ছুন্নতৰ অভ্যাস: সৰু সৰু কৰ্মই আনিব পাৰে জীৱনলৈ ডাঙৰ পৰিৱৰ্তন

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ইমান ছাকিনা
 
আধুনিক জীৱন দ্ৰুতগতিত আগবাঢ়িছে। দিনটোৰ আৰম্ভণি বহুতে ছ'চিয়েল মিডিয়াৰ ন'টিফিকেশ্যনৰ সৈতে কৰে, লৰালৰিকৈ আহাৰ গ্ৰহণ কৰে, নিশা দেৰিলৈ উজাগৰে থাকে আৰু প্ৰায়ে নানা বিভ্ৰান্তিৰ মাজত সময় কটায়। এনে ব্যস্ত জীৱনৰ মাজতে আমি প্ৰায়ে পাহৰি যাওঁ যে, মহানবী হজৰত মহম্মদ (ছাঃ)এ বহু আগতেই এক সুষম, শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ জীৱন-ধাৰণৰ পদ্ধতিৰ শিক্ষা দি গৈছে।
 
 
Friday Musings
 
 
ছুন্নত কেৱল নামাজ, ৰোজা বা ইবাদতৰ মাজতেই সীমাবদ্ধ নহয়,  দৈনন্দিন জীৱনৰ সৰু-সৰু অভ্যাসসমূহো ছুন্নতৰ অন্তৰ্গত হয়। এই অভ্যাসসমূহে আমাৰ স্বাস্থ্য, চৰিত্ৰ আৰু আল্লাহৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলে।
 
অনেকে ভাবে যে, ছুন্নত মানেই কেৱল কিছু ঐচ্ছিক ইবাদত। কিন্তু বাস্তৱত নবীজীয়ে দেখুৱাই দিছিল যে, ঈমান জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিফলিত হ'ব লাগে। তেওঁ অত্যাধিকতাৰ সলনি সংযম, অধিকাৰবোধৰ সলনি কৃতজ্ঞতা, বিলাসিতাৰ সলনি সৰলতা আৰু স্বাৰ্থপৰতাৰ সলনি দয়া আৰু সহানুভূতিৰ শিক্ষা দিছিল।
 
তেওঁৰ প্ৰতিটো দৈনন্দিন অভ্যাসৰ আঁৰত গভীৰ তাৎপৰ্য অন্তৰ্নিহিত হৈ আছিল। সেইবোৰে শৃংখলা গঢ়ি তুলিছিল, শাৰীৰিক স্বাস্থ্য সুৰক্ষিত কৰিছিল, পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিছিল আৰু দিনটোৰ প্ৰতিটো মুহূৰ্তত আল্লাহক স্মৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
সময়ৰ লগে লগে এনে বহু ছুন্নত আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে। এইবোৰ পৰিত্যাগ কৰা হোৱা নাই যদিও আধুনিক সুবিধা আৰু নতুন জীৱনশৈলীয়ে ধীৰে ধীৰে সেইবোৰৰ স্থান দখল কৰিছে। এই ছুন্নতসমূহ পুনৰ জীৱন্ত কৰি তোলাৰ অৰ্থ অতীতলৈ উভতি যোৱা নহয়; বৰঞ্চ বৰকত, শৃংখলা আৰু অন্তৰৰ শান্তিৰে ভৰা এক জীৱনশৈলীলৈ ঘূৰি অহা।
 
আল্লাহ তাআলাই কোৰাণত উল্লেখ কৰিছে, "নিশ্চয়েই আল্লাহৰ ৰাছূলৰ মাজত তোমালোকৰ বাবে উত্তম আদৰ্শ আছে।" (ছুৰা আল-আহযাব, ৩৩:২১)
 
মিছৱাকৰ ব্যৱহাৰ
 
অতি সহজ কিন্তু গুৰুত্বপূৰ্ণ এটা ছুন্নত হৈছে মিছৱাক ব্যৱহাৰ কৰা। মহানবী (ছাঃ) পৰিষ্কাৰ-পৰিচ্ছন্নতাক অত্যন্ত গুৰুত্ব দিছিল আৰু মুখৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ উৎসাহিত কৰিছিল। তেওঁ কৈছিল, যদি উম্মতৰ ওপৰত কষ্ট নহ'লহেঁতেন, তেন্তে প্ৰতিটো নামাজৰ আগতে মিছৱাক ব্যৱহাৰ কৰিবলৈ আদেশ দিলেহেঁতেন।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আজিৰ যুগত মানুহে দাঁতৰ যত্নৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু মিছৱাক কেৱল মুখ পৰিষ্কাৰ কৰাৰ উপায়েই নহয়; ই এক সাধাৰণ অভ্যাসকো ইবাদতলৈ ৰূপান্তৰিত কৰে।

সোনকালে শোৱা
 
বৰ্তমান সময়ত বহুতে দোভাগ নিশালৈ মোবাইল চলায়, ভিডিঅ' চায় বা আড্ডা মাৰে। কিন্তু মহানবী (ছাঃ)এ অপ্রয়োজনীয়ভাৱে ৰাতি দেৰি লৈ উজাগৰি থকাটো পছন্দ  কৰা নাছিল। তেওঁ সোনকালে শুই সোনকালে উঠিবলৈ উৎসাহ দিছিল। কিয়নো এই অভ্যাসে ফজৰৰ নামাজ সময়মতে আদায় কৰাত সহায় কৰে, শৰীৰক যথেষ্ট বিশ্ৰাম দিয়ে আৰু গোটেই দিনটো অধিক সুশৃংখল কৰি তোলে।
 
আল্লাহ তাআলাই কৈছে, “আমি তোমালোকৰ নিদ্ৰাক বিশ্ৰামৰ মাধ্যম হিচাপে সৃষ্টি কৰিছোঁ।" (ছুৰা আন-নাবা, ৭৮:৯)। সোনকালে  শোৱাটো এটা সৰু পৰিৱৰ্তন, কিন্তু ইয়াৰ দ্বাৰা উপাসনা আৰু মংগল দুয়োটাৰে উন্নতি হ’ব পাৰে।
 
সংযমেৰে আহাৰ গ্ৰহণ
 
বৰ্তমানৰ যুগত অত্যাধিক খোৱাটো যেন সাধাৰণ অভ্যাস হৈ পৰিছে। বৃহৎ পৰিমাণৰ আহাৰ আৰু বাৰে বাৰে জলপান কৰাৰ সংস্কৃতিয়ে মানুহক অতিভোজনৰ অভ্যাসলৈ লৈ গৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
মহানবী (ছাঃ) এ সংযমৰ শিক্ষা দিছিল। তেওঁ কৈছিল, মানুহে নিজৰ পেটতকৈ বেয়াকৈ কোনো পাত্ৰ ভৰোৱা নাই। তেওঁ পৰামৰ্শ দিছিল পেটৰ এক-তৃতীয়াংশ খাদ্যৰ বাবে, এক-তৃতীয়াংশ পানীৰ বাবে আৰু বাকী এক-তৃতীয়াংশ শ্বাস-প্ৰশ্বাসৰ বাবে খালী ৰাখিবলৈ।
 
সংযম মানে অনাহাৰে থকা নহয়; ইয়াৰ অৰ্থ হৈছে নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰা, অপচয় এৰাই চলা আৰু খাদ্যক আল্লাহৰ নিয়ামত হিচাপে মূল্য দিয়া।

প্ৰতিটো কাম ‘বিছমিল্লাহ’ৰে আৰম্ভ কৰা
 
মহানবী (ছাঃ) এ প্ৰতিটো ভাল কাম “বিছমিল্লাহ” কৈ আৰম্ভ কৰিবলৈ শিক্ষা দিছিল। আহাৰ গ্ৰহণ, ঘৰৰ পৰা ওলোৱা, কাম আৰম্ভ কৰা। সকলো ক্ষেত্ৰতে আল্লাহৰ নাম উচ্চাৰণ কৰিলে মানুহে স্মৰণ কৰে যে, সফলতা কেৱল আল্লাহৰ পক্ষৰ পৰাই আহে। এই সৰু অভ্যাসে দৈনন্দিন কামবোৰকো ইবাদতৰ অংশ কৰি তোলে।
 
কৃতজ্ঞতা আৰু হাঁহি
 
ছুন্নতে আমাক আহাৰ গ্ৰহণৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ, আনৰ সৈতে হাঁহিমুখে কথা পাতিবলৈ আৰু ভাল কথা ক'বলৈ শিক্ষা দিয়ে। মহানবী (ছাঃ) এ কৈছিল, "হাঁহিটো দান-বৰঙণি, আৰু এজন মুমিনে ভাল কথা ক’ব লাগে বা মনে মনে থাকিব লাগে। এই সৰু সৰু অভ্যাসবোৰে মানুহৰ হৃদয় কোমল কৰে আৰু পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত কৰি তোলে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই ছুন্নতসমূহ কিয় গুৰুত্বপূৰ্ণ?
 
পাহৰিবলৈ ধৰা ছুন্নতসমূহ পুনৰ পুনৰুজ্জীৱিত কৰাৰ অৰ্থ অন্ধভাৱে কিছুমান আচৰণ অনুকৰণ কৰা নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে মহানবী (ছাঃ)-ৰ আদৰ্শক দৈনন্দিন জীৱনত বাস্তৱায়িত কৰা।
 
টুথব্ৰাছৰ কাষত এটা মিছৱাক, নিশা অলপ সোনকালে শুই যোৱা, সংযমেৰে আহাৰ গ্ৰহণ কৰা, আন্তৰিক হাঁহি আৰু প্ৰতিটো কামৰ আৰম্ভণিতে “বিছমিল্লাহ” উচ্চাৰণ কৰা আদি সৰু সৰু অভ্যাসবোৰেই মানুহক আল্লাহৰ অধিক ওচৰলৈ লৈ যাব পাৰে আৰু জীৱনলৈ শান্তি, বৰকত আৰু শৃংখলা কঢ়িয়াই আনিব পাৰে।