আৱাজ-দ্য ভইচ অসম ব্যুৰো
দাৰিদ্ৰ্য, সীমিত শিক্ষাৰ সুবিধা, উন্নত কোচিংৰ অভাৱ আৰু প্ৰতিকূল সামাজিক-আৰ্থিক পৰিৱেশ ইত্যাদি সকলো বাধাক অতিক্ৰম কৰি এইবাৰৰ নীট ইউজি ২০২৬ (NEET-UG) পৰীক্ষাত সফলতা লাভ কৰিছে অসমৰ বহু মেধাৱী শিক্ষাৰ্থীয়ে। বিশেষকৈ মুছলমান অধ্যুষিত আৰু শিক্ষা সুবিধাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলৰ বহু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীয়ে লাভ কৰা সফলতাই ৰাজ্যখনলৈ গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। তেওঁলোকৰ এই কৃতিত্বই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে, সুযোগ, সঠিক দিশ-নিৰ্দেশনা আৰু অধ্যৱসায় থাকিলে আৰ্থিক অসুবিধা কেতিয়াও সপোন পূৰণৰ অন্তৰায় হ'ব নোৱাৰে।
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সী (NTA)-এ ঘোষণা কৰা নীট-ইউজি ২০২৬ৰ ফলাফলত দেশজুৰি ১১ লাখ ২১ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে এমবিবিএছ, বিডিএছ, আয়ুষ আৰু অন্যান্য স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই বৃহৎ সফলতাৰ মাজতে অসমতো বিভিন্ন চৰকাৰী বিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান আৰু সামাজিক শিক্ষা প্ৰতিষ্ঠানৰ পৰা বহু শিক্ষাৰ্থীয়ে উল্লেখযোগ্য ফলাফল আগবঢ়াইছে।
প্ৰতিনিধিত্বমূলক ছবি
ইয়াৰ ভিতৰত ৰাজ্যৰ অন্যতম বিনামূলীয়া প্ৰতিযোগিতামূলক শিক্ষা প্ৰতিষ্ঠান আজমল ছুপাৰ ৪০-এ পুনৰ এবাৰ নিজৰ উৎকৰ্ষতাৰ পৰিচয় দি ২৭ জনক নীটত সফল কৰি এক উজ্জ্বল নজিৰ স্থাপন কৰিছে। কিন্তু এইবাৰৰ সফলতাৰ কাহিনী কেৱল আজমল ছুপাৰ ৪০তেই সীমাবদ্ধ নহয়। অসমৰ বিভিন্ন জিলাৰ বহু সংখ্যালঘু পৰিয়ালৰ শিক্ষাৰ্থীয়ে নিজ নিজ বিদ্যালয়, কলেজ বা অন্যান্য কোচিং প্ৰতিষ্ঠানৰ পৰা নীটত সফলতা লাভ কৰিছে। তেওঁলোকৰ অধিকাংশই আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তান।
অসমৰ ধুবুৰী, বৰপেটা, নগাঁও, মৰিগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, হোজাই, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ বহু শিক্ষাৰ্থীয়ে এনে প্ৰতিকূল পৰিৱেশৰ মাজতো চিকিৎসক হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে। বহু পৰিয়ালত আজিও উন্নত বিজ্ঞান শিক্ষাৰ সুবিধা, অভিজ্ঞ শিক্ষক, ব্যয়বহুল কোচিং বা আধুনিক শিক্ষাৰ পৰিকাঠামো সহজলভ্য নহয়। তৎসত্ত্বেও এই শিক্ষাৰ্থীসকলে নিজৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নীটৰ দৰে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিছে।
এই শিক্ষাৰ্থীসকলৰ ভিতৰত আছে বৰপেটাৰ আনিছা আনঞ্জুম (৫৭১), বৰপেটাৰ হেলচাৰ পামৰ বিলকিচ ছিদ্দিকা (৫৪৬), বৰপেটাৰ পিঠাদি পামৰ তাৰিবুল ইছলাম (৫৩৪), তামাৰহাটৰ পাতেনেৰকুটি গাঁৱৰ জান্নাত আৰা ফিৰদৌছি (৫৩৩), লক্ষীপুৰৰ মানাসপাৰাৰ আৰিফা আহমেদ (৫৯৮), দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ৰেজৱানা ইছলাম (৫৬৫), নলংগা গাঁৱৰ ইমৰান হুছেইন (৬০৭), ৰূপহী হাটৰ নাছৰিন চুলতানা (৫৭৯), জলেশ্বৰৰ ঘুগুডোবাৰ নুৰ আলম (৫৭৮), বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ খাদিজা পাৰবিন (৫৪২), ধুবুৰী জিলাৰ সাতশিয়া ফিৰদৌছ আলী (৫৬০) আৰু চান্দিপাৰাৰ মাছুদ আহমেদ (৫২৫) কে ধৰি বহু শিক্ষাৰ্থীয়ে ৬০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সম্ভাৱনা উজ্জ্বল কৰিছে।।
আজমল ছুপাৰ ৪০ৰ সফল শিক্ষাৰ্থীসকল
আনহাতে, আজমল ছুপাৰ ৪০ৰ সফল শিক্ষাৰ্থীসকলৰ ভিতৰত আছে অভিৰোহণ প্ৰিয়মে ৭২০ নম্বৰৰ ভিতৰত ৬৬০ নম্বৰ লাভ কৰি আজমল চুপাৰ ৪০ ৰ ভিতৰত শীৰ্ষস্থান আৰু সৰ্বভাৰতীয় ৮৭৬ ৰেংক পাবলৈ সক্ষম হৈছে। আজমল চুপাৰ ৪০ ৰ সফল হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে- আৰিয়ান হুছেইন (৬৫৭), মোজতবা এ নামুন (৬৫৩), জাভেদ আখতাৰ (৬৫২), হামিফা আহমেদ (৬৫৩), সুজেন কুমাৰ ৰয় (৬৩৭), এছকে ছাহিল তানৱীৰ (৬৩৬), আৰিফ এ হুছেইন (৬২৮), জাইনুৰ আলী (৬২৬), ছাহানী টি আনছাৰী (৬২৬), নিছাত তাছনীম (৬২৫), হানিফ মহম্মদ লস্কৰ (৬২৪), নিয়াজ এ ৰহমান (৬২৩), চইফ এ বৰভূঞা (৬২১), মহম্মদ আলাৰিপ ইছলাম (৬১৯), আহমেদ এইচ আলামীন (৬১৭), তন্ময় দাস (৬১৬), ছাহিল আহমেদ (৬১৩), মৰিয়াম বেগম (৬১৩), হবিব মোল্লা (৬০৮), বেগম এন ৰহমান (৬০৭), ইমৰান হুছেইন (৬০৬), আছিক মণ্ডল (৬০৬), আবু হান্নান শ্বেইখ (৬০৪), ছাহিমুৰ হক (৬০১), আবু এমডি মহম্মদ (৬০০) আৰু তাহমীনা চৌধুৰী (৬০০)।
দেশজুৰি এইবাৰৰ নীটৰ প্ৰতিযোগিতা অত্যন্ত কঠিন আছিল। ৭০০ৰ অধিক নম্বৰ লাভ কৰিছে মাত্ৰ ১৯ জনে, ৬৯০ৰ অধিক নম্বৰ লাভ কৰিছে ১৩৮ জনে, ৬৫০ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে ১,৪৯২ জনে, ৬০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে ১০,১৬০ জনে আৰু ৫০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে ৯০,৭৮০ জন শিক্ষাৰ্থীয়ে। এনে কঠোৰ প্ৰতিযোগিতাৰ মাজত অসমৰ পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সফলতা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।
অসমৰ বহু সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়াও উন্নত বিজ্ঞান শিক্ষাৰ পৰিকাঠামো, আধুনিক লেবৰেট'ৰি, অভিজ্ঞ শিক্ষক আৰু ব্যয়বহুল কোচিংৰ সুবিধা সীমিত। এনে ক্ষেত্ৰত বহু মেধাৱী শিক্ষাৰ্থীয়ে আৰ্থিক অসুবিধাৰ বাবে উচ্চশিক্ষাৰ সপোন ত্যাগ কৰিবলগীয়া হয়। কিন্তু চৰকাৰী বিদ্যালয়, সামাজিক শিক্ষামূলক উদ্যোগ, বৃত্তি আৰু বিনামূলীয়া কোচিংৰ সহায়ত বহু শিক্ষাৰ্থীয়ে এতিয়া এই বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
ইফালে, এনটিএৰ তথ্য অনুসৰি যোৱা ২১ জুনত দেশ-বিদেশৰ ৫,৫৪০টা কেন্দ্ৰত ১৩টা ভাষাত অনুষ্ঠিত হৈছিল নীট-ইউজি ২০২৬। প্ৰায় ২০ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফলত পুনৰবাৰ ছোৱালীয়ে উত্তীৰ্ণৰ হাৰত ল'ৰাক অতিক্ৰম কৰিছে। মুঠ যোগ্য শিক্ষাৰ্থীৰ ৫৮ শতাংশতকৈ অধিক ছাত্ৰী।
অসমৰ এই সফলতাই দেখুৱাইছে যে, প্ৰতিভা কোনো অঞ্চল, সম্প্ৰদায় বা আৰ্থিক অৱস্থাৰ মাজত সীমাবদ্ধ নহয়। পিছপৰা অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক যদি মানসম্পন্ন শিক্ষা, সঠিক দিশ-নিৰ্দেশনা আৰু সমান সুযোগ প্ৰদান কৰা যায়, তেন্তে তেওঁলোকেও ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিব পাৰে। এইবাৰৰ নীট ফলাফলে সেই সত্যক পুনৰ এবাৰ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলে।