনা কুমাৰী ৰায়মেধি আৰু বৰ জীয়াৰী আন্তৰ্জাতিক সংস্থা, মহিলা কাব্য মঞ্চৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ও পানবজাৰ, গুৱাহাটীস্থিত ড'ন বস্কো বিদ্যালয়ৰ হিন্দী বিষয়ৰ ভাষাধ্যাপিকা মালবিকা ৰায়মেধি দাসে এছ, এম, ডি, চিৰ সভাপতি হেমন্ত শৰ্মাৰ অধ্যক্ষতাত আৰু জ্যেষ্ঠ ও কনিষ্ঠা প্ৰাক্তন ছাত্ৰী ও অধ্যাপিকাসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত উপস্থিত থাকে।
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে চৰকাৰৰ দ্বাৰা গৃহীত অন্যান্য সৃজনমূলক আঁচনি আৰু গতিবিধি তথা এন ই পিৰ দ্বাৰা অনুমোদিত শৈক্ষিক আৰু অন্যান্য সামগ্ৰিক বিষয় সমূহৰ বছৰ জোৰা বিকাশৰ বিশদ বৰ্ণনা দাঙি ধৰি অধ্যক্ষাই।