আঁঠুৰ সফল অস্ত্ৰোপচাৰৰ পিছত শক্তিশালীভাৱে ৰিঙলৈ উভতাৰ প্ৰস্তুতি নিখাত জৰিনৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
নিখাত জৰিন
নিখাত জৰিন
 
আৱাজ দ্য ভইচ/নতুন দিল্লী
 
ভাৰতৰ তাৰকা বক্সাৰ তথা দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে আঁঠুৰ সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীসকলৰ সৈতে নিজৰ স্বাস্থ্য সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিছে। যোৱা কেইবামাহ ধৰি আঁঠুৰ তীব্ৰ বিষত ভুগি থকা নিখাতে অৱশেষত সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ কথা জানিবলৈ দিয়ে। এতিয়া তেওঁৰ সম্পূৰ্ণ মনোযোগ আৰোগ্য লাভৰ দিশত, আৰু তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰিছে যে, আগতকৈও অধিক শক্তিশালীভাৱে পুনৰ ৰিঙলৈ উভতি আহিব।
 
নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি নিখাতে লিখে যে, জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহে তেওঁক কেতিয়াও স্তব্ধ কৰি ৰাখিব নোৱাৰে। তেওঁ কয়, বিগত কেইটামান মাহ তেওঁৰ বাবে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে অত্যন্ত কঠিন আছিল, কিন্তু এতিয়া তেওঁৰ নতুন যাত্ৰাৰ আৰম্ভণি হৈছে।
‘ই শেষ নহয়, কেৱল মাত্ৰ এটি সৰু বিৰতি’
 
নিখাতে তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টত লিখিছে, "জীৱনে মোৰ সন্মুখত এটা কঠিন প্ৰত্যাহ্বান লৈ আহিছে। কিন্তু মই আৰু অধিক শক্তিশালী হৈ  উভতিো অহাৰ সিদ্ধান্ত লৈছো। যোৱা কেইমাহমানৰ পৰা মই আঁঠুৰ বিষত ভুগি যুঁজি আছিলোঁ, যাৰ ফলত শেষত অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ল। এতিয়া মোৰ আৰোগ্য লাভৰ যাত্ৰা আৰম্ভ হৈছে। ধৈৰ্য্য, বিশ্বাস আৰু দৃঢ়তাৰে এটাৰ পিছত এটাকৈ খোজ আগুৱাই যাম। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, আল্লাহে মোৰ বাবে আৰু ভাল কিবা এটা প্ৰস্তুত কৰি ৰাখিছে। ‘ই শেষ নহয়, কেৱল মাত্ৰ এটি সৰু বিৰতি’। মই অতি সোনকালে আগৰ তুলনাত শক্তিশালী হৈ উভতি আহিম।"
 
নিখাতৰ এই বাৰ্তাই ক্ৰীড়া জগত আৰু তেওঁৰ অনুৰাগীসকলৰ বাবে অতিশয় প্ৰেৰণাদায়ক আছিল। সামাজিক মাধ্যমত হাজাৰ হাজাৰ লোকে তেওঁৰ আশু আৰোগ্য আৰু সফল প্ৰত্যাৱৰ্তনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।
 
চিকিৎসক আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে
 
নিজৰ পোষ্টত নিখাতে কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দিনশ্বা পৰ্দীৱালা আৰু তেওঁৰ সমগ্ৰ চিকিৎসক দলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয়, চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে তেওঁক উৎকৃষ্ট চিকিৎসা আৰু যত্ন আগবঢ়াইছে। লগতে চিকিৎসা আৰু আৰোগ্য লাভৰ সমগ্ৰ প্ৰক্ৰিয়াত সহযোগিতা কৰাৰ বাবে ৰিলায়েন্স ফাউণ্ডেচন স্প’ৰ্টছকো কৃতজ্ঞতা প্ৰকাশ কৰে। 
 
ৰাষ্ট্ৰীয় ট্ৰায়েলত অপ্রত্যাশিত পৰাজয়
 
২০২৬ বৰ্ষটো এতিয়ালৈকে নিখাত জৰীনৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰিছে। মে’ মাহত পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বাছনি পৰীক্ষাত অপ্রত্যাশিতভাৱে পৰাজয়ৰ সন্মুখীন হৈছিল। মহিলাৰ ৫১ কেজি শাখাৰ ছেমি ফাইনেলত সাক্ষী চৌধাৰীয়ে তেওঁক ৪-১ গ’লত পৰাস্ত কৰে। এই পৰাজয়ৰ ফলত নিখাতে ২০২৬ চনৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবে ভাৰতীয় দলৰ স্থান হেৰুৱাইছিল। এইটো তেওঁৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ বিপৰ্যয় বুলি গণ্য কৰা হৈছিল।
 
নিখাত জৰিন
 
সাক্ষী চৌধুৰীৰ খিতাপ জয়
 
নিখাতক পৰাস্ত কৰাৰ পিছত সাক্ষী চৌধুৰীয়ে ফাইনেলত বৰ্তমানৰ ৪৮ কিলোগ্ৰাম বিশ্ব চেম্পিয়ন মীনাক্ষী হুড্ডাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৫১ কিলোগ্ৰাম শাখাৰ ৰাষ্ট্ৰীয় খিতাপ দখল কৰে। 
 
উল্লেখযোগ্য যে, মীনাক্ষীয়ে ছেমিফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন আৰু ২০২২ কমনৱেলথ গেমছৰ সোণৰ পদক বিজয়ী নীতু ঘাঘাছক পৰাস্ত কৰিছিল। যদিও মীনাক্ষীৰ মূল শাখা ৪৮ কিলোগ্ৰাম, এই শাখাটো এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ অন্তৰ্ভুক্ত নহয়। সেইবাবেই তেওঁ ৫১ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 
 
সাফল্যৰে ভৰা নিখাতৰ কেৰিয়াৰ
 
ভাৰতীয় মহিলা বক্সাৰসকলৰ ভিতৰত অন্যতম সফল খেলুৱৈ নিখাত জাৰিনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশলৈ একাধিক সাফল্য কঢ়িয়াই আনিছে। তেওঁৰ উল্লেখযোগ্য সাফল্যসমূহ ক্ৰমে-- দুবাৰৰ বিশ্ব বক্সিং চেম্পিয়ন হোৱাৰ গৌৰৱ, ২০২২ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত একাধিক স্বৰ্ণ আৰু অন্যান্য পদক লাভ, ভাৰতীয় মহিলা বক্সিঙৰ বাবে এক নতুন পৰিচয় প্ৰতিষ্ঠা কৰা আদি।
 
তেওঁৰ আক্ৰমণাত্মক খেলশৈলী, দ্ৰুত ফুটৱৰ্ক আৰু কাৰিকৰী দক্ষতাৰ বাবে নিখাত দীৰ্ঘদিন ধৰি ভাৰতীয় বক্সিঙৰ অন্যতম নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে বিবেচিত হৈ আহিছে।
 
এতিয়া সম্পূৰ্ণ গুৰুত্ব আৰোগ্য লাভত
 
ক্ৰীড়া বিশেষজ্ঞসকলৰ মতে, আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত যিকোনো বক্সাৰৰ বাবে ততাতৈয়াকৈ খেললৈ উভতি অহাটো উচিত নহয়। সেয়েহে নিখাতে এতিয়া সম্পূৰ্ণ সুস্থতা লাভ, পুনৰ্বাসন (Rehabilitation) আৰু ফিজিঅ'থেৰাপীৰ ওপৰত বিশেষ গুৰুত্ব দিব। চিকিৎসক দলৰ তত্বাৱধানত পৰ্যায়ক্ৰমে তেওঁৰ আৰোগ্য প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব, যাতে ভৱিষ্যতে একে ধৰণৰ আঘাত পুনৰ নঘটে।
 
 
অনুৰাগীয়ে উভতি অহাৰ বাবে অপেক্ষা কৰি আছে
 
নিখাত জৰিনৰ সংগ্ৰাম আৰু ইতিবাচক মনোভাৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে, কঠিনতকৈ কঠিন পৰিস্থিতিতো অভিজাত খেলুৱৈসকলে কেতিয়াও হাৰ নামানে। ৰাষ্ট্ৰীয় পৰ্যায়ত পৰাস্ত হোৱা আৰু অস্ত্ৰোপচাৰ কৰাৰ দৰে প্ৰত্যাহ্বানৰ মাজতো তেওঁৰ আত্মবিশ্বাস অক্ষত আছে। 
 
ভাৰতীয় বক্সিং অনুৰাগীসকলে আশা কৰিছে যে নিখাতে অতি সোনকালে পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰি ৰিঙলৈ ঘূৰি আহিব, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুনৰ দেশৰ হৈ পদক লাভ কৰিব। তেওঁৰ বাৰ্তাই এইটোও প্ৰমাণ কৰে যে, ক্ৰীড়াত সফলতা কেৱল জয়ৰ দ্বাৰা নহয়, বৰঞ্চ কঠিন সময়ত ধৈৰ্য্য, বিশ্বাস আৰু দৃঢ়তাৰ দ্বাৰাহে লাভ কৰা হয়।